কল্পবিজ্ঞান সাহিত্য আৰু বিজ্ঞানৰ আৱিষ্কাৰ

সাম্প্ৰতিক সময়ত সাহিত্যৰ এক জনপ্ৰিয় ধাৰা হৈছে ” কল্পবিজ্ঞান সাহিত্য “৷ বিজ্ঞান আৰু কল্পনাৰে ভৰা এই সাহিত্যই শিশু, কিশোৰ-কিশোৰী, যুৱ প্ৰজন্মৰ লগতে জ্যেষ্ঠজনৰো মনত যথেষ্ট সমাদৰ লাভ কৰিছে৷ কল্পবিজ্ঞান হৈছে সাহিত্যৰ এনে এটি ধাৰা য’ত কাহিনী এটাৰ মূল ভেটি বিজ্ঞানৰ সূত্ৰ বা বৈজ্ঞানিক চিন্তাধাৰাৰ ওপৰত প্ৰতিষ্ঠিত ৷ এনে কাহিনীত বৰ্তমানলৈকে নঘটা কাহিনী এটা বিজ্ঞানক ভেটি হিচাপে লৈ লিখা হয়৷ ইয়াত বিজ্ঞানৰ পৰা আৰম্ভ কৰি কল্পনাৰ ৰহণ সানি এক বৈজ্ঞানিক যুক্তিৰে আচৰিত কিছুমান ঘটনাক সঁচাৰ দৰে উপস্থাপন কৰা হয় ৷ “এনচাইক্ল’পেডিয়া ব্ৰিটেনিকা”ৰ মতে কল্পবিজ্ঞান হৈছে সমাজ বা ব্যক্তিৰ ওপৰত প্ৰকৃত নাইবা পৰিকল্পিত বিজ্ঞানৰ প্ৰভাৱক উপজীব্য হিচাপে লৈ সৃষ্টি কৰা কাহিনী নাইবা বেছি সাধাৰণভাৱে ক’বলৈ গ’লে অপৰিহাৰ্য দিশ নিৰ্ণায়ক উপাদান হিচাপে বিজ্ঞানক ভিত্তি কৰি সৃষ্টি কৰা কিছু কাহিনীৰ সমষ্টি ৷ আচৰিত কথাটো হ’ল যে এনে কাহিনীৰ কিছুমান ঘটনা বা যন্ত্ৰ নাইবা পৰিস্থিতি পিছৰ সময়ত আৱিষ্কাৰ কৰে বা সন্মুখীন হয় আৰু সত্য প্ৰতিপন্ন কৰে৷

খ্ৰীষ্টীয় দ্বিতীয় শতিকাতে গ্ৰীক সাহিত্যিক লুচিয়ানে “ট্ৰু হিষ্টৰী” নামৰ গ্ৰন্থত চন্দ্ৰলৈ মানৱ যাত্ৰা কৰাৰ কাহিনী লিখিছিল৷ সেই সময়ত কিন্তু মহাকাশ অভিযানৰ কোনো আৰম্ভণিয়েই হোৱা নাছিল৷ যদিও কাহিনীটোত কোনো ধৰণৰ বিজ্ঞানৰ আৱিষ্কাৰৰ কথা নাছিল, কিন্তু তেওঁকেই কল্পবিজ্ঞান সাহিত্যৰ বাটকটীয়া বুলি ক’ব পাৰি৷ সময়ৰ লগে লগে কল্পবিজ্ঞান সাহিত্যই অধিক বিস্তৃতি লাভ কৰিছে ৷ কল্পবিজ্ঞান কাহিনীত বৰ্ণিত বহু ঘটনা বা বৈজ্ঞানিক সূত্ৰ, ৰ’বট, যান, মহাকাশযান,যন্ত্ৰ, স্মাৰ্টফোন, টেবলেটজাতীয় যন্ত্ৰ, চাবমেৰিন, অস্ত্ৰ-শস্ত্ৰ , বিভিন্ন ইলেক্ট্ৰনিক সঁজুলি আদি পিছলৈ প্ৰকৃততে আৱিষ্কাৰ হৈছিল৷ কল্পবিজ্ঞান সাহিত্যত জিন-প্ৰযুক্তিবিদ্যা, আণৱিক প্ৰযুক্তিবিদ্যা, ভৱিষ্যত বিজ্ঞান, পৰিবেশ বিজ্ঞান, কৃত্ৰিম বুদ্ধিমত্তা, ৰ’বট বিজ্ঞান, আধুনিক চিকিৎসাবিদ্যা,ইলেক্ট্ৰ’নিক্স , মহাকাশ বিজ্ঞান, ৰসায়ন বিজ্ঞান, অভিযান্ত্ৰিক বিজ্ঞান আদি বিষয়সমূহ অন্তৰ্ভুক্ত হৈছে৷ ইয়াৰ ভিতৰত মহাকাশ বিজ্ঞানৰ ওপৰত সৰ্বাধিক সাহিত্যৰ সৃষ্টি হৈছে৷ পৃথিৱীত সংঘটিত ঘটনাসমূহতকৈও মহাজাগতিক ৰহস্যময় ঘটনাসমূহৰ প্ৰতি মানুহৰ বিশেষকৈ বিজ্ঞানীসকলৰ কৌতূহল বেছি৷ সেয়েহে হয়তো মহাকাশ অভিযানৰ আৰম্ভৰ বহু বছৰ পূৰ্বেই ১৬৩৮ চনত বিচপ গডউইনে “দ্যা মেন ইন দ্যা মুন” আৰু ১৬৪০চনত বিচপ উইলকিনছে “ডিছক’ভাৰী অফ এ ৱৰ্ল্ড ইন দ্যা মুন” নামৰ গ্ৰন্থ দুখন মহাকাশৰ কল্পনাৰে সৃষ্টি কৰিছিল৷

কল্পবিজ্ঞান সাহিত্য হ’ল কিছুমান বৈজ্ঞানিক সত্য আৰু কল্পনাৰে ৰহণ বোলোৱা বিস্ময় সাহিত্য৷ ইয়াৰ চৰ্চা বহু আগৰেপৰাই অলপ অচৰপকৈ হৈ আহিছিল যদিও প্ৰকৃতাৰ্থত কল্পবিজ্ঞান সাহিত্যৰ প্ৰথম গ্ৰন্থ বুলি ইংৰাজ সাহিত্যিক মেৰী শ্যেলীয়ে লিখা “ফ্ৰাংকেনষ্টাইন” নামৰ গ্ৰন্থখনকেই কোৱা হয় ৷ তেওঁৰ আন এখন জনপ্ৰিয় কল্পবিজ্ঞান গ্ৰন্থ হৈছে “দ্যা লাষ্ট মেন” ৷ কল্পবিজ্ঞান সাহিত্যলৈ অৱদান আগবঢ়োৱা বিখ্যাত সাহিত্যিকৰ কেইগৰাকীমান হ’ল, এইচ.ডি.ৱেলচ্ , আৰ্থাৰ চি. ক্লাৰ্ক, লৰ্ড লিট্টন, এডগাৰ ৰাইচ বাৰোজ, জুল ভাৰ্ন, এডগাৰ এলেন পো, ৰবাৰ্ট শ্বেকলি, ফ্ৰেড হয়ল আদি৷ এইসকলৰ ভিতৰত জুল ভাৰ্নক কল্পবিজ্ঞান সাহিত্যৰ পিতৃ বুলি আখ্যা দিয়া হয়৷ তেখেতৰ গ্ৰন্থসমূহত বৰ্ণিত বহুতো যান, যন্ত্ৰ, যান্ত্ৰিক সঁজুলি, সূত্ৰ আদিৰ পিছলৈ আৱিষ্কাৰ হৈছিল৷ তেখেতৰ এখন গ্ৰন্থ ” ফ্ৰম দ্যা আৰ্থ টু দ্যা মুন”ত তেওঁ ফ্লৰিডাৰ এটা উৎক্ষেপন কেন্দ্ৰৰপৰা চন্দ্ৰলৈ ৰকেট পঠিওৱাৰ ভৱিষ্যতবাণী কৰিছিল৷ তাৰ প্ৰায় এশ বছৰৰ পাছত বিজ্ঞানীসকলে প্ৰকৃততে চন্দ্ৰলৈ ৰকেট পঠিয়াব পাৰিছিল৷ মহাকাশ উৰণত মহাকাশচাৰীয়ে অনুভৱ কৰা ওজনহীনতাৰ কথাও তেখেতে আৱিষ্কাৰ হোৱাৰ বহু বছৰ পূৰ্বেই নিজৰ গ্ৰন্থত উল্লেখ কৰি গৈছে৷ তেখেতৰ আন এখন গ্ৰন্থ ” সাগৰৰ তলিয়েদি কুৰি হাজাৰ লীগ”ত এখন অত্যাধুনিক চাবমেৰিণৰ বৰ্ণনা দি সাগৰৰ তলিয়েদি ৰহস্যময় অভিযানৰ কথা উল্লেখ কৰিছিল , যিখন বিদ্যুতৰ সহায়ত চলিছিল৷ সেই কাহিনীৰ আলম লৈয়ে বৈজ্ঞানিকসকলে বহু বছৰৰ পাছত চাবমেৰিণ আৱিষ্কাৰ কৰিছিল ৷ একেখন গ্ৰন্থতে তেওঁ “টেজাৰ” নামৰ একপ্ৰকাৰৰ বিদ্যুত নিয়ন্ত্ৰিত বন্দুকৰ কথা উল্লেখ কৰিছিল , য’ৰপৰা বৈদ্যুতিক গুলী নিক্ষেপ কৰিব পাৰি৷ তেওঁৰ কেইখনমান বিখ্যাত গ্ৰন্থ হৈছে, ” বেলুনত পাঁচ সপ্তাহ, পৃথিৱীৰ কেন্দ্ৰলৈ অভিযান, ৰহস্যময় দ্বীপ, সাগৰৰ তলিয়েদি কুৰি হাজাৰ লীগ, এখন ওপঙা চহৰ, আশী দিনত পৃথিৱীৰ চৌপাশ ভ্ৰমণ” ইত্যাদি৷ এই গ্ৰন্থসমূহত তেওঁ বৰ্তমান যুগত সম্ভৱ হোৱা বৈদ্যুতিক চাবমেৰিণ, একুৱা লাং, টেলিভিছন, ভিদিঅ’ কনফাৰেন্স, ৰকেট উৰণ, মহাকাশ ভ্ৰমণ, ডাৱৰ লিখন, ছ’লাৰ ছেইল(সৌৰচালিত ফলক) টেজাৰ, সাগৰৰ পানী আৰু মহাকাশ দুয়ো ঠাইতে অৱতৰণ কৰিব পৰা মহাকাশযান ইত্যাদিৰ ধাৰণা দি গৈছিল৷

বিখ্যাত সাহিত্যিক জনাথন চুইফটে ” গালিভাৰ ট্ৰেভেলছ” গ্ৰন্থত মংগল গ্ৰহৰ দুটা উপগ্ৰহৰ কথা উল্লেখ কৰিছিল যি দুটা পিছলৈ আৱিষ্কাৰ হৈছিল৷ ফ্ৰেড হয়লৰ “দ্যা ব্লেক ক্লাউদ” নামৰ গ্ৰন্থত মহাকাশৰ তৰাবোৰৰ মাজৰ খালী ঠাইবোৰ বিভিন্ন ৰাসায়নিক অণুৰদ্বাৰা পৰিপূৰ্ণ বুলি তথ্যসহকাৰে লিখিছিল যিটো কেৱল হাইড্ৰজেনেৰে গঠিত বুলি ভবা হৈছিল৷ পাছলৈ এই তথ্যক শুদ্ধ বুলি মানি লৈছিল৷ ১৯৪৫চনত আৰ্থাৰ দি ক্লাৰ্কে কৃত্ৰিম উপগ্ৰহৰ সহায়ত পৃথিৱীৰ বিভিন্ন অংশৰ লগত সংযোগ স্থাপনৰ বিষয়ে লিখিছিল৷ তাৰ বাৰ বছৰৰ পাছত ১৯৫৭ চনত বিজ্ঞানীসকলে প্ৰথম কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন কৰিছিল৷ জনপ্ৰিয় কল্পবিজ্ঞান সাহিত্যিক এইচ.জি.ৱেলচৰ “দ্যা ষ্টাৰ” নামৰ গ্ৰন্থত পঞ্চাশ ফুট ওখ সাগৰৰ ঢৌৱে উপকূল বুৰাই ধ্বংস কৰা কাহিনী আজিকালি সংঘটিত হোৱা ছুনামিৰ লগত ৰিজাব পাৰি৷ তদুপৰি “দ্যা টাইম মেচিন” , “দ্যা ইনভিজিব’ল মেন” আদিত বৰ্ণিত টাইম মেছিন , অদৃশ্য হ’বপৰা যন্ত্ৰ আদিৰ উদ্ভাৱনৰ প্ৰচেষ্টা বিজ্ঞানীসকলে আজিকোপতি কৰি আহিছে ৷

কল্পবিজ্ঞান সাহিত্যলৈ অৱদানৰ ক্ষেত্ৰত ভাৰতীয় সাহিত্যও পিছ পৰি ৰোৱা নাই৷ এইক্ষেত্ৰত নাম ল’ব লাগিব বিখ্যাত চলচিত্ৰ নিৰ্মাতা তথা লেখক সত্যজিত ৰায়, জয়ন্ত বিষ্ণু নাৰ্লিকাৰ, সুমিত বাসু , চামী আহমেদ খান, গকুলানন্দ মহাপাত্ৰ, ৰিমি চেটাৰ্জী , অনিল মেনন, কুমুদিনী মহাপাত্ৰ আদি ৷সত্যজিত ৰায়ে শঙ্কু নামেৰে “দ্যা এলিয়েন, দ্যা ষ্টৰী অফ স্পেচ ট্ৰেভেলাৰ এণ্ড আদাৰ ষ্টৰীজ” আদি উপন্যাস ৰচনা কৰিছিল৷ ইয়াৰে আলম লৈ আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ নিৰ্মাতা স্পিলবাৰ্গে “ই.টি.” নামৰ বৰ্হিগ্ৰহৰ প্ৰাণীৰ কাহিনীক চলচিত্ৰৰ ৰূপ দিছিল৷ ১৯৭৫ চনত জয়ন্ত বিষ্ণু নাৰ্লিকাৰে তেওঁৰ গ্ৰন্থত ধূমকেতু আৰু পৃথিৱীৰ মাজত মহাজাগতিক সংঘৰ্ষৰ কথা বৰ্ণনা কৰিছিল৷ ১৯৮০ চনত সেই একেধৰণৰ পৰিস্থিতি সংঘটিত হৈছিল৷ তেখেতৰ আন এখন গ্ৰন্থ হৈছে “দ্যা ৰিটাৰ্ণ অফ বামন” ৷ ভাৰতীয় কল্পবিজ্ঞানৰ কেইখনমান জনপ্ৰিয় গ্ৰন্থ হৈছে- ” এলিয়েনছ ইন দিল্লী”, ” জেনেৰেচন-১৪”, ” ড’মচাইল্ড”(Domechild), “দ্যা ডেভৰাৰছ্” আদি ৷

