কল্পবিজ্ঞান সাহিত্য আৰু বিজ্ঞানৰ আৱিষ্কাৰ

সাম্প্ৰতিক সময়ত সাহিত্যৰ এক জনপ্ৰিয় ধাৰা হৈছে ” কল্পবিজ্ঞান সাহিত্য “৷ বিজ্ঞান আৰু কল্পনাৰে ভৰা এই সাহিত্যই শিশু, কিশোৰ-কিশোৰী, যুৱ প্ৰজন্মৰ লগতে জ্যেষ্ঠজনৰো মনত যথেষ্ট সমাদৰ লাভ কৰিছে৷ কল্পবিজ্ঞান হৈছে সাহিত্যৰ এনে এটি ধাৰা য’ত কাহিনী এটাৰ মূল ভেটি বিজ্ঞানৰ সূত্ৰ বা বৈজ্ঞানিক চিন্তাধাৰাৰ ওপৰত প্ৰতিষ্ঠিত ৷ এনে কাহিনীত বৰ্তমানলৈকে নঘটা কাহিনী এটা বিজ্ঞানক ভেটিContinue reading “কল্পবিজ্ঞান সাহিত্য আৰু বিজ্ঞানৰ আৱিষ্কাৰ”

অনুভৱৰ কিছু কাব্যিকতা

১//##প্ৰতিগৰাকী নাৰীৰ বুকুত বাস কৰে এখন ঘৰ## প্ৰতিগৰাকী নাৰীৰ বুকুত বাস কৰে এখন ঘৰ ,সংগোপনে প্ৰতিপাল কৰে এখন ঘৰ ৷শৈশৱত খেলা ৰজা-ৰাণীৰ ঘৰ-ঘৰ খেল,সপোনৰ বৰঘৰত যেন সেয়া আখৰাৰ মেল ৷মইনাই কয়, ঘৰটো তই সাজিলি, নে মই ?উহো তই সাজিলেও মই সজাইছোএইটো তোৰ মোৰ নহয় আমাৰ ঘৰ৷ যৌৱন পাই ঘৰটো ডাঙৰ হ’লবুকুৰ মাজৰ পঁজাটো সপোনৰ কাৰেংContinue reading “অনুভৱৰ কিছু কাব্যিকতা”

মোৰ অনুভৱৰ কবিতা

কবিতা লিখাৰ অভ্যাস তেনেই কম, কিমানদূৰ কাব্যিক হৈছে সেয়া পাঠকৰ হাতত ৷ মোৰ অনুভৱত যি আহে তাৰেই দুটি কবিতা ইয়াত সান্নিবিষ্ট কৰি ৰাখিলো৷ এক# নৈৰ পৰা সাগৰলৈ কিমান গভীৰ হ’লে হৃদয়খন সাগৰ কৰিব পাৰিকিমান বিশ্বাস হ’লে হাজাৰ চুনামিত শান্ত হৈ ৰ’ব পাৰি! বুকুৰ পাৰত ৰৈ আছো দুহাত দিগন্ত প্ৰসাৰিলোৱা, লোৱা মোক এবাৰ তোমাতে সামৰি ৷শান্তContinue reading “মোৰ অনুভৱৰ কবিতা”

পৰম্পৰাগত খাদ্য হিচাপে পোক পৰুৱা আৰু সোনোৱাল কছাৰী সমাজ

আজিৰপৰা প্ৰায় সাত-আঠ বছৰৰ আগত কোনোবা এখন পেপাৰত পঢ়িবলৈ পাইছিলো যে ৰাষ্ট্ৰসংঘৰ WHO ৰ অধীনৰ কোনোবা এগৰাকী সচিবে কৈছিল যে পৃথিৱীত থকা বেছিভাগ পোক-পৰুৱা, পতংগই খাদ্যৰ উপযোগী আৰু উচ্চ প্ৰটিন সমৃদ্ধ ৷যদিহে ইহঁতক খাদ্য হিচাপে গ্ৰহণ কৰে তেন্তে প্ৰায় দুই বিলিয়ন মানুহ অনাহাৰ তথা অপুষ্টিত ভোগাৰ পৰা ৰক্ষা পৰিব৷ তদুপৰি পোক-পতংগৰ প্ৰজনন ক্ষমতা অধিক তথাContinue reading “পৰম্পৰাগত খাদ্য হিচাপে পোক পৰুৱা আৰু সোনোৱাল কছাৰী সমাজ”

আকাশৰ ধনুবোৰ

আমি বাস কৰা এই বিনন্দীয়া পৃথিৱীখনত কিমান যে বিস্ময়কৰ ঘটনা ঘটি থাকে ৷ প্ৰকৃতিয়ে ঘটোৱা এই ঘটনাবোৰৰ কিছুমান ভয়ংকৰ, কিছুমান ৰহস্যময়, কিছুমান মোহনীয় তথা আশ্চৰ্যজনকভাৱে দৃষ্টিনন্দন ৷I পৃথিৱীৰ এই সীমাহীন আকাশখনৰ কথাই ধৰক, কিমান যে ডাৱৰৰ লুকাভাকু, ৰ’দ বৰষুণৰ খেলা, অপাৰ নীল সমুদ্ৰহেন আকাশৰ ৰং, কেতিয়াবা আকৌ সেন্দূৰীয়া, কেতিয়াবা হালধীয়া, কত’ যে খেলা আকাশৰ বুকুতContinue reading “আকাশৰ ধনুবোৰ”