অসমীয়া সাহিত্যতো কল্পবিজ্ঞান সাহিত্যই বহু আগৰেপৰাই অৱদান আগবঢ়াই আহিছে৷ অৰুণোদয়-আবাহন যুগৰেপৰাই চেগাচোৰোকাকৈ কল্পবিজ্ঞান সাহিত্যৰ চৰ্চা চলি আহিছে৷ সেই সময়ত অম্বিকানাথ বৰাৰ “চন্দ্ৰলোকলৈ গমন” নামৰ গল্পটিত বৰটোপৰ গুলীত সোমাই বিস্ফোৰণ ঘটাই চন্দ্ৰলৈ যোৱাৰ কাহিনী বৰ্ণিত হৈছে৷ যদিও ইয়াত ইংৰাজী সাহিত্যৰ ছাঁ পৰিছে , গল্পটিত সুন্দৰভাৱে অসমৰ সৈতে খাপ খুৱাই উপস্থাপন কৰিছে৷ তেনেধৰণৰ আন কিছুমান অসমীয়া কল্পকাহিনীৰ সাহিত্য হ’ল – সৌৰভ কুমাৰ চলিহাৰ “মিনি নয়জ”, বিজয়কৃষ্ণ দেৱশৰ্মাৰ ” চন ২৪৬৬ , এক এপ্ৰিল”, চন্দ্ৰলোকত প্ৰথম মানুহ” , ” বিজ্ঞানভিত্তিক গল্পগুচ্ছ” , ড° দিনেশ চন্দ্ৰ গোস্বামীৰ “ভদ্ৰতামাপক যন্ত্ৰ”, “পৰ্টেবল স্মেল এবজৰ্বাৰ” , ” কল্পজগত”, “এজাক জোনাকীৰ জিলিকণি” ইত্যাদি৷ ইয়াৰে “এজাক জোনাকীৰ জিলিকণিত” মূল ভিত্তি হ’ল জিনীয় অভিযান্ত্ৰিক প্ৰযুক্তি য’ত জোনাকী পৰুৱাৰ পোহৰ দিব পৰা জিন বেক্টেৰিয়াৰ দেহত ভৰাই পোহৰ দিবপৰা বেক্টেৰিয়াৰ সৃষ্টি কৰা হয়৷ ইয়াৰোপৰি শান্তনু তামূলী, ক্ষীৰধৰ বৰুৱা, অভিজিত শৰ্মা বৰুৱা, চাকিল জামান, বন্দিতা ফুকন, ৰথীন্দ্ৰনাথ গোস্বামী আদি প্ৰখ্যাত লেখক-লেখিকাসকলে অসমীয়া কল্পবিজ্ঞান সাহিত্যলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে৷

কল্পবিজ্ঞান সাহিত্যক মূলত বেছিকৈ জনপ্ৰিয় কৰিছে কল্পভিত্তিক চলচ্চিত্ৰসমূহে ৷ এই চলচ্চিত্ৰসমূহৰ বেছিভাগেই বিজ্ঞানৰ বিভিন্ন সমস্যা বা উপাদান আৰু ইয়াৰ সু আৰু কু প্ৰভাৱৰ ওপৰত নিৰ্মাণ কৰা হৈছে৷ ইয়াৰ ভিতৰত গোলকীয় উষ্ণতাৰ ফলত বিগলিত মেৰু অঞ্চলত হোৱা পৰিস্থিতিক লৈ ” ৱাটাৰ ৱৰ্ল্ড”, “X- মেন” নামৰ চিনেমাখনত মানুহৰ জিনীয় উৎপৰিৱৰ্তনৰ ফলত কেনেধৰণৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ সালসলনি হ’ব পাৰে তাৰ ইংগিত দিছে ৷ ঠিক তেনেধৰণে ” আই এম লিজেণ্ড” চিনেমাখনত চিকিৎসা বিজ্ঞানত আৱিষ্কাৰ হোৱা কোনো ঔষধে ও ভাল কৰিব নোৱাৰা এক ভয়াবহ অচিন ৰোগত সমগ্ৰ নিউয়ৰ্ক মহানগৰখনেই ধ্বংস হৈছিল৷ বৰ্তমান কালতো ক’ৰণা মহামাৰীয়ে সেইধৰণৰ অৱস্থা গোটেই পৃথিৱীতে কৰি ৰাখিছে৷ আন কেইখনমান কল্পবিজ্ঞানভিত্তিক চিনেমা হ’ল- “দ্যা টাইম মেচিন”, “দ্যা মেগ”, ” জুৰাচিক পাৰ্ক” , “দ্যা ডে আফটাৰ টুমৰু”, “আইৰণ মেন” আদি ৷

কল্পবিজ্ঞান সাহিত্যৰ মূল ভিত্তিয়েই হৈছে বিজ্ঞান৷ গতিকে বিজ্ঞানৰ তাত্ত্বিক জ্ঞানৰ অবিহনে এই ধৰণৰ সাহিত্য ৰচনা কৰাটো দূৰূহ কাম ৷ এনে সাহিত্যই বিজ্ঞানৰ তাত্ত্বিক জ্ঞান নথকা লোককো সৰল ভাষাৰে বুজাই দিয়ে৷ এই কাহিনীবোৰত বাস্তৱ জীৱনৰ পৰিৱৰ্তে কাল্পনিক চৰিত্ৰ অংকিত হয়, য’ত বিজ্ঞানৰ উন্নতিয়ে ভৱিষ্যতে এনে কল্পনাক বাস্তৱ ৰূপ দিয়াৰ সম্ভাৱনা থাকে আৰু বহুক্ষেত্ৰত বিজ্ঞানে তাক সত্য প্ৰমাণিত কৰে৷ বৰ্তমান বিজ্ঞানৰ দ্ৰুত উন্নতিৰ ফলত কল্পকাহিনীৰ পৰিসৰো বিশাল হৈ উঠিছে৷ অদূৰ ভৱিষ্যতে হয়তো কল্পকাহিনীৰ উপন্যাসৰ দৰেই মানুহে বৰ্হিগ্ৰহৰ প্ৰাণীৰ লগত পোনপটীয়া যোগাযোগ হ’ব নাইবা নিজৰেই সৃষ্ট পৰিৱেশ ধ্বংসৰ ফলত অন্য জীৱ বা অনুজীৱৰ অভিযোজনৰ আগত নিজকে খাপ খুৱাব নোৱাৰি নিচিহ্ন হৈ যাব কোনে জানে ! সেয়া সকলো ভৱিষ্যতৰ হাতত থকা এক বাস্তৱসন্মত ৰহস্যময় কল্পনা ৷

#সাধাৰনৰপৰা অসাধাৰনলৈ

#লেডী টাৰ্জান

#যমুনা টুডু

‘লেডী টাৰ্জান’ নামটো হয়টো আচহুৱা লাগিছে| জনপ্ৰিয় চৰিত্ৰ ‘টাৰ্জান’ৰ দৰেই এই লেডী টাৰ্জানগৰাকীও জীৱ-জন্তু প্ৰেমী তথা অৰণ্য ৰক্ষক | অৰণ্য ৰক্ষাৰ হেতু নিজকে উৎসৰ্গিত কৰি ৰাখি আন হাজাৰগৰাকী ব্যক্তিক প্ৰকৃতি ৰক্ষাৰ কৰ্মত জড়িত কৰি আহিছে ৷তেওঁৰ অৰণ্য ৰক্ষাৰ এই প্ৰচেষ্টাই এতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ মানুহক সচেতন তথা প্ৰকৃতি প্ৰেমী হ’বলৈ উদ্ধুদ্ধ কৰিছে ৷

ফটো- ইণ্টাৰনেটৰ পৰা

নিজৰ জীৱন বিপন্ন কৰিও অৰণ্য ৰক্ষাত ব্ৰতী এইগৰাকী আদিবাসী মহিলাৰ প্ৰকৃত নাম হৈছে যমুনা টুডু , যিগৰাকী বৰ্তমান ‘লেডী টাৰ্জান’ ৰূপে খ্যাত৷এগৰাকী সাধাৰণ গৃহিণী হ’লেও তেওঁৰ কৰ্মই তেওঁক অসাধাৰণ সাহসী নাৰী হিচাপে স্বীকৃতি দিছে৷ জন্মসূত্ৰে উৰিষ্যাৰ ময়ূৰভঞ্জৰ যমুনা টুডু প্ৰায় ১৮ বছৰ বয়সত বিবাহ সূত্ৰে ঝাৰখণ্ডৰ চাকুলিয়া ব্লকৰ মুটুৰখাম গাঁৱৰ বাসিন্দা হয় ৷ তেওঁৰ স্বামী মানসিং টুডু পেছাত এগৰাকী ৰাজমিস্ত্ৰী ৷ ৰাজমিস্ত্ৰী কৰ্মৰ উপাৰ্জনৰে ঘৰখন চলে৷

বিবাহৰ কিছুদিন পিছতেই যমুনাৰ শাহুৱেক আৰু নন্দেকে গাঁৱৰ গাতে লাগি থকা অৰণ্যখনলৈ গছৰ ডাল কাটি খৰি আনিবলৈ লগত লৈ গৈছিল ৷ তেতিয়াই যমুনাই দেখিছিল কেনেকৈ অৰণ্যখন এফালৰপৰা ধ্বংস হৈ আহিছিল৷ ইয়াৰোপৰি সেই এলেকাটো আছিল মাওবাদী তথা নক্সালবাদী বন মাফিয়াৰ অধ্যুষিত৷ এই বন মাফিয়াবোৰে অৰণ্যৰ ডাঙৰ ডাঙৰ গছবোৰ কাটি ৰেল আৰু আন আন ব্যৱস্থাৰে বাহিৰলৈ সৰবৰাহ কৰিছিল৷ তেনেদৰে অৰণ্যখন ধ্বংস হৈ গৈ আছিল৷ যমুনাই এইবোৰ দেখি শুনি প্ৰায় দুসপ্তাহ খৰি আনিবলৈ যোৱাৰ পাছত অৰণ্যৰপৰা খৰি অনা বাদ দিলে ৷ লগতে ঘৰৰ তথা গাঁৱৰ মানুহবোৰকো বুজাবলৈ ধৰিলে যে এইদৰে অবাধে খৰি কটাৰ নামত গছসমূহ কাটি থাকিলে অৰণ্যখন ধ্বংস হৈ যাব আৰু ইয়াৰ বিৰূপ প্ৰভাৱ নিজৰ ওপৰতেই পৰিব ৷যমুনাৰ এই কথাত প্ৰথম অৱস্থাত বেছিভাগেই আওকান কৰিলে যদিও যমুনাৰ স্বামী তথা পৰিয়ালৰ লোকসকলে সহযোগ কৰিলে৷ লগতে কেইগৰাকীমান মহিলায়ো সহযোগিতা আগবঢ়ালে ৷ প্ৰথম অৱস্থাত যমুনাই মাত্ৰ পাঁচগৰাকী মহিলাৰ এক গোট গঠন কৰি অৰণ্য ৰক্ষাৰ অভিযান আৰম্ভ কৰিছিল৷ তেওঁলোকে গছ কাটিবলৈ যোৱা লোকক বাধা দিয়াৰ উপৰিও তেওঁলোকক পৰিবেশ ধ্বংসৰ কুফলবোৰ আৰু গছ-গছনি ৰক্ষা কৰি প্ৰকৃতিৰ ভাৰসাম্যতাৰ কথা বুজাইছিল৷ দিন যোৱাৰ লগে লগে যমুনাক নিজৰ গাঁৱৰ মানুহবোৰে সহযোগিতা আগবঢ়াবলৈ ধৰিলে৷ তেওঁ নিজৰ দলটোক লৈ ধনু-কাঁড়েৰে সজ্জিত কৰি অৰণ্যৰ মাজলৈ গৈ বন মাফিয়াৰ সন্ধান কৰিছিল আৰু কিবা সম্ভেদ পালে লগে লগেই বন আৰক্ষীক অৱগত কৰিছিল৷ উল্লেখ্য যে তাৰ আগলৈকে বন আৰক্ষীয়ে মাফিয়াৰ সৈতে মুখামুখি হ’বলৈ কুণ্ঠাবোধ কৰিছিল৷ যমুনাৰ সাহসীকতা আৰু প্ৰকৃতি প্ৰেম দেখি তেওঁলোকেও সহযোগিতা কৰিছিল৷ মাজে মাজে ওচৰ চুবুৰীয়া গাঁওসমূহলৈ গৈ নিজা খৰচত সজাগত সভা অনুষ্ঠিত কৰিছিল৷ লাহে লাহে তেওঁ মানুহবোৰক বুজাবলৈ সক্ষম হ’ল৷ অৰণ্যৰ সুৰক্ষাৰ বাবে তেওঁ “বন সুৰক্ষা সমিতি” নামেৰে সংগঠন খুলিলে৷ বৰ্তমান সময়ত প্ৰায় ৩ ০০ টাতকৈও অধিক “বন সুৰক্ষা সমিতি” গোট আছে৷ প্ৰতিটো গোটত ১০ পৰা ১৫ গৰাকী মহিলা আৰু ৫পৰা ১০ জন পুৰুষ সদস্য আছে৷

১৯৯৮ চনৰপৰা বৰ্তমানলৈকে ঝাৰখণ্ডৰ পূব সিংহভূম অঞ্চলত প্ৰায় ৫০ হেক্টৰ ভূমি তেখেতে একান্তই নিজাববীয়াকৈ মাওবাদী তথা নক্সালবাদী বন মাফিয়াৰপৰা ৰক্ষা কৰি আহিছে৷ ইয়াৰ বাবে তেখেত আজি “লেডী টাৰ্জান” নামেৰে বিখ্যাত হৈ পৰিছে৷

যমুনাৰ এই কৰ্ম ইমান সহজ নাছিল, এতিয়াও সহজ নহয়৷ অৰণ্য ৰক্ষা কৰিবলৈ গৈ তেওঁ নিজে আৰু পৰিয়ালৰ লগতে গোটৰ কিছু মানুহৰ জীৱন বিপন্ন হৈ পৰিছিল৷ তেওঁৰ সজাগতা সভা আৰু “বন সুৰক্ষা সমিতি”ৰ কাৰ্য্যকলাপত শংকিত হৈ মাওবাদী মাফিয়াই তেওঁৰ ঘৰত সোমাই ডকাইতি কৰিছিল আৰু বন মাফিয়াৰ লগত শত্ৰুতা নকৰিবলৈ সকিয়নি দিছিল , অন্যথা জীৱনৰ প্ৰতি ভাবুকি আহিব বুলি কৈছিল৷ ইমানৰ পাছতো যমুনা কিন্তু থমকি ৰোৱা নাছিল৷ এবাৰ ৰেলযোগে বন মাফিয়াসকলে কাঠ সৰবৰাহ কৰিব বুলি খবৰ পাই যমুনা, তেওঁৰ স্বামী আৰু গোটৰ সদস্য কেইগৰাকীমান ৰেল ষ্টেচনলৈ গৈছিল ৷ উদ্দেশ্য আছিল ৰেল কৰ্তৃপক্ষক অৱগত কৰোৱা আৰু ভৱিষ্যতে যাতে ৰেল কৰ্তৃপক্ষই এনেদৰে কাঠ সৰবৰাহ কৰিবলৈ অনুমতি নিদিয়ে ষ্টেচন পোৱাৰ আগি আগেই বন মাফিয়াৰ লোকে তেওঁলোকক শিলগুটি দলিয়াই আক্ৰমণ কৰিছিল ৷ এই ঘটনাত যমুনাক বচাবলৈ গৈ তেওঁৰ স্বামীয়ে মূৰত গুৰুতৰ আঘাট পাইছিল আৰু বহুদিনলৈ চিকিৎসাধীন হ’ব লগা হৈছিল৷ তথাপিও যমুনাই অৰণ্য ৰক্ষাৰ পণ এৰা নাছিল ৷ সেয়েহে তেওঁক সকলোৱে “লেডী টাৰ্জান” নামেৰে মাতিবলৈ ল’লে৷

যমুনা টুডুৰ এই প্ৰকৃতি সুৰক্ষা অভিযান বৰ্তমান ঝাৰখণ্ডৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ চুকে কোণে প্ৰসাৰ ঘটিছে৷ জনসাধাৰণৰ মাজত যমুনাই এক পৰম্পৰা আৰম্ভ কৰিছিল যে প্ৰত্যেক ঘৰতে ছোৱালী জন্ম হ’লে ১৮ জোপা গছ ৰুব আৰু ছোৱালীগৰাকীৰ বিয়াৰ সময়ত সেই গছ কাটি বিয়াৰ খৰচ উলিয়াব, যাতে অৰণ্যৰ গছ কাটিব লগা নহয় ৷ এই গছপুলিসমূহ যমুনা আৰু তেওঁৰ “বন সুৰক্ষা সমিতি”ৰ সদস্যসকলে যোগান ধৰে ৷ ইয়াৰোপৰি বিশ্ব পৰিবেশ দিৱসৰ দিনা গছপুলি ৰোৱাৰ লগতে সকলো মহিলাই গছবোৰক ধূপ-ধূণা জ্বলাই আৰতি কৰে ৷ প্ৰত্যেক বছৰেই ভ্ৰাতৃ দিৱসৰ দিনা মহিলাসকল অৰণ্যলৈ গৈ গছবোৰক ৰাখী পিন্ধায় আৰু যেনেকৈ ভ্ৰাতৃসকলে ভগ্নীসকল ৰক্ষা কৰিম বুলি অংগীকাৰ কৰে , তেনেকৈ মহিলাসকলেও গছবোৰক সুৰক্ষা প্ৰদান কৰিম বুলি অংগীকাৰ কৰে৷

ফটো-ইণ্টাৰনেটৰ পৰা

কোনো ধৰণৰ চৰকাৰী -বেচৰকাৰী সাহায্য নোপোৱাকৈ নিৰলস প্ৰচেষ্টাৰে প্ৰকৃতিৰ সেৱাত ব্ৰতী এইগৰাকী সাহসী মহিলাক ২০১৯চনত ভাৰত চৰকাৰে সন্মানীয় পদ্মশ্ৰী বঁটা প্ৰদান কৰে৷ ইয়াৰ উপৰি ২০১৭চনত “ৱমেন ট্ৰেন্সফৰ্মিং ইণ্ডিয়া” বঁটা , ২০১৪ চনত “গুদফ্ৰে ফিলিপ্স ৰাষ্ট্ৰীয় সাহসীকতা বঁটা” , মুম্বাইৰ “স্ত্ৰী শক্তি বঁটা”, ২০০৮চনত ঝাৰখণ্ডৰ চৰকাৰৰ বঁটা আদি লাভ কৰিছে ৷

ফটো-ইণ্টাৰনেটৰ পৰা

যমুনা টুডুৰ সকলোৰে প্ৰতি এটাই আহ্বান যে প্ৰকৃতিয়ে যেনেকৈ আমাক নিস্বাৰ্থভাৱে সকলো প্ৰদান কৰিছে তেনেকৈ আমিও প্ৰকৃতিক সুৰক্ষা প্ৰদান কৰা উচিত৷ নহ’লে এদিন মানৱ জাতিয়ে প্ৰকৃতি ধ্বংসৰ পৰিণাম ভোগ কৰিব লাগিব৷ তেওঁ জীয়াই থকালৈকে প্ৰকৃতিৰ বাবে কাম কৰি যাব৷ সাধাৰণ এগৰাকী আদিবাসী মহিলা হৈও মাওবাদী আৰু নক্সালবাদী বন মাফিয়াৰ পৰা অৰণ্য সুৰক্ষাৰ পণ কৰা এইগৰাকী মহিলা সকলোৰে আদৰ্শ হওক , পৃথিৱীখন সুজলা সুফলা হৈ ৰওক ৷

অনুভৱৰ কিছু কাব্যিকতা

১//##প্ৰতিগৰাকী নাৰীৰ বুকুত বাস কৰে এখন ঘৰ##

প্ৰতিগৰাকী নাৰীৰ বুকুত বাস কৰে এখন ঘৰ ,
সংগোপনে প্ৰতিপাল কৰে এখন ঘৰ ৷
শৈশৱত খেলা ৰজা-ৰাণীৰ ঘৰ-ঘৰ খেল,
সপোনৰ বৰঘৰত যেন সেয়া আখৰাৰ মেল ৷
মইনাই কয়, ঘৰটো তই সাজিলি, নে মই ?
উহো তই সাজিলেও মই সজাইছো
এইটো তোৰ মোৰ নহয় আমাৰ ঘৰ৷

যৌৱন পাই ঘৰটো ডাঙৰ হ’ল
বুকুৰ মাজৰ পঁজাটো সপোনৰ কাৰেং হ’ল৷
ৰূপকোঁৱৰে আহি কাৰেঙত দিলে ভৰি ,
বতাহত সুৰ তুলি, গুণগুণাই
আহে পাখিলগা ঘোঁৰাত উৰি৷

প্ৰতিগৰাকী নাৰীৰ বুকুত বাস কৰে এখন ঘৰ ৷

ষ্টেচনৰ ব্ৰীজৰ তলত জুই ফুঁৱাই ফুঁৱাই
লছমীয়ে দেখে এটা সপোন ,
মিচিকিয়া হাঁহি মাৰি দুহাতে আৱৰি
সেয়াচোন তাইৰ নিচেই আপোন৷
শেতেলিত পৰি তৰা গণি গণি আকাশৰ ,
ৰতন নামৰ মালা গাঁথে সপোনৰ ৷

প্ৰতিগৰাকী নাৰীৰ বুকুত বাস কৰে এখন ঘৰ ৷
জীৰ্ণ পঁজা অথবা সেয়া
কাৰেং হওক সোণৰ৷

####

কেতিয়াবা মনৰ কোণত কিছুমান শব্দই উকমুকাই থাকে যিবোৰক কবিতাৰ ৰূপ দিবলৈ চেষ্টা কৰিছো ৷

২//##এনেকৈয়ে এদিন##

এনেকৈয়ে এদিন তেওঁ আহিছিল
কোনেও আহিব নোৱাৰা বাটেদি,
বুকুত সংগোপনে এটুকুৰা ঠাই লৈছিল
উভতি যোৱাৰ প্ৰশ্নই নাহিল৷

তেওঁ অহা বাটত ফুলা নাছিল
কোনো গোলাপ কিম্বা খৰিকাজাঁই অথবা চেনিচম্পা ফুল,
বতাহত উৰা নাছিল কোনো সপোনৰ চিলা ৷

কিন্তু,
এনেকৈয়ে এদিন তেওঁ সেই ঠাইটুকুৰাত ঘৰ বান্ধিছিল,
টুকুৰা চৰাইৰ দৰে সী লৈছিল সপোনবোৰ ,
কাহানিও নেদেখা , নজহা নপমা ভালপোৱাবোৰ ৷

এনেকৈয়ে এদিন
তেওঁ মোৰ আপোন হৈ পৰিছিল,
পানী নসৰকা মোৰ শিলৰ বুকুত
এখন ঘৰ পাতিছিল ৷

ঠিক এনেকৈয়ে এদিন ….

মোৰ অনুভৱৰ কবিতা

কবিতা লিখাৰ অভ্যাস তেনেই কম, কিমানদূৰ কাব্যিক হৈছে সেয়া পাঠকৰ হাতত ৷ মোৰ অনুভৱত যি আহে তাৰেই দুটি কবিতা ইয়াত সান্নিবিষ্ট কৰি ৰাখিলো৷

এক#

নৈৰ পৰা সাগৰলৈ

কিমান গভীৰ হ’লে হৃদয়খন সাগৰ কৰিব পাৰি
কিমান বিশ্বাস হ’লে হাজাৰ চুনামিত শান্ত হৈ ৰ’ব পাৰি!

বুকুৰ পাৰত ৰৈ আছো দুহাত দিগন্ত প্ৰসাৰি
লোৱা, লোৱা মোক এবাৰ তোমাতে সামৰি ৷
শান্ত সমাহিত বুকুত তোলা জোৱাৰ
যাৰ উত্তাল ঢৌৱে তিয়াই যাওক মোৰ প্ৰতিটো আশাৰ সমাহাৰ ৷

তুমি সাগৰেই হোৱা
মোক হ’বলৈ দিয়া নৈ,
তোমাতেই সৃষ্টি হৈ ঘূৰি ঘূৰি নদী হৈ তোমাৰ বুকুলৈকে যাম বৈ৷

নৈ জানো সাগৰ হয় ?
পাৰে জানো সাগৰৰ দৰে গভীৰ হ’ব?
সাগৰতেই যাৰ সৃষ্টি আৰু সমাহিত ,
সেইটোকে নো কোনে ক’ব?

তুমি, মই এক হ’ম বেলি উঠাৰ পৰত,
তুমি, মই আমি হ’ম বেলি ডুবাৰ পৰত ৷

বৈ যাম মই নিৰৱিছিন্ন
সাগৰ পোৱালৈ,
সাগৰৰ বুকুত পৰি মানিক হোৱালৈ ৷

দুই#

অভিন্ন

তুমি আৰু মই
ভিন্ন দুটি শৰীৰৰ অভিন্ন আমোঘ এক সত্বা
তুমি শৰীৰ মই আত্মা,
তুমি সুখ মই প্ৰচ্ছায়া,
নিৰৱধি প্ৰবাহিত কল্লোলিত প্ৰেম গংগা ৷

ইপাৰৰ লোকত আছে সুখৰ অমিয়া ধাৰা,
দুখৰ সিপাৰে সুখৰ নিজৰা,
সময়ৰ সাঁকোৱেদি আগুৱাম দুয়ো
জীৱনৰ যে নিয়ম ইয়ো ৷

তোমাৰ দুখত নোহে মোৰ সুখ
তোমাৰ ব্যাকুলতাত মই উন্মুখ
এয়া যে আত্মাৰ অভিন্ন গাঁথা,
হৃদয়ত প্ৰোথিত তোমাৰেই দৰদী বেথা ৷

তুমি আৰু মই
ভিন্ন দুটি শৰীৰৰ অভিন্ন আমোঘ এক সত্বা ৷

তুমি শৰীৰ মই আত্মা
তুমি সুখ মই প্ৰচ্ছায়া

অন্তৰ নিসৃত প্ৰেম মাধুৰী
হৃদয় আজি আবেগ উন্দোলিত,
তোমাৰপৰা মোলৈ আমি হোৱাৰ
সিৰাই সিৰাই ইও যেন তৰংগ প্ৰবাহিত ৷

তুমি জোন মই ৰূপালী জোনাক,
তুমি ৰাতি মই যেন তমসাক,
তুমি দিবাকৰ মই যেন পোহৰ
তুমি মানিক মই যেন আকৰ৷

মই আৰু তুমি
তুমি আৰু মই
ভিন্ন দুটি শৰীৰৰ অভিন্ন আমোঘ এক সত্বা৷

পৰম্পৰাগত খাদ্য হিচাপে পোক পৰুৱা আৰু সোনোৱাল কছাৰী সমাজ

আজিৰপৰা প্ৰায় সাত-আঠ বছৰৰ আগত কোনোবা এখন পেপাৰত পঢ়িবলৈ পাইছিলো যে ৰাষ্ট্ৰসংঘৰ WHO ৰ অধীনৰ কোনোবা এগৰাকী সচিবে কৈছিল যে পৃথিৱীত থকা বেছিভাগ পোক-পৰুৱা, পতংগই খাদ্যৰ উপযোগী আৰু উচ্চ প্ৰটিন সমৃদ্ধ ৷যদিহে ইহঁতক খাদ্য হিচাপে গ্ৰহণ কৰে তেন্তে প্ৰায় দুই বিলিয়ন মানুহ অনাহাৰ তথা অপুষ্টিত ভোগাৰ পৰা ৰক্ষা পৰিব৷ তদুপৰি পোক-পতংগৰ প্ৰজনন ক্ষমতা অধিক তথা সংখ্যাৰ ক্ষেত্ৰতো কম সময়ত বেছি বংশবৃদ্ধি কৰিব পাৰে৷ ডিছকভাৰী চেনেলত প্ৰদৰ্শিত বিয়েৰ গীলছ্ (Bear Gills)ৰ “মেন ভেছ ৱাইল্ড” (Man Vs Wild)তো তেওঁৰ খাদ্যসমূহ দেখিলে তেওঁক আদিম মানুহৰ দৰেই বোধ হ’ব৷ যিবোৰ দেখিলে বেছিভাগৰেই ওকালি আহে বা বিতৃষ্ণা জন্মে ৷তেওঁ মাত্ৰ এইটো দেখুৱাই যে আমি তেনেকুৱা জটিল সন্ধিক্ষণত পৰিলে কি কি বস্তুক খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰি৷ অৱশ্যে চাফ চিকুণতাৰ ফালৰ পৰা ধ্যান দিয়াতো জৰুৰী৷

ফটো- ইন্টাৰনেটৰপৰা

অসমৰ বিভিন্ন জনজাতিসমূহৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ জনজাতিসকলে পৰম্পৰাগতভাৱে বিভিন্ন পোক-পৰুৱা, পতংগ খাদ্য হিচাপে গ্ৰহণ কৰি আহিছে৷ ঠাইভেদে নামবোৰ বেলেগ বেলেগ হ’লেও এই পোক-পতংগবোৰ গ্ৰহণৰ পদ্ধতি প্ৰায় একে ৷মই কেৱল মাত্ৰ সোনোৱাল কছাৰী জনজাতি লোকসকলে খাদ্য হিচাপে গ্ৰহণ কৰা পোক-পতংগৰ বিষয়ে উল্লেখ কৰিম৷ নামবোৰো ঠাইবিশেষে একে নহ’বও পাৰে ৷