পৃথিৱীৰ কেইটামান আচৰিত আৰু মনোমোহা প্ৰব্ৰজন

আমি সকলোৱেই প্ৰব্ৰজনৰ বিষয়ে জানো ৷ খাদ্য, বাসস্থান আদিৰ বাবে হোৱা এই প্ৰব্ৰজনে কেতিয়াবা সমস্যাও সৃষ্টি কৰে৷ মানুহৰ অবৈধ প্ৰব্ৰজনে এখন দেশৰ জনগাঁথনি পৰ্য্যন্ত সলনি কৰিব পাৰে ৷ জীৱ-জন্তু, চৰাই-চিৰিকটিৰ প্ৰব্ৰজনৰ কথাও আমি পায়েই আছো ৷ কিন্তু এইবোৰ বাদ দিও কিছুমান অতি মনোমোহা তথা আচৰিত প্ৰব্ৰজনৰ বিষয়ে জনাব খুজিছো যিবোৰ প্ৰাণী বা জীৱই প্ৰব্ৰজন কৰিবContinue reading “পৃথিৱীৰ কেইটামান আচৰিত আৰু মনোমোহা প্ৰব্ৰজন”

জামতাৰা

জামতাৰাঃ কি ? ক’ত? কিয় বিখ্যাত? ঝাৰখণ্ড প্ৰদেশৰ এখন সৰু জিলাৰ সৰু চহৰ হৈছে জামতাৰা ৷ জিলাখনৰ মাটিকালি হ’ল ১,৮১১বৰ্গ কি.মি.৷ ইয়াৰ জনসংখ্যা ৭,৯১,০৪২ জন ৷জিলাখনত প্ৰচলিত ভাষাসমূহ হ’ল – হিন্দী, বেংগলী আৰু চাঁওতালী(santali)৷ ডুমকা (Dumka) জিলাৰ পৰা পৃথক কৰি ইয়াক নতুন জিলা হিচাপে স্বীকৃতি দিয়া হয় ৷ পশ্চিমবংগ সীমান্তৰ পৰা ইয়াৰ দূৰত্ব তেনেই কমContinue reading “জামতাৰা”

নিৰৱতাৰ স্তম্ভ

দুবছৰমান আগত মুম্বাইত ফুৰিবলৈ যাওঁতে বাছখনৰ গাইড ল’ৰাজনে নিৰৱিছিন্নভাৱে বাছৰ গতিৰ সৈতে বৰ্ণনা কৰি যাওঁতে এঠাইত এখন ডাঙৰ পাৰ্কৰ মুখৰ আগেদি যাওঁতে কৈ গৈছিল যে পাৰ্কখনত পাৰ্চী লোকৰ মৃতদেহবোৰ ওখ খুটাত বান্ধি থয় শগুন , চিলনী আদিয়ে খাবলৈ৷ যদিও পাৰ্ক বুলি কৈছিল এইখন পাৰ্কতকৈ বহুত ডাঙৰ আছিল আৰু চহৰৰপৰা একাষৰীয়াকৈ আছিল ৷ এই কথাখিনি এইবাবেইContinue reading “নিৰৱতাৰ স্তম্ভ”

বিজ্ঞান সম্বন্ধীয়

তাৰকাৰাজ্যৰ কথা স্বৰ্গৰ অধিপতি দেৱৰাজ ইন্দ্ৰ ৷ ইন্দ্ৰৰ বাহন বিখ্যাত হস্তী ঐৰাৱত৷ এই ঐৰাৱতৰ পিঠিত উঠিয়েই ইন্দ্ৰই সসাগৰা পৃথিৱী ভ্ৰমি ফুৰে ৷ যিফালেই যায় গোটেই পথ পোহৰাই যায় ৷ অহা যোৱা কৰি কৰি যি বাটৰ সৃষ্টি হ’ল , সেয়াই হাতীপটি ৷ আইতা -ককাৰ মুখৰ এই হাতীপটিৰ কাহিনীয়ে শিশুসকলক বিস্মিত কৰি তোলাৰ লগতে আকাশৰ ৰহস্যৰ প্ৰতিContinue reading “বিজ্ঞান সম্বন্ধীয়”

সোণোৱাল কছাৰী কৃষ্টি-সংস্কৃতি ৰক্ষাত যুৱ প্ৰজন্মৰ ভূমিকা

অতীজৰেপৰা সোণোৱালসকল কৃষ্টি-সংস্কৃতি, লোক-কলা , লোকশিল্প, ঐতিহ্য, ভাষা-সাহিত্যৰপৰা ঐশ্বৰ্যশালী জনগোষ্ঠী হিচাপে নিজৰ পৰিচয় দি আহিছে৷ কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগেই যেন এই ঐতিহ্য, সংস্কৃতি, কৃষ্টি, পৰম্পৰা ম্লান পৰি আহিছে৷ আগৰ দিনৰ জ্যেষ্ঠসকলে যিদৰে পৰম্পৰা, সংস্কৃতি মানি চলিছিল , নতুনচামৰ মাজত সেয়া পৰিলক্ষিত হোৱা নাই ৷ আগৰ জ্যেষ্ঠসকলে যেনেদৰে নিজৰ বংশ, খেল, পৰিয়াল আদিৰ পৰিচয় দিContinue reading “সোণোৱাল কছাৰী কৃষ্টি-সংস্কৃতি ৰক্ষাত যুৱ প্ৰজন্মৰ ভূমিকা”