সোনোৱাল কছাৰীসকলে বছৰৰ বিভিন্ন সময়ত আৰু উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন পোক – পতংগক খাদ্য হিচাপে গ্ৰহণ কৰে৷ ইয়াৰ ভিতৰত জাপাংকৰি (নে ঝুপিয়াং) (Giant water bug), নিংকৰি (Hydrophillus triangular), কানচেপা(?)( জিঞাৰ পলু অৱস্থা, পানীত থাকে) বিভিন্ন জাতৰ ফৰিং(Grasshopper), পানীপোক ( জাপাংকৰিৰ মাহীয়েক,(Water skater), আমৰলি টোপ( Green weaver ant ), উঁইপোক বা উঁই ৰজা, মেকমৌ পৰুৱা ( Winged termites), কোদো ,বৰলৰ টোপ, এড়ী, মুগা আৰু নুনী লেটা, চাকচন, গাগিনীৰ বাহ(Praying mantis nest),চেয়াপোক বা চেৱা পোক ইত্যাদি৷ইয়াৰে বেছিভাগকে পলু বা লেটা অৱস্থাত থাকোতেই খোৱা হয় ৷

জাপাংকৰি(ঝুপিয়াং) ফটো- ইন্টাৰনেটৰপৰা

জাপাংকৰি ( ঝুপিয়াং??) হৈছে এবিধ মটীয়া বৰণৰ পাখিলগা চেপেটা পতংগ৷ ইয়াৰ ছটা ঠেং আৰু এটা শুং থাকে ৷ পথাৰৰ ঘাঁহ বা দলঘাঁহ, বিল আদিত পোৱা যায় ৷ ইয়াৰ শুঙটোৰে ফুটিলে বিষ হয় ৷ মাছ ধৰিবলৈ গৈ এই পতংগবিধো ধৰি আনি খৰিকাত দি বা ভাজি কৰি খোৱা হয়৷ ইহঁতে ঘাঁহৰ মাজত বাৰিষা কালত কণী পাৰে আৰু কণীবোৰ ফুটি পোৱালি ওলায়৷ ঠিক সেইদৰে কানচেপা(???) দেখাত পলুৰ দৰে, ডাঙৰ হৈ মোট সলাই একপ্ৰকাৰৰ জিঞালৈ পৰিণত হয় ৷ জাকৈ বাওঁতে এইবোৰো উঠে আৰু মাছৰ দৰেই ভাজি কৰি খোৱা হয়৷

নিংকৰি(খেতেমা??) ফটো- ইন্টাৰনেটৰপৰা

নিংকৰি হৈছে ক’লা পানীত থকা এবিধ পতংগ৷ এইবিধো মাছৰ লগতে ধৰা হয় ৷ বুকুৰ ফালে ইয়াৰ এটা জোঙা কাঁইট থাকে আৰু ঠেঙবোৰতো সৰু সৰু কাঁইট থাকে বাবে পাখি আৰু ঠেং গুচাওঁতে সাৱধান হ’ব লাগে ৷ এইবোৰকো ভাজি কৰি খোৱা হয়৷

উঁইচিৰিঙা

উঁইচিৰিঙা হৈছে উচ্চ প্ৰটিনযুক্ত এবিধ পতংগ৷ শস্যৰ পথাৰত থাকি ই শস্য কুটি খাই অনিষ্ট কৰে৷ দিনৰ ভাগত গাঁত খান্দি সোমাই থাকে৷ ই দেখাত ৰঙচুৱা মটীয়া বৰণৰ৷ ৰাতি লাইট বা লেমৰ পোহৰত ইহঁত জাক পাতি উৰি আহে৷ কম পৰিমাণৰ উঁইচিৰিঙাই অনিষ্ট নকৰিলেও সংখ্যাত বেছি হ’লে ইহঁতে শস্যৰ পথাৰ নষ্ট কৰে৷ এই উঁইচিৰিঙাবোৰক ধৰি পাখি গুচাই খৰিকাত পুৰি বা ভাজি কৰি খোৱা হয়৷ গাগিনীৰ বাহটো হৈছে প্ৰটিনৰ উৎস ৷ ইয়াক কেঁচায়ো খাব পাৰি বা পুুৰিও খাব পাৰি ৷

ধান ফৰিং

ধানদোৱাৰ সময়ত বিভিন্ন প্ৰজাতিৰ ফৰিং ওলায়৷ সোনোৱাল কছাৰী লোকসকলে ধান দাই থাকোতেই ধাননিৰ মাজত থকা ফৰিঙো ধৰি ধৰি যায়৷ সৰু সৰু ল’ৰা-ছোৱালীবোৰে কেৱল ফৰিং ধৰিবলৈকো যায়৷ এই ফৰিঙবোৰ যথেষ্ট তেলীয়া হয়৷ গধূলি খৰিকাত পুৰি বা ভাজি কৰি ভাতৰ লগত খোৱা হয়৷ ধান ফৰিঙক কেঁঁচায়ো খাব পাৰি ৷ মোৰ মনত আছে সৰুতে ফৰিঙৰ তেলবোৰ ওঁঠত লগাইছিলো , কাৰণ ফৰিঙৰ তেল সানিলে ওঁঠ নাফাটে আৰু ফটা থাকিলেও ভাল হয় কৈছিল৷ ধান ফৰিঙৰ উপৰিও কচুখাতি, কাকতি ফৰিং আদিও খোৱা দেখা যায় ৷

গাগিনীৰ বাহ

সোনোৱাল কছাৰী লোকসকলৰ বাবে বহাগ বিহুত আমৰলি টোপ অপৰিহাৰ্য পৰম্পৰাগত খাদ্য৷ মানুহ বিহুৰ দিনা খাবলৈ আগদিনাই যোগাৰ কৰি ৰাখে৷আমৰলি টোপ এশ এটা শাকৰ সমান মৰ্যাদা দিয়া হয়৷ এইটো বিশ্বাস কৰা হয় যে মানুহ বিহুৰ দিনা আমৰলি টোপ খালে বছৰটোলৈ বিভিন্ন বেমাৰৰ পৰা হাত সাৰিব পাৰি৷ ই বনৌষধিৰ কাম কৰে ৷ সেয়েহে মানুহ বিহুৰ দিনা ইয়াক হাঁহ বা কুুুুকুুৰাৰ কণী বা বিলাহীৰ লগত ভাজি কৰি খোৱা হয় ৷ আজিকালি এইবিধ টোপ অজনজাতি লোক সকলেও খোৱা দেখা গৈছে৷ ঠাই ভেদে ইয়াৰ চাহিদা অনুযায়ী বজাৰতো উপলব্ধ হয়৷ প্ৰতিকেজি আমৰলি টোপৰ মূল্য ৪০০-৬০০ টকা ৷

নুনীলেটা ফটো-ইন্টাৰনেট

অসমৰ বিভিন্ন ঠাইত সূতাৰ বাবে এড়ী, মুগা আৰু নুনী পালন কৰা হয় ৷ কিন্তু সোনোৱাল কছাৰী আৰু আন জনজাতীয় লোকসকলে ইয়াৰ লেটাবোৰো খাদ্য হিচাপে গ্ৰহণ কৰে ৷ সূতাৰ লগতে এই লেটাবোৰৰো চাহিদা দিনক দিনে বৃদ্ধি পাইছে৷ অজনজাতীয় লোকসকলৰ মাজতো বহুতেই লেটাক খাদ্য হিচাপে গ্ৰহণ কৰে৷ প্ৰতিকেজি এড়ী লেটাৰ মূল্য ৪০০-৫০০টকা ৷

বৰলৰ টোপ

তামোল গছ আৰু চেয়া(চেৱা) গছৰ ভিতৰৰ সাহটো খাই পেলোৱা এবিধ পোক হৈছে চেৱাপোক(চেয়াপোক)৷ এইবোৰক ভাজি বা খৰিকাত দি খোৱা হয়৷ একেদৰে বিভিন্ন প্ৰকাৰৰ বৰল যেনে- টেকেলী কোদো, গাতোৱাল, ৰঙা বৰল, পাতসিয়া মৌ আদিৰ টোপো চেৱাপোকৰ দৰেই ভাজি খোৱা হয় ৷

চেৱাপোক

জেঠ – আহাৰ মাহৰ পৰা ভাদ মাহলৈকে দুপৰীয়া সময়ত তীব্ৰ মাতেৰে চিঁচিঁয়াই থকা এবিধ পখিলা জাতীয় পতংগ হৈছে চাকচন৷ চাকচন দুই ৰঙৰ আছে ৷ এবিধৰ পাখি ক’লা আৰু আনবিধৰ পাখি পাতল সেউজীয়া জিলিকি থকা ৷ এই চাকচন ধৰিবলৈ সোনোৱাল কছাৰী সমাজত এক লোকগীতো প্ৰচলন আছে৷ গধূলি বেলিকা চোতালত লেম বা চাকি থৈ হাতত এডাল বাঁহৰ মাৰি লৈ বিশেষ তালত বজাই বজাই গোৱা হয় এইদৰে,

চাকচন এ ক’লী কলীয়া

মাৰ বাপেৰ আহিছে গধূলি বেলিকা

আম গছত নপৰিবি আম এঠা লাগিব

কঁঠাল গছত নপৰিবি কঁঠাল এঠা লাগিব

মোৰ গাত পৰিবি জাক জাক উৰিবি

খাবলৈ খাবলৈ তেলেতীয়া৷

চাকচন

বিশেষকৈ সৰু ল’ৰা ছোৱালীক লৈ চোতালত এইদৰে বজাই গোৱা হয় আৰু লেমৰ পোহৰত চাকচন উৰি আহি পৰেহি৷ এইবোৰকো খৰিকাত পুুৰি বা ভাজি খোৱা হয়৷

মেকমৌ পৰুৱা

মেকমৌ(মেকলৌ) পৰুৱা উঁই গাঁতৰপৰা বাহিৰ ওলালে বৰষুণ দিয়া সম্ভাৱনা থাকে৷ এইবোৰ সন্ধ্যাৰ সময়ত গাঁতৰ বাহিৰলৈ ওলায় ৷ যিটো মেকমৌ পৰুৱা পুনৰ গাঁতৰ ভিতৰলৈ উভতি যাব পাৰে সি উঁইৰাণী(ৰজা কোৱা হয় সাধাৰণতে) লগত সহবাস কৰি প্ৰজনন ঘটাব পাৰে৷ কিন্তু একেলগে লাখ লাখ মেকমৌ পৰুৱা গাঁতৰ ভিতৰৰপৰা ওলায় আহে৷ পোহৰ যেনিয়েই দেখে তেনিয়েই উৰে৷ এই মেকমৌ পৰুৱাবোৰক গাঁতৰ পৰা ওলাওঁতেই পানী থকা বাল্টি বা জগত ধৰি ধৰি ভৰোৱা হয় যাতে পানী তিতি উৰিব নোৱাৰা হয় ৷ পাছত পানীৰপৰা উঠাই কেৰাহীত গৰম কৰি পাখিবোৰ গুচাই খোৱা হয়৷ বেছিভাগেই উৰি গৈ চৰাই চিৰিকটিৰ ভোজন হয় ৷ ইয়াৰ লগতে উঁই হাফলুত পোৱা উঁইৰজা(প্ৰকৃততে ৰাণী) কো পাতত দি খোৱা দেখা যায় ৷

উঁই ৰজা-ৰাণী

যদিও বহু লোকৰ বাবে এইবোৰ খাদ্যৰ তালিকাত নপৰে , কিন্তু অসমৰ প্ৰায়সকল জনজাতি সোনোৱাল কছাৰী, মিছিং, বড়ো, কাৰ্বি, দেউৰী আদিয়ে কম বেছি পৰিমাণে এই পোক-পতংগবোৰক খাদ্য হিচাপে গ্ৰহণ কৰে৷ চুবুৰীয়া ৰাজ্য অৰুনাচল, নাগালেণ্ড,মিজোৰাম, মণিপুৰ আদিতো এইবোৰ খাদ্য প্ৰচলিত ৷ নাগালেণ্ডৰ ডিমাপুৰ, কহিমা আদি ঠাইত ইয়াৰ মুকলি বজাৰ আছে৷ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত চীন, জাপান, থাইলেণ্ড আফ্ৰিকাৰ কিছু দেশত এই পোক – পতংগৰ বৃহৎ বজাৰ আছে৷ সেইবোৰ দেশত এইবোৰক ব্যৱসায়িকভিত্তিত পালন কৰে আৰু পেকেটিং বা টেমা আদিতো চুপাৰ মাৰ্কেট, অনলাইনত কিনিব পোৱা যায়৷

বৰলৰ বাহ

পৰিপুষ্টিৰ ফালৰপৰা চাবলৈ হ’লে পোক-পতংগবোৰ উচ্চ প্ৰটিনসমৃদ্ধ, কাৰ্বহাইড্ৰেটযুক্ত তথা লিপিডযুক্ত৷ কিছুমানত উচ্চ হাতৰ ওমেগা -৩(omega-3) পোৱা যায়৷ শৰীৰক মাছ -মাংসৰ পৰা যি ধৰণৰ পুষ্টি যোগান ধৰে এইসমূহতে একেই পুষ্টি যোগায় ৷ বিশ্বাস কৰা হয় যে এইবোৰে ৰোগ নিৰাময়ত সহায় কৰে৷ আমৰলি পৰুৱাক চাইনাচাইটিছৰ ৰোগত আৰু নাকৰ ইনফেকছনত ঔষধ হিচাপে ব্যৱহাৰ কৰে৷ কোনো কোনো সমাজত মেলেৰীয়া, দাঁত বিষ, পেটৰ ৰোগ,স্কেবিজ,ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণত সহায় কৰে বুলি জনবিশ্বাস চলি আহিছে আৰু ব্যৱহাৰো কৰি আহিছে ৷ তদুপৰি এইবোৰে সংখ্যাত বৃদ্ধি হৈ শস্যৰ অনিষ্ট কৰে , সেয়ে খাদ্য হিচাপে গ্ৰহণ কৰিলে নিয়ন্ত্ৰণ হৈ থাকিব৷ অৱশ্যে কোনো কোনো অঞ্চলত এইবোৰক অবাধে নিধন কৰাৰ বাবে বিলুপ্ত হোৱাৰ সম্ভাৱনা নথকা নহয়৷ সেয়েহে এইবোৰক বাণিজ্যিকভাৱে পালন কৰিলে বিলুপ্ত হোৱাৰপৰা ৰক্ষা পৰিব তথা খাদ্যৰ চাহিদাও পূৰণ হ’ব৷ অদূৰ ভৱিষ্যতে ইয়াৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি৷ ইতিমধ্যেই এড়ী লেটাৰ বাণিজ্যিক প্ৰসাৰ ঘটিছেই৷ পৃথিৱীৰ প্ৰায় দুশতকৈও অধিক পোক-পতংগ খোৱাৰ বাবে উপযোগী আৰু পুষ্টিগুণসম্পন্ন৷ সেয়ে বাণিজ্যিক দিশত ভাবিবলৈ থল আছে বুলি গণ্য কৰিছো৷

বি.দ্ৰ.: যিসকলৰ এই পতংগবোৰক খাদ্যৰ তালিকাত নাই তেওঁলোকে যাতে বিৰূপ মন্তব্য নিদিয়ে৷ কাৰণ সমগ্ৰ অসমৰ জনজাতীয় সমাজ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বহু লোকৰে এইবোৰ পৰম্পৰাগত খাদ্য যিবোৰ যুগ যুগ ধৰি গ্ৰহণ কৰি আহিছে ৷ময়ো ইয়াৰ ব্যতিক্ৰম নহয় ৷

আকাশৰ ধনুবোৰ

আমি বাস কৰা এই বিনন্দীয়া পৃথিৱীখনত কিমান যে বিস্ময়কৰ ঘটনা ঘটি থাকে ৷ প্ৰকৃতিয়ে ঘটোৱা এই ঘটনাবোৰৰ কিছুমান ভয়ংকৰ, কিছুমান ৰহস্যময়, কিছুমান মোহনীয় তথা আশ্চৰ্যজনকভাৱে দৃষ্টিনন্দন ৷I

সাতোৰঙী ইন্দ্ৰধনু

পৃথিৱীৰ এই সীমাহীন আকাশখনৰ কথাই ধৰক, কিমান যে ডাৱৰৰ লুকাভাকু, ৰ’দ বৰষুণৰ খেলা, অপাৰ নীল সমুদ্ৰহেন আকাশৰ ৰং, কেতিয়াবা আকৌ সেন্দূৰীয়া, কেতিয়াবা হালধীয়া, কত’ যে খেলা আকাশৰ বুকুত এই প্ৰকৃতিৰ ৷ এই আকাশৰ বুকুত সৃষ্টি হোৱা কিছুমান ধনুৰ বিষয়ে কিছু আভাস দিবলৈ চেষ্টা কৰিম ৷

ইন্দ্ৰধনু (Rainbow)

ইন্দ্ৰধনু বা ৰামধেনু দেখি মোহিত নোহোৱা হয়তো কোনো নাই ৷ চিৰপৰিচিত এই ইন্দ্ৰধনুৰ সাতোটা ৰঙে কিমান যে আনন্দ দিয়ে ৷ ইন্দ্ৰধনুক আমি বৰষুণৰ আগত বা পাছত দেখা পাওঁ ৷ ই এক প্ৰাকৃতিক পৰিঘটনা ৷ সূৰ্য্যৰ পোহৰ বায়ুমণ্ডলৰ বৰষুণৰ কণিকাত প্ৰতিফলন, প্ৰতিসৰণ ঘটি সাতোটা ৰঙৰে ইয়াক অৰ্ধবৃত্তাকাৰ বা আংশিকভাবে ধনুৰ দৰে দেখি ৷ ই সদায় সূৰ্য্যৰ বিপৰীত দিশত সৃষ্টি হয় ৷ বৰষুণৰ কণিকাত সূৰ্য্যৰ পোহৰৰ সাতোটা ৰং বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা এই ৰঙকেইটা বৰষুনৰ কণিকাত প্ৰতিফলিত হৈ দৃশ্যমান হয় ৷ পাহাৰৰ বুকুত ইন্দ্ৰধনুৰ সৌন্দৰ্য উপভোগ কৰাৰ মাদকতাই সুকীয়া ৷

ইন্দ্ৰধনু

সূৰ্য্য ধনু (Sunbow)

সূৰ্য্যধনু

সূৰ্য্য ধনুক ইন্দ্ৰধনু বুলি নাভাবিব ৷ অৱশ্যে ইও ইন্দ্ৰধনুৰ দৰেই সাতোটা ৰং প্ৰতিফলিত কৰে ৷ ইয়াক জলপ্ৰপাত, পানীৰ ফোঁৱাৰা আদিতো দেখা যায় ৷ আটাইতকৈ বেছি ধুনীয়া লাগে যেতিয়া সূৰ্য্যৰ চাৰিওফালে ঘুৰণীয়াকৈ দেখা যায় ৷ কেতিয়াবা দ্বৈত সূৰ্য্যধনুও দেখা পোৱা যায় ৷ অৱশ্যে এখন আনখনৰ প্ৰতিবিম্বহে ৷

সূৰ্য্যধনু

চন্দ্ৰধনু(Moonbow)

দ্বৈত চন্দ্ৰধনু

চন্দ্ৰধনু নামটোৰপৰাই অনুমান কৰিব পাৰি যে ই চন্দ্ৰৰ লগত জড়িত পৰিঘটনা ৷ ৰাতিৰ আকাশত বায়ুমণ্ডলৰ জলীয় বাষ্পৰ মাজেৰে চন্দ্ৰৰ পোহৰ প্ৰতিসৰণ ঘটি চন্দ্ৰধনুৰ সৃষ্টি হয় ৷ দেখাত ইন্দ্ৰধনুৰ দৰেই যদিও ই ৰাতি চন্দ্ৰৰ বিপৰীত দিশত সৃষ্টি হয় ৷ তুলনামূলকভাবে ই ইন্দ্ৰধনুতকৈ বহু পৰিমাণে অনুজ্জ্বল ৷ যিহেতু চন্দ্ৰৰ নিজা পোহৰ নাই , ই সূৰ্য্যৰ পোহৰহে প্ৰতিফলিত কৰে , সেয়ে চন্দ্ৰধনুতো সাতটা ৰঙৰ দেখা যায় ৷ অৱশ্যে ইমানেই অনুজ্জ্বল যে মানুহৰ চকুৰে ইয়াৰ পাৰ্থক্য ধৰিব নোৱাৰি আৰু সেয়ে ইয়াক বগা ৰঙৰ ধনু দৰে দেখি ৷ বগা হোৱাৰ বাবে ইয়াক শুক্লধনু বা শ্বেতধনু বুলিও কোৱা হয় ৷ কোনো কোনো বতৰত সূৰ্য্যধনুৰ দৰে চন্দ্ৰৰ চাৰিওফালে ইয়াকো একক বা দ্বৈতভাৱে দেখা পোৱা যায় ৷

একক চন্দ্ৰধনু

কুঁৱলী ধনু (Fogbow)

কুঁৱলী ধনু

কু্ঁৱলী ধনু বা ফগব’ কুঁৱলীৰ বাবে সৃষ্টি হয় ৷ইয়াক ভূতৰ ইন্দ্ৰধনু বুলিও কোৱা হয় ৷ ইও ইন্দ্ৰধনুৰ দৰেই সূৰ্য্যৰ বিপৰীত দিশত সৃষ্টি হয় ৷ পাৰ্থক্য ইমানেই যে ইন্দ্ৰধনু বৰষুনৰ টোপালত সৃষ্টি হয় আৰু কুঁৱলীধনু কুঁৱলীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰ বাবে সৃষ্টি হয় ৷ কুঁৱলীৰ ক্ষুদ্ৰ কণিকাৰ মাজেৰে সূৰ্য্যৰ পোহৰ প্ৰতিফলন ঘটি এই ধনুৰ সৃষ্টি হয় ৷ ই প্ৰায় বগা বা ৰঙবিহীন ধূম্ৰাকাৰ হোৱা বাবে ইয়াক ভূতৰ ইন্দ্ৰধনু বুলি কোৱা হয় ৷

প্ৰকৃততে আকাশত ( বায়ুমণ্ডল) সৃষ্টি হোৱা সকলো ধনুৱেই সূৰ্য্যৰ পোহৰৰ খেলা বা পৰিঘটনা ৷ বায়ুমণ্ডলত সংঘটিত হোৱা বিভিন্ন প্ৰক্ৰিয়াৰে সূৰ্য্যৰ পোহৰ প্ৰত্যক্ষ বা পৰোক্ষ ভাবে জলীয় মাধ্যমৰ মাজেৰে পাৰ হৈ যাওঁতে প্ৰতিফলন , প্ৰতিসৰণ ঘটি এই ধনুসমূহৰ গঠন হয় ৷ ইয়াক পোহৰৰ খেল বুলি ক’ব পাৰি৷ এই খেল চাবলৈ আমাক প্ৰয়োজন মাথো আকাশলৈ মূৰ তুলি চোৱা আৰু উপভোগ কৰা ৷ বিচিত্ৰ প্ৰকৃতিয়ে আমাৰ বাবে অপাৰ বিস্ময় লৈ বুকু ভৰাই ৰাখিছে ৷

কুঁৱলী ধনু

দুষ্প্ৰাপ্য মৃত্তিকা আৰু সাম্প্ৰতিক বিশ্বৰ প্ৰযুক্তি

বৰ্তমান মানৱ সমাজ সম্পূৰ্ণভাৱে প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে ৷ ধনী অথবা দুখীয়া সকলো লোকেই প্ৰত্যক্ষ বা পৰোক্ষভাৱে বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰ কৰি আহিছে ৷দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা স্মাৰ্ট ফোন , চেলুলাৰ ফোন, লেপটপ, কম্পিউটাৰ, গাড়ী মটৰ, ইন্টাৰনেট, ৰাডাৰ, LED বাল্ব , টৰ্চ, পুন ব্যৱহাৰযোগ্য বেটাৰী ইত্যাদি আমি ব্যৱহাৰ কৰি আহিছো ৷ প্ৰযুক্তিবিহীন জীৱনৰ আমি কল্পনাই কৰিব নোৱাৰো ৷ এই সকলোবোৰ প্ৰযুক্তিসৃষ্ট সামগ্ৰী নিৰ্মাণৰ মূলতে আছে দুষ্প্ৰাপ্য মৃত্তিকা ৷ কিন্তু এই দুষ্প্ৰাপ্য মৃত্তিকানো প্ৰকৃততে কি আৰু ইয়াৰ উৎস , বিজ্ঞান প্ৰযুক্তিত ইয়াৰ ব্যৱহাৰ বিষয়ে আমি জানি ল’ব লাগিব ৷ কাৰণ বৰ্তমান বিশ্ব অৰ্থনীতিত ইয়াৰ ভূমিকা উল্লেখযোগ্য হিচাপে বিবেচিত হৈছে ৷ আহিবলগীয়া দিনবোৰত এই দুষ্প্ৰাপ্য মৃত্তিকাই পৃথিৱীৰ প্ৰযুক্তি ক্ষেত্ৰখন নিয়ন্ত্ৰণ কৰিব৷

দুষ্প্ৰাপ্য মৃত্তিকাবোৰ প্ৰকৃততে ইয়াৰ নামটোৰ দৰে দুষ্প্ৰাপ্য নহয় ৷ ৰসায়ন বিজ্ঞানৰ নীতি অনুসৰি এইবিলাকক ধাতবীয় মৌল বুলিহে কোৱা হয় ৷ এইবোৰ এক প্ৰকাৰৰ ধাতু ৷ পৃথিৱীৰ বিভিন্ন অঞ্চলত এইবোৰক আন মৌলৰ লগত আকৰ হিচাপে পোৱা যায় ৷পৃথিৱীত ১৭ বিধ দুষ্প্ৰাপ্য মৃত্তিকা পোৱা যায় ৷ সেইবোৰ হ’ল -স্কেণ্ডিয়াম(SC), ইট্ৰিয়াম(Y),লেন্থেনাম(La), ছিৰিয়াম(Ce), প্ৰাছোডাইমিয়াম(Pr), নিয়ডাইমিয়াম(Nd), প্ৰমেথিয়াম(Pm), ছামাৰিয়াম(Sm), ইউৰোপিয়াম(Eu), গেডোলিনিয়াম(Gd), টাৰবিয়াম(Tb), ডাইপ্ৰোছিয়াম(Dy), হ’লমিয়াম(Ho), এৰবিয়াম(Er), থুলিয়াম(Tm), ইটাৰবিয়াম(Yb) আৰু লুটেছিয়াম(Lu)৷ আন্তঃজাৰ্তিক ৰসায়ন বিজ্ঞানৰ সংস্থা IUPAC( International Union of Pure and Applied Chemistry) মতে এই মৌলসমূহৰ ধৰ্ম আৰু বৈশিষ্ট্য একে হোৱাৰ বাবে ইহঁতক চিনাক্ত কৰা আৰু পৃথক কৰা প্ৰক্ৰিয়াটো অতি জটিল আৰু কষ্টকৰ ৷ সেয়েহে ইহঁতক দুষ্প্ৰাপ্য মৃত্তিকা বুলি কোৱা হয় ৷ ইহঁতক সাধাৰণতে অক্সাইড হিচাপে সংৰক্ষণ কৰি ব্যৱহাৰ কৰা হয় ৷ এই সমূহৰ ভিতৰত স্কেণ্ডিয়াম আটাইতকৈ বেছি দুষ্প্ৰাপ্য বুলি কোৱা হয় কাৰণ ই অত্যধিক ৰেডিঅ’এক্টিভ আৰু সহজতে ক্ষয় যায় ৷

আধুনিক মৌলসমূহৰ তালিকাত দুষ্প্ৰাপ্য মৃত্তিকাৰ স্থান

দুষ্প্ৰাপ্য মৃত্তিকাৰ ব্যৱহাৰ

দুষ্প্ৰাপ্য মৃত্তিকাৰ অক্সাইড

আধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰখনত দুষ্প্ৰাপ্য মৃত্তিকাৰ প্ৰয়োগ অপৰিসীম ৷ প্ৰায় প্ৰতিটো বৈদ্যুতিক সামগ্ৰী তথা সজুঁলিত দুষ্প্ৰাপ্য মৃত্তিকাৰ ব্যৱহাৰ হয় ৷ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা চেলুলাৰ ফোন , মেমৰি কাৰ্ড, ৰাডাৰ ,কেমেৰা, চেপেটা পৰ্দাৰ টিভি, LED বাল্ব, DVD, দিপ্তীমান ইলেক্ট্ৰনিক সামগ্ৰী , পুনঃ পুনঃ ব্যৱহাৰ কৰিব পৰা বেটাৰী(Lithium ion battery), চুম্বক আদিত দুষ্প্ৰাপ্য মৃত্তিকা ব্যৱহাৰ কৰা হয়৷ ইয়াৰোপৰি অট’মবাইল সামগ্ৰীসমূহতো ইয়াক ব্যৱহাৰ কৰা হয় ৷ আজিকালি পৰিবেশহিতৈষী হিচাপে বিদ্যুতচালিত বাহন আৰু হাইব্ৰিড গাড়ীৰ বেটাৰী আৰু অন্যান্য অংশ নিৰ্মাণত দুষ্প্ৰাপ্য মৃত্তিকা ব্যৱহৃত হয় ৷ডাঙৰ ডাঙৰ বতাহচালিত টাৰবাইনত প্ৰায় দুই টনতকৈ অধিক পৰিমানৰ চুম্বক ব্যৱহাৰ কৰা হয় যিবোৰ দুষ্প্ৰাপ্য মৃত্তিকাৰে নিৰ্মিত ৷ সৌৰফলক, ৰাডাৰ প্ৰণালী, মিছাইল আদিৰ চিপছ্ নিৰ্মাণতো দুষ্প্ৰাপ্য মৃত্তিকাৰ ব্যৱহাৰ অপৰিহাৰ্য ৷

ওছমিয়াম (osmium) দুষ্প্ৰাপ্য মৃত্তিকাৰ আকৰ

আজিৰপৰা প্ৰায় বিছ বছৰ আগলৈকে খুব কম সংখ্যক মানুহে ম’বাইল ব্যৱহাৰ কৰিছিল , কিন্তু বৰ্তমান পৃথিৱীত ম’বাইল ব্যৱহাৰ কৰা মানুহৰ সংখ্যা ৫ বিলিয়নতকৈও বেছি৷ দুষ্প্ৰাপ্য মৃত্তিকাৰ ব্যৱহাৰে কম্পিউটাৰ, লেপটপ আদিৰ কাৰ্যক্ষমতা ম’বাইলৰ দৰে দ্ৰুত আৰু ক্ষীপ্ৰ তথা সহজ কৰি তুলিছে ৷ দুষ্প্ৰাপ্য মৃত্তিকাসমূহ বায়ুশোধক সজুঁলিতো ব্যৱহাৰকৰা হয়৷ তদুপৰি গ্লাছ পৰিষ্কাৰক, মাৰ্বল, গ্ৰেণাইট, ৰত্নপাথৰ আদিৰ পলিছ কৰাতো দুষ্প্ৰাপ্য মৃত্তিকাৰ অক্সাইডসমূহ ব্যৱহৃত হয় ৷ আচৰিত হ’বলগীয়া কথা যে আমেৰিকা মহাদেশত স্কেণ্ডিয়াম নামৰ দুষ্প্ৰাপ্য মৃত্তিকাবিধ আটাইতকৈ বেছি ব্যৱহাৰ হয় বেছবলৰ বেট আৰু অন্যান্য খেলৰ সামগ্ৰী নিৰ্মাণত ৷ আজিকালি স্পীকাৰ, মাইক্ৰফোনত ব্যৱহাৰ কৰা চুম্বকসমূহো দুষ্প্ৰাপ্য মৃত্তিকাৰেই নিৰ্মিত ৷

পালাডিয়াম (paladium) আকৰ

প্ৰতিৰক্ষাৰ ক্ষেত্ৰখনত দুষ্প্ৰাপ্য মৃত্তিকাৰ ব্যৱহাৰ

কেৱল জনসাধাৰণৰ জীৱন ধাৰণৰ উন্নয়ন কৰা সামগ্ৰীতেই দুষ্প্ৰাপ্য মৃত্তিকাৰ ব্যৱহাৰ হোৱা নাই , আধুনিক প্ৰতিৰক্ষাৰ ক্ষেত্ৰখনতো ইয়াৰ বহুল ব্যৱহাৰ হয় ৷ সৈন্যবাহিনীত ব্যৱহাৰ হোৱা নাইট ভিছন চছমা (Night Vision Gaggles) , ৱায়াৰলেছ সামগ্ৰী, জিপিএছ(GPS) সজুঁলি, বেটাৰী, মিছাইল, প্ৰতিৰক্ষা অস্ত্ৰ, ৰাডাৰ আৰু অন্যান্য আনুসংগিক সামগ্ৰী নিৰ্মাণত দুষ্প্ৰাপ্য মৃত্তিকাৰ ব্যৱহাৰ অপৰিহাৰ্য৷

আধুনিক জীৱনত এই সামগ্ৰীসমূহৰ বিপুল জনপ্ৰিয়তা আৰু বহুল প্ৰচলনে দুষ্প্ৰাপ্য মৃত্তিকাৰ চাহিদা তথা মূল্য দিনক দিনে বৃদ্ধি কৰি তুলিছে ৷

দুষ্প্ৰাপ্য মৃত্তিকা আৰু আধুনিক বিশ্ব

আধুনিক বিশ্বই হৈছে প্ৰযুক্তিনিৰ্ভৰ ৷ বিজ্ঞানৰ অৱদানে সকলোকে প্ৰযুক্তি নিৰ্ভৰ হ’বলৈ বাধ্য কৰাইছে ৷ভৱিষ্যতৰ পৃথিৱীখনত কেৱল প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰিয়েই জীৱন ধাৰণৰ মান নিৰূপণ কৰিব ৷ সেয়েহে আমেৰিকা, অষ্ট্ৰেলিয়া, জাপান, জাৰ্মানী, চীন আদি উন্নত দেশসমূহত দুষ্প্ৰাপ্য মৃত্তিকাৰ চাহিদা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ৷ আজিৰ চীন দেশ প্ৰযুক্তিৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত শীৰ্ষ স্থানত আছে কেৱল দুষ্প্ৰাপ্য মৃত্তিকাৰ ওপৰত নিৰ্ভৰ কৰিয়েই ৷ চীন দেশে পৃথিৱীৰ আটাইতকৈ বেছি দুষ্প্ৰাপ্য মৃত্তিকা প্ৰায় ৯৭% উৎপাদন কৰে তথা বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰে ৷আমেৰিকা, অষ্ট্ৰেলিয়া, জাৰ্মানী আদি দেশে চীন দেশৰ পৰা দুষ্প্ৰাপ্য মৃত্তিকা আমদানি কৰি নিজৰ নিজৰ প্ৰযুক্তিৰ ক্ষেত্ৰখন টনকিয়াল কৰি আছে ৷ এনে নহয় যে সেইবোৰ দেশত দুষ্প্ৰাপ্য মৃত্তিকাৰ কোনো খনি নাই , কিন্তু ইয়াৰ পৃথকীকৰণৰ জটিলতাৰ বাবেই আমদানি কৰাতহে গুৰুত্ব দিছে ৷ ইয়াৰ পৰা চীনদেশৰেই লাভ হৈছে৷ পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থানত আছে আমেৰিকা মহাদেশ আৰু তৃতীয়ত অষ্ট্ৰেলিয়া৷ এই ক্ষেত্ৰত আমাৰ ভাৰতো পিছ পৰি থকা নাই ৷ দুষ্প্ৰাপ্য মৃত্তিকাৰ উৎপাদনৰ ক্ষেত্ৰত ছয় নম্বৰ স্থানত আছে ভাৰত ৷

আজিৰ বিশ্ব অৰ্থনীতিবিদসকলৰ মতে দুষ্প্ৰাপ্য মৃত্তিকাই ভৱিষ্যতৰ বিশ্ব অৰ্থনীতি নিয়ন্ত্ৰণ কৰিব ৷ বৰ্তমানৰ অৰ্থনীতি পেট্ৰোলিয়ামৰ ওপৰত নিৰ্ভৰ কৰি আছে ৷ কাৰণ পৃথিৱীৰ পৰিবেশৰ ওপৰত গুৰুত্ব আৰোপ কৰি পেট্ৰোলিয়ামৰ বিকল্প হিচাপে ব্যৱহাৰ কৰাত ইতিমধ্যেই দুষ্প্ৰাপ্য মৃত্তিকাক গুৰুত্ব দিয়া হৈছে ৷ যদিহে এইটো সঁচা হয় তেন্তে অনাগত দিনবোৰত ভাৰতো বিশ্বৰ এখন শীৰ্ষ দেশ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে ৷ কাৰণ চীন দেশে ইতিমধ্যে দুষ্প্ৰাপ্য মৃত্তিকাৰ ৰপ্তানিৰ ক্ষেত্ৰত নতুন নীতি প্ৰৱৰ্তন কৰি ৰপ্তানিৰ পৰিমাণ হ্ৰাস কৰিছে৷ ভাৰতত প্ৰচুৰ পৰিমাণে দুষ্প্ৰাপ্য মৃত্তিকাৰ ভাণ্ডাৰ আছে ৷ চীন দেশৰ বিকল্প হিচাপে ভাৰতে দুষ্প্ৰাপ্য মৃত্তিকাৰ উৎপাদন কৰি ৰপ্তানি কৰিলে ভৱিষ্যতৰ বিশ্ব অৰ্থনীতিত উন্নত দেশসমূহৰ দৰে প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ৷

ৰ’ড’ক্ৰছাইট (rhodochrosite) আকৰ

অসুৰ পূজাঃ এক ব্যতিক্ৰমী পৌৰাণিক ধাৰা

যুগ যুগ ধৰি ভাৰতবৰ্ষত বিভিন্ন দেৱতা বা দেৱীৰ পূজা-অৰ্চনা চলি আহিছে ৷ পূজাৰ মহাত্ম্য অনুসৰি সকলোৰে নীতি – নিয়ম ভিন্ন ৷ সকলো মানুহেই নিজৰ নিজৰ পৰম্পৰা অনুসৰি নিজ নিজ উপাস্য দেৱতা বা দেৱীৰ উদ্দেশ্যে ধূপ -ধূণা , ফুল আৰু মাংগলিক উপাচাৰে প্ৰাথৰ্না কৰি ভগৱানৰ আশীষ কামনা কৰে ৷ পূজাই মানুহৰ মনত ভক্তি ভাৱ জগাই তুলি মানসিক প্ৰশান্তি প্ৰদান কৰে ৷যি কি নহওক সকলো ধৰ্মৰ মতে উৎসৱ – পাৰ্বণ বা পূূজা আদি বিভিন্ন দেৱতা বা দেৱীৰ নামত পালন কৰা হয় ৷ দেৱ-দেৱীসকলক ভাল আৰু ন্যায়ৰ প্ৰতীক আৰু অসুৰসকলক বেয়া আৰু অন্যায়ৰ প্ৰতীক হিচাপে দেখুওৱা হয় ৷ যাৰ বাবে প্ৰতিটো পূজা বা উৎসৱৰ কাহিনীতে দেৱতা বা দেৱীৰ ( ঈশ্বৰ )দ্বাৰা অসুৰ বধ আৰু শান্তি স্থাপন কৰা পোৱা যায় ৷

কিন্তু আজি মই লৈ আহিছো এই সকলোৰে বিপৰীত এক ব্যতিক্ৰমী পৌৰানিক ধাৰাৰ পূজা যি কেৱল এক শ্ৰেণীৰ সংখ্যক মানুহৰ মাজত প্ৰচলিত৷ সেয়া হৈছে “অসুৰ পূজা”৷ সমগ্ৰ ভাৰতবৰ্ষৰ কেৱল জনগোষ্ঠীয় লোকৰ মাজত চলি অহা এক পৰম্পৰা ৷

মহিষাসুৰ পূজাঃঃ

মহিষাসুৰৰ বিশাল মূৰ্ত্তি

সমগ্ৰ দেশত যেতিয়া মহিষাসুৰমৰ্দিনী, দূৰ্গতিনাশিনী আদিৰে বিভূষিতা দেৱী দূূূূৰ্গাৰ পূজা পাতে আৰু নৱৰাত্ৰি উদযাপন কৰে , ঠিক সেই সময়খিনিত ঝাৰখণ্ডৰ এক পাহাৰীয়া জনজাতিয়ে গোটেই নটা দিন শোক পালন কৰে ৷ নিজকে “অসুৰ” জনগোষ্ঠী বুলি পৰিচয় দিয়া এই জনজাতীয় লোকসকলে মহিষাসুৰক নিজৰ আদি পুৰুষ বুলি বিশ্বাস কৰি আহিছে আৰু নিজকে মহিষাসুৰৰ বংশধৰ বুলি মানি আহিছে৷ তেওঁলোকৰ মতে তেওঁলোকৰ আদিপুৰুষ মহিষাসুৰ এজন প্ৰবল পৰাক্ৰমী মহাবীৰ আছিল , যাক আৰ্য সকলে ছলনা কৰি বধ কৰিলে বুলি বিশ্বাস কৰে৷ এনেদৰে ছলনা কৰি বধ কৰাৰ বাবে তেওঁলোকে দূৰ্গাপূজাৰ দিনকেইটাত অৰ্থাৎ নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা দশেৰালৈকে শোক পালন কৰে ৷ সেই দিনকেইটাত কোনো ধৰণৰ আমোদ – প্ৰমোদ , ধৰ্মীয় কাম কাজ আদি পালন কৰা নহয় ৷ তেওঁলোকৰ প্ৰবাদ মতে মহিষাসুৰে মহিলাৰ বিৰুদ্ধে কোনো ধৰণৰ অস্ত্ৰ ধাৰণ নকৰিছিল আৰু সেই আচিলাতে দেৱী দূৰ্গাক সন্মুখত ৰাখি আৰ্য দেৱতাসকলে ছলনা কৰি মহিষাসুৰক বধ কৰে ৷ এই কাহিনীটোকে দেৱতাই অসুৰক সংহাৰ কৰি পৃথিৱীলৈ শান্তি ঘুৰাই আনে বুলি প্ৰচাৰ কৰিলে বুলি আজিও দুুখ প্ৰকাশ কৰে ৷

অসুৰ জনগোষ্ঠীৰ মহিষাসুৰ পূজা

মহিষাসুৰ পূজাৰ বাবে তেওঁলোকে কোনো মূৰ্ত্তি নাৰাখে৷ পুৰুষানুক্ৰমে মুখে মুখ চলি অহা নীতি – নিয়ম পৰম্পৰা অনুসৰি পূজা কৰি আহিছে৷অসুৰ জনজাতিৰ লোকসকলৰ মতে তেওঁলোকে মহিষাসুৰক অন্তৰত ধাৰণ কৰে ৷ দশেৰাৰ দিনা তেওঁলোকে দশাই আৰু কাণ্ঠী নামেৰ এক নৃত্য – গীতৰ মাধ্যমৰে মহিষাসুৰ বধৰ শোকগাঁথা পৰিবেশন কৰে ৷ তেওঁলোকে বিশ্বাস কৰে যে মহিষাসুৰে আকৌ পৃথিৱীত জন্ম গ্ৰহণ কৰিব কাৰণ তেওঁলোকৰ পূৰ্বজ মহিষাসুৰক ছলনা কৰি বধ কৰা হৈছিল ৷ যদিও নিৰাকাৰ মহিষাসুৰৰ পূজা চলি আহিছে , আজি কিছুবছৰৰ পৰা মহিষাসুৰৰ মূৰ্ত্তি স্থাপন কৰি পূজা কৰা প্ৰচলন হৈছে ৷ ঝাৰখণ্ডৰ বাহিৰেও পশ্চিমবংগ, ছত্তিছগড় আৰু মধ্যপ্ৰদেশৰ কোনো কোনো জনগোষ্ঠীৰ মাজতো মহিষাসুৰৰ পূজা কৰা দেখা যায় ৷

দশাই আৰু কাণ্ঠী নৃত্য পৰিবেশনৰ সময়ত

ৰাৱন পূজাঃঃ

ৰাৱণৰ বিৰাটকায় মূৰ্ত্তি

ৰামায়ণৰ খলনায়ক তথা মহা প্ৰতাপী অসুৰ ৰাৱণক বধ কৰি সীতা উদ্ধাৰৰ কাহিনীয়ে সকলোকে মোহিত কৰে ৷ সকলো অসুৰৰ চাৰিত্ৰিক গুণসমূহ শাস্ত্ৰত একেদৰেই বৰ্ণিত৷ একেই অট্টহাস্য, চকু ডাঙৰ টেলেকা, অলৌকিক শক্তিধাৰী মায়াবী তথা অত্যাচাৰী ৷ ৰাৱণো ক্ষেত্ৰতো ব্যতিক্ৰম নহয় , কিন্তু এই ৰাৱণকো মধ্যপ্ৰদেশ, কৰ্ণাটক, উত্তৰপ্ৰদেশ, ৰাজস্থান আৰু হিমাচল প্ৰদেশৰ কিছু কিছু ঠাইৰ জনগোষ্ঠীয় মানুহে পৰম শ্ৰদ্ধাৰে যথেষ্ট উলহ মালহ আৰু ধুমধামেৰে পূজা পালন কৰে ৷

মধ্যপ্ৰদেশৰ বিদিশা জিলাৰ এখন গাঁৱত ৰাৱণৰ এক মন্দিৰ আছে য’ত ৰাৱণক পূজা কৰা হয় ৷ এই মন্দিৰটো মধ্যপ্ৰদেশৰ প্ৰথম ৰাৱণৰ মন্দিৰ ৷ আনকি ৰাজ্যখনৰ মন্দসুৰ জিলাৰ খানপুৰত ৰাৱণৰ এক বিশাল মূৰ্ত্তি স্থাপন কৰা আছে ৷ জনবিশ্বাস অনুসৰি ৰাৱণৰ পত্নী মন্দোদৰী এই ঠাইৰ জীয়াৰী আছিল আৰু সেই সূত্ৰে ৰাৱণ ইয়াৰ জামাতা অৰ্থাৎ জোঁৱাই ৷ মন্দোদৰীৰ নাম অনুসৰিয়েই এই ঠাইৰ নাম মন্দসুৰ হয় বুলি বিশ্বাস কৰে ৷

শহুৰৰ ৰাজ্যত ৰাৱণৰ মূৰ্ত্তি

কৰ্ণাটকতো শস্য চপোৱা উৎসৱৰ সময়ত ৰাৱণৰ যথেষ্ট জাক জমকতাৰে পূজা কৰা হয় ৷ পূজাৰ সময়ত ৰাৱণৰ মূৰ্ত্তিক ৰথত তুলি পৰিভ্ৰমণো কৰোৱা হয় ৷ এই পূজা তিনিদিনৰপৰা পাঁচদিন পৰ্য্যন্ত পালন কৰে ৷ “লংকেশ্বৰ মহোৎসৱ “নামেৰে জনাজাত এই পূজাত ৰাৱণৰ প্ৰতিমূৰ্ত্তিত ধূপ ধূণা, ফুলেৰে সজ্জিত কৰি পূজা অৰ্চনা কৰা হয়৷ ভগৱান শিৱৰ পৰম ভক্ত হিচাপে শিৱপূজাৰ লগতে ৰাৱণৰো পূজা কৰে ৷ ৰাজ্যখনৰ মাণ্ড্যা জিলাত ৰাৱণৰ এক প্ৰাচীন মন্দিৰো আছে ৷

কৰ্ণাটকৰ দশানন মন্দিৰ

উত্তৰপ্ৰদেশৰ কানপুৰ জিলাত “দশানন মন্দিৰ “নামেৰে এক ৰাৱণৰ মন্দিৰ আছে ৷ এই মন্দিৰত ৰাৱণক শক্তিৰ প্ৰতীক হিচাপে পূজা কৰা হয় ৷ ভক্তসকলে ৰাৱণৰ মূৰ্ত্তিৰ সন্মুখত ধূপ -ধূণাৰে পূজা কৰি মনোকামনা পূৰণৰ বাবে প্ৰাৰ্থনা জনায় ৷ জনবিশ্বাস অনুসৰি ১৮৯০ চনত নিৰ্মাণ কৰা এই মন্দিৰটোৰ দুৱাৰ মাত্ৰ দশেৰাৰ দিনাহে মুকলি কৰা হয়৷ দশেৰাৰ দিনা পুৱাই দুৱাৰ মুকলি কৰি ৰাৱণৰ প্ৰতিমাত স্নান কৰাই শৃংগাৰ কৰি সজোৱা হয়৷ দিনটো ভক্তসকলৰ দৰ্শনৰ সুবিধাৰ বাবে দুৱাৰ খোলা থাকে৷ সন্ধিয়া আৰতিৰ পিছত বছৰটোৰ বাবে পুনৰ দুৱাৰ বন্ধ কৰি দিয়া হয়৷ দশেৰাৰ দিনা বহুতো ভক্তই পূজাৰ বাবে ভিৰ কৰেহি ৷

শক্তিৰ প্ৰতীক শিৱভক্ত ৰাৱণ

ৰাজস্থানৰ যোধপুৰৰ মন্দোদৰী নামৰ ঠাইত ৰাৱণ আৰু মন্দোদৰীৰ বিবাহ হৈছিল বুলি সেই ঠাইৰ মানুহৰ বিশ্বাস ৷ এতিয়াও কিছু অৱশেষ আছে বুলি বিশ্বাস কৰে ৷ সেই ঠাইতো ৰাৱণৰ এক মন্দিৰ আছে য’ত ৰাৱণক পূজা কৰা হয় ৷

হিমাচল প্ৰদেশৰ কাংগাৰা জিলাতো ৰাৱণৰ শ্ৰদ্ধা সহকাৰে পূজা – অৰ্চনা কৰা হয় ৷ সেই অঞ্চলৰ লোকসকলৰ মতে ৰাৱণৰ পুু্ত্তলিকা দাহ কৰাটো মহাপাপ ৷ তেওঁলোকৰ বিশ্বাসমতে সেই ঠাইতে ৰাৱণে শিৱক কঠোৰ তপস্যা কৰি মোক্ষ লাভ কৰিছিল ৷

দৈত্যৰাজ বলি বা বলিৰজাৰ পূজাঃ

প্ৰজাবৎসল বলি ৰজাৰ কৃষিকৰ্ম

কেৰেলা ৰাজ্যৰ লোকসকলৰ বাবে “ওনাম” উৎসৱ এক জাতীয় উৎসৱ ৷ অসমৰ বিহুৰ দৰেই এই উৎসৱ ৰং ৰহইচৰ মাজেৰে পালন কৰা হয় ৷ তেওঁলোকৰ পৰম্পৰা বিশ্বাস অনুসৰি সেই উৎসৱৰ তিনিটা দিন অসুৰ ৰজা বলি পাতালৰ পৰা আহি সুখ-দুখৰ খবৰ ল’বলৈ আহে৷ সেয়েহে প্ৰত্যেকৰে ঘৰৰ দুৱাৰমুখ ৰংগোলীৰে সজাই ৰাখে ৷ বলি ৰজা আছিল হিৰণ্যকশিপুৰৰ আজোনাতি তথা বিষ্ণুভক্ত প্ৰহ্লাদৰ নাতি ৷ অসুৰ ৰাজ বলি মহা পৰাক্ৰমী হোৱাৰ লগতে প্ৰজাবৎসল তথা ন্যায়পৰায়ন আৰু মহাদানী ৰজা আছিল ৷ বলিৰ শাসনকালতেই কেৰেলাৰ স্বৰ্ণযুগ বুলি কোৱা হৈছিল ৷ বলিৰ এই পৰাক্ৰম দেখি স্বৰ্গৰ দেৱতাসকলে ইন্দ্ৰপুৰী অধিকাৰ কৰিব বুলি শংকিত হৈ বিষ্ণুৰ শৰণ ল’লে ৷ বিষ্ণুৱে দেৱতাসকলক অভয়দান কৰি বামণ (বটু ) অৱতাৰ ধাৰণ কৰিলে৷ বলিৰজাই এক যজ্ঞৰ অন্তত দান দক্ষিণা দিয়াৰ সময়তেে বামণৰূপী বিষ্ণুৱে তিনিপদ ভূমি বিচাৰি ছলনা কৰিলে৷ মহাদানী বলিয়ে সেই দান দিয়াৰ পৰিপ্ৰেক্ষিতত বিষ্ণুৱে তেওঁক পাতালত নিক্ষেপ কৰিলে৷ বলি পাতাললৈ যোৱা দেখি প্ৰজাসকলে শোক কৰাত প্ৰজাবৎসল ৰজা বলিয়ে বিষ্ণুৰপৰা সুখ-দুখৰ খবৰ ল’বলৈ অনুমতি বিচাৰিলে ৷ সেয়ে বিষ্ণুৱে বছৰত তিনিটা দিন প্ৰজাৰ খবৰ ল’বলৈ অনুমতি প্ৰদান কৰিলে ৷ সেই উপলক্ষে কেৰেলাবাসীয়ে “ওনাম ” উৎসৱ পালন কৰে ৷

বলিৰজাৰ বামণক ভূমিদান

অসমৰো ভূমিপুত্ৰ সোনোৱাল কছাৰীসকলে নিজকে বলিৰজাৰ বংশধৰ হিচাপে বিশ্বাস কৰি আহিছে ৷ তেওঁলোকৰ উৎসৱ “বাইথ’ পূজা”ত গোৱা হাইদাং গীতত বলিৰজাক “আদিগুৰু বলিৰজা” বুলি গাই আৰম্ভ কৰে ৷

বৰ্বৰীকৰ পূজাঃঃ ( খাটু শ্যাম জী )

খাটু শ্যাম জীৰ মন্দিৰ

বৰ্বৰীক হৈছে মহাবীৰ ভীম আৰু হিড়িম্বাৰ নাতি আৰু ঘটোৎকচৰ পুত্ৰ ৷ মহাভাৰতৰ অভিমন্যু বা ঘটোৎকচৰ কাহিনীৰ তুলনাত বৰ্বৰীকৰ কাহিনী কিছু পৰিমাণে উপেক্ষিত ৷ বৰ্বৰীক আছিল ঘটোৎকচৰ দৰেই মহা বলশালী , পৰাক্ৰমী ৷ তেওঁ মাতৃৰ ছত্ৰছায়াত ডাঙৰ -দীঘল হৈছিল৷ কুৰুক্ষেত্ৰৰ ৰণৰ সময়ত তেওঁ কিশোৰ অৱস্থাপ্ৰাপ্ত আছিল যদিও যথেষ্ট সাহসী , পৰাক্ৰমী,বলশালী তথা দানী বীৰ আছিল৷ কৰ্ণৰ দৰেই তেওঁ দান দিব পাৰিছিল ৷ মাত্ৰ তিনিডাল বাণেৰেই তেওঁ সসাগৰা পৃথিৱী জয় কৰা ক্ষমতা আছিল ৷ এইজনাৰ মাতৃৃপক্ষ অসুৰ বংশোদ্ভৱ হোৱা হেতুকে পাণ্ডৱৰ সৈতে সম্পৰ্ক কম আছিল ৷ কুৰুক্ষেত্ৰৰ ৰণৰ কথা শুনি বৰ্বৰীকৰো যুদ্ধ কৰাৰ ইচ্ছা হ’ল আৰু মাকৰপৰা অনুমতি বিচাৰিলে৷ মাকে পৰাজিতৰ পক্ষ (সম্ভাৱনা থকা )লৈ যুদ্ধ কৰিবলৈ কৈ পথালে ৷ মাকৰ আদেশ মানি বৰ্বৰীক যুদ্ধক্ষেত্ৰলৈ ৰাওনা হ’ল ৷

পুষ্পবেষ্টিত খাটু শ্যামৰূপী ছিন্নমস্তকৰ বৰ্বৰীকৰ মূৰ্ত্তি

ভগৱান শ্ৰী কৃষ্ণই এই কথা জানিছিল যে বৰ্বৰীক ইমানেই শক্তিশালী যে মাত্ৰ তিনিডাল বাণেৰেই পৃথিৱী জয় কৰিব পাৰে৷ যিহেতু কৌৰৱ পক্ষই পৰাজিত পক্ষ গতিকে মাতৃৰ আদেশ মানি বৰ্বৰীকে কৌৰৱ পক্ষ ল’ব ৷ তেতিয়া হ’লে কৌৰৱেই জয়ী হ’ব ৷ গতিকে শ্ৰী কৃষ্ণই আদবাটতে ব্ৰাক্ষ্মণৰ বেশ ধৰি বৰ্বৰীকক ছলনা কৰিলে ৷ বৰ্বৰীকে ব্ৰাক্ষ্মণৰূপী শ্ৰী কৃষ্ণক দান হিচাপে যি বিচাৰে দিম বুলি অংগীকাৰ কৰিলে ৷ সেই সুবিধাতে কৃষ্ণই বৰ্বৰীকৰ কটা মস্তক বিচাৰিলে৷ বৰ্বৰীকে ছলনা বুজিব পাৰিলে যদিও তেওঁ কটা মস্তক দিবলৈ কুণ্ঠাবোধ নকৰিলে ৷ কিন্তু দিয়াৰ আগত তেওঁৰ প্ৰকৃত ৰূপ চাব বিচাৰিলে আৰু কৃষ্ণ বুলি জানিব পাৰি অনুমতি বিচাৰিলে যে তেওঁ কুৰুক্ষেত্ৰৰ যুদ্ধখন কটা মস্তকেৰেই যাতে শেষলৈকে চাব পাৰে ৷ কৃষ্ণই তেওঁৰ ইচ্ছা অনুসৰি কটা মস্তক এখন পাহাৰৰ ওপৰত স্থাপন কৰিলে যাতে যুদ্ধখন শেষলৈ চাব পাৰে ৷ বৰ্বৰীকৰ এই আত্মত্যাগত সন্তুষ্ট হৈ কৃষ্ণই বৰদান দিলে যে কলিযুগত বৰ্বৰীকক “খাটু শ্যাম “নামেৰে জনাজাত হ’ব আৰু তেওঁক পূজা কৰিব৷

বৰ্বৰীকৰ আন এক খাটু শ্যামৰ মন্দিৰৰ বিগ্ৰহ

বৰ্তমান ৰাজস্থান, উত্তৰপ্ৰদেশ, গুজৰাট আদি ৰাজ্যত খাটু শ্যামৰ ৰূপত বৰ্বৰীকৰ পূূজা কৰা হয়৷ যিহেতুু বৰ্বৰীকৰ কটা মস্তক আছিল সেয়েহে খাটু শ্যামৰ মূৰ্ত্তিৰ সলনি কেৱল ছিন্ন মস্তকৰহে পূজা অৰ্চনা কৰা হয়৷ নানা ধৰণৰ ফুলৰ মালা তথা আভৰণেৰে সজ্জিত কৰি পূূজা কৰে ৷ প্ৰতিদিনে এই মন্দিৰসমূহলৈ অসংখ্য ভক্তৰ আগমণ ঘটে ৷

বিচিত্ৰ দেশ ভাৰতবৰ্ষত হাজাৰ হাজাৰ দেৱ দেৱতাৰ পূজা- অৰ্চনা চলি অহাৰ লগতে এনেদৰে বহু ঠাইত অসুৰৰো পূজা চলি আহিছে ৷ ভাৰতৰ বহু সংখ্যক আদিবাসী, জনজাতীয় জনগোষ্ঠীয়ে নিজকে অসুৰ বংশোদ্ভভৱ বুলি চিনাকী দি পৌৰাণিক নীতিনিয়মৰ মাজেৰে এনেদৰেই ঐতিহ্য, সংস্কৃতি আৰু পৰম্পৰা পালন কৰি আহিছে ৷

পৃথিৱীৰ কেইটামান আচৰিত আৰু মনোমোহা প্ৰব্ৰজন

আমি সকলোৱেই প্ৰব্ৰজনৰ বিষয়ে জানো ৷ খাদ্য, বাসস্থান আদিৰ বাবে হোৱা এই প্ৰব্ৰজনে কেতিয়াবা সমস্যাও সৃষ্টি কৰে৷ মানুহৰ অবৈধ প্ৰব্ৰজনে এখন দেশৰ জনগাঁথনি পৰ্য্যন্ত সলনি কৰিব পাৰে ৷ জীৱ-জন্তু, চৰাই-চিৰিকটিৰ প্ৰব্ৰজনৰ কথাও আমি পায়েই আছো ৷ কিন্তু এইবোৰ বাদ দিও কিছুমান অতি মনোমোহা তথা আচৰিত প্ৰব্ৰজনৰ বিষয়ে জনাব খুজিছো যিবোৰ প্ৰাণী বা জীৱই প্ৰব্ৰজন কৰিব পাৰে বুলি আমি হয়তো ভবাই নাই ৷

মনাৰ্ক পখিলা

পখিলাৰ প্ৰব্ৰজন

মেক্সিকোৰ অৰণ্যত মনাৰ্ক পখিলা

পখিলাৰ দৰে ক্ষুদ্ৰ পতংগয়ো যে প্ৰব্ৰজন কৰে এইটো নিশ্চয় আচৰিত কথা ৷ হয়, সকলো পখিলাই প্ৰব্ৰজন নকৰে , কেৱল মনাৰ্ক নামৰ পখিলাবিধেহে প্ৰব্ৰজন কৰে ৷ উত্তৰ আমেৰিকাত পোৱা মনাৰ্ক নামৰ পখিলাৰ প্ৰজাতিবিধে প্ৰতিবছৰে জাৰকালি হোৱাৰ লগে উত্তৰ আমেৰিকাৰ পৰা প্ৰায় তিনিহাজাৰ মাইল অতিক্ৰম কৰি মেক্সিকোলৈ প্ৰব্ৰজন কৰে ৷ আন প্ৰজাতিৰ পখিলাৰ দৰে এইবিধ পখিলাই ঠাণ্ডাত লেটা বা পলু হৈ জীয়াই থাকিব নোৱাৰে বাবেই এই প্ৰব্ৰজন কৰে ৷ বতাহৰ সোঁত আৰু উষ্ণতাৰ পৰিমাণে এই পখিলাবিধক ইমান দীঘলীয়া পথ অতিক্ৰম কৰাত সহায় কৰে ৷ (এদিনত প্ৰায় ৫০-১০০ মাইল দূৰত্ব )৷ প্ৰতিবছৰে অক্টোবৰ মাহত মিলিয়নসংখ্যক পখিলাই মেক্সিকোলৈ প্ৰব্ৰজন ঘটায়৷ আচৰিত কথা এয়ে যে প্ৰব্ৰজন আৰম্ভ কৰা কোনো পখিলায়ে গৈ মেক্সিকো নাপায়গৈ , যাত্ৰা পথতে মৃত্যু ঘটে ৷দুটা বা তিনিটা প্ৰজন্মৰ পিছৰ পখিলাইহে মেক্সিকোত উপস্থিত হয়গৈ৷মেক্সিকোৰ অৰণ্যৰ এই দৃষ্টিনন্দন পখিলাবোৰ চাবলৈ হাজাৰ হাজাৰ পৰ্য্যটকৰ আগমন ঘটে ৷ আমোদজনক কথাটো হ’ল পখিলাৰ গোটসমূহক ক্যেলাইড’স্কপ ( kaleidoscope)বুলি কোৱা হয় ৷

মনাৰ্ক পখিলাৰ এটা থুপ

মাছৰ প্ৰব্ৰজন

প্ৰব্ৰজন কৰা মাছৰ দৃশ্য

বাৰিষাৰ আগমনৰ লগে লগে ন-পানী পাই মাছৰ উজান উঠা আমি সকলোৱেই জানো ৷ সেয়াও এক প্ৰব্ৰজনেই ৷ কিন্তু আমি জনা এই মাছবোৰে বৰ বেছি দূৰলৈ নাযায় ৷ চৰাই আৰু জন্তুবোৰে কেইবাশ কিলোমিটাৰ দূৰলৈ প্ৰব্ৰজন কৰে আমি জানো ৷ কিন্তু পৃথিৱীত এনে কিছুমান মাছ আছে যিবোৰে হাজাৰ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি প্ৰব্ৰজন কৰে ৷ মাছবোৰে সাধাৰণতে প্ৰজননৰ বাবেই প্ৰব্ৰজন কৰে ৷ সাগৰীয় টুনা মাছৰ প্ৰজাতিসমূহেই বেছিভাগ প্ৰব্ৰজন কৰা মাছ ৷ কিন্তু ছেলম’ন(salmon) নামৰ মাছবিধৰ কথাই সুকীয়া ৷ এই মাছবিধ জন্ম হয় নদীৰ পানীত আৰু প্ৰায় তিনিবছৰ ধৰি নদীতেই বাস কৰে ৷ ইয়াৰ পিছত সাগৰলৈ গুচি যায় ৷ সাগৰৰ লুণীয়া পানীত থাকি ডাঙৰ হোৱা পিছত পুনৰ প্ৰজননৰ বাবে নদীলৈ উভতি আহে ৷ এই মাছবিধৰ বিশেষত্ব হ’ল যে নিজে যি ঠাইত জন্ম হৈছিল সেই ঠাইলৈকে প্ৰজননৰ বাবে প্ৰব্ৰজন কৰে৷ নিজৰ ঠাই পাবলৈ প্ৰায় ছয়হাজাৰ মাইল অতিক্ৰম কৰে ৷ সাগৰৰ পানীৰ পৰা নদীৰ পানীতো প্ৰায় দুশ মাইল উজাই নিজৰ লক্ষ্যস্থানত উপস্থিত হয়গৈ ৷ যাত্ৰা আৰম্ভ কৰাৰ পৰা গৈ পোৱালৈকে একো নোখোৱাকৈ নিৰৱিছিন্নভাৱে লাখ লাখ ছেলম’ন মাছে প্ৰব্ৰজন কৰি থাকে৷ যাৰ বাবে নদীৰ পানীত ইহঁতৰ ৰং সলনি হৈ ৰঙা হৈ পৰে৷ ৰঙা ৰঙটোৱে ইহঁতে নিজৰ প্ৰজননৰ সংগীক আকৰ্ষিত কৰে ৷ সংগমৰ পিছতেই মতা ছেলম’ন মাছবোৰৰ মৃত্যু ঘটে ৷ মাইকী ছেলম’নবোৰে কণী পৰাৰ পিছত মৰি যায় ৷ কাৰণ দীৰ্ঘদিন ধৰি অনাহাৰে যাত্ৰা কৰাৰ পাছত জীয়াই থকাৰ বাবে শক্তি বাকী নাথাকেগৈ ৷ অৱশ্যে সকলো ছেলম’ন মাছেই নিজৰ লক্ষ্যস্থান নাপায়গৈ ৷ যাত্ৰাপথত ইহঁতক খাবৰ বাবেই ভালুক , ঈগল আৰু মাছমৰীয়াসকল ৰৈ থাকে ৷ যিবোৰে লক্ষ্যস্থানত উপস্থিত হয় সিহঁতে পিছৰ প্ৰজন্মৰ বাবে প্ৰজনন ঘটায় আৰু মৃত্যু হয় ৷

নদীলৈ উজাই যোৱা ছেলম’ন মাছ

মাছৰ প্ৰব্ৰজনৰ বাবেও প্ৰতিবছৰে “বিশ্ব মাছ প্ৰব্ৰজন দিৱস” হিচাপে পালন কৰা হয় ৷ ইয়াৰ বাবে কোনো নিৰ্দিষ্ট দিন নাই ৷ প্ৰতিবছৰে এটা দিন ধাৰ্য কৰি দিয়া হয় এই দিৱসৰ বাবে৷ ২০১৯ চনত ২১ নৱেম্বৰত এই দিৱস পতা হৈছিল আৰু এইবছৰ অৰ্থাৎ ২০২০ চনত ১৯ মে’ তাৰিখে ধাৰ্য কৰা হৈছে ৷

বিশ্ব মাছ প্ৰব্ৰজন দিৱস

ফৰিঙৰ প্ৰব্ৰজন

প্ৰব্ৰজন কৰা ফৰিঙৰ জাক

যদিও ফৰিংবোৰ সৰু সন্ধীপদী প্ৰাণী , খাদ্যৰ সন্ধানত ইহঁতেও শ শ কিলোমিটাৰ অতিক্ৰম কৰে ৷ অৱ্শ্যে ফৰিঙৰ প্ৰব্ৰজন মনোমোহা ক’ব খুজিলেও আচলতে ই দূৰ্ভীক্ষৰ আগজাননী বুলিহে ক’ব খোজে ৷ কাৰণ হাজাৰ হাজাৰ ফৰিঙে যেতিয়া আহাৰৰ সন্ধানত প্ৰব্ৰজন কৰে , ই যাত্ৰাপথৰ সকলো শস্য খাই তহিলং কৰি যায় ৷ আমাৰ ইয়াত আমি কাকতি ফৰিঙৰ লগত ৰিজাব পাৰো ৷ এইবোৰে দিনৰ ভাগতহে যাত্ৰা কৰে কাৰণ সূৰ্য্যৰ তাপত শৰীৰৰ উষ্ণতা বঢ়াইহে যাব পাৰে ৷ ইহঁতে প্ৰায় এহেজাৰ ফুট পৰ্য্যন্ত উৰিব পাৰে ৷ উৰি যাওঁতে ইহঁতে আকাশ চানি ধৰে বাবে দেখাত এচপৰা ক’লা ডাৱৰৰ দৰে লাগে ৷

ক’লা ডাৱৰৰ দৰে ফৰিঙৰ জাক

ৰঙা কেকোঁৰাৰ প্ৰব্ৰজন

ৰাস্তা পাৰ হোৱাত সহায় কৰা এজন লোক

প্ৰতিবছৰে অক্টোবৰ – নবেম্বৰ মাহত ঘন অৰণ্যৰপৰা খ্ৰীষ্টমাছ দ্বীপৰ উপকূল অভিমুখে মিলিয়ন সংখ্যক ৰঙা কেকোঁৰাৰ প্ৰব্ৰজন ঘটে ৷ দুটা পৰ্যায়ত এই প্ৰব্ৰজন ঘটে , প্ৰথমতে মতা ৰঙা কেকোঁৰাবোৰ যায় আৰু পাছে পাছে মাইকী ৰঙা কেকোঁৰাবোৰ ৷ দ্বীপটোৰ বাসিন্দাসকলে এই প্ৰব্ৰজনৰ সময়ত ৰাস্তা ঘাট সাময়িকভাৱে বন্ধ কৰি পাৰ হৈ যোৱাত সহায় কৰে৷ সমগ্ৰ দ্বীপটোৰ পাৰ দেখাত ৰঙা ফুল ছটিয়াই থোৱা যেন লাগে আৰু পোৱালিবোৰ গোটেই শিলবোৰত থুপখাই ৰঙা দলিচা পাৰি থোৱা যেন লাগে ৷ পোৱালিবোৰ ৫ মিলিমিটাৰ মান হোৱাৰ লগে লগে পুনৰ অৰণ্যলৈ উভতি যায় ৷ কেকোঁৰাবোৰ আহোঁতে ৫ দিন লাগে যদিও পোৱালিবোৰক প্ৰায় ৯-১০ দিন সময় লাগে অৰণ্য পাবলৈ ৷

উপকূল দলিচাযেন কৰা ৰঙা কেকোঁৰাা
শিলত থুুপখাই থকা পোৱালি

জিঞাৰ প্ৰব্ৰজন

প্ৰব্ৰজন কৰি থকা সময়ত এজাক জিঞা

ফৰিঙতকৈও সৰু আৰু পাতল এই জিঞা ৷ এজাক বতাহতে থাউনি ধৰিব নোৱাৰা এই কণমানি পতংগবিধো অবিশ্বাস্য দূৰত্ব অতিক্ৰমি প্ৰব্ৰজন কৰে ৷ প্ৰব্ৰজন কৰা পতংগৰ ভিতৰত আটাইতকৈ বেছি দূৰত্ব অতিক্ৰম কৰা পতংগৰ মাজৰ ইয়ো এবিধ ৷ ফৰিঙৰ সমান দূৰলৈ নগ’লেও ই প্ৰায় ১৪০০০পৰা ১৮০০০ কিলোমিটাৰ পৰ্য্যন্ত দূৰত্ব অতিক্ৰম কৰে ৷ এই জিঞাবোৰ ভাৰতৰপৰা মালদ্বীপ, চিচিলি , মোজাম্বিক,উগাণ্ডা আদি দেশলৈ প্ৰব্ৰজন কৰে ৷ অৱশ্যে মনাৰ্ক পখিলাৰ দৰে ইহঁতো নিজৰ জীৱন কালত লক্ষ্যস্থান নাপায়গৈ ৷ প্ৰব্ৰজন চক্ৰটো সম্পূৰ্ণ হ’বলৈ প্ৰায় চাৰিটা প্ৰজন্ম লাগে ৷

যাত্ৰাপথত গছত আশ্ৰয় লোৱা এজাক জিঞা

ভেকুলীৰ প্ৰব্ৰজন

সাধাৰণতে ভেকুলী এটাই ৫০মিটাৰপৰা ৫কিলোমিটাৰ পৰ্য্যন্ত প্ৰজননৰ বাবে প্ৰব্ৰজন কৰিব পাৰে ৷ যদিও এই দূৰত্ব কম যেন লাগিছে , ভেকুলী এটাৰ বাবে ই যথেষ্ট কষ্টকৰ৷ ইহঁতে চৰাই , জীৱ – জন্তু, বা পতংগৰ দৰে যাব নোৱাৰে৷ আনহাতে বেছি বেগেৰেও যাব নোৱাৰে ৷ ইহঁতে ৰাস্তা, দীঘল দীঘল ঘাঁহ, নলা আদি পাৰ হৈ যাব লগা হয়৷ প্ৰজননৰ বাবে প্ৰতিবছৰে একে ঠাইলৈকে প্ৰব্ৰজন কৰে ৷ এই দূৰত্ব অতিক্ৰম কৰিবলৈ ইহঁতক কেইবামাহো প্ৰয়োজন হয় ৷ বহুসংখ্যক ভেকুলীৰ যাত্ৰাপথতে মৃত্যু হয় , কিছুমানক আন চৰাই বা বেলেগ প্ৰাণীয়ে ভক্ষণ কৰে ৷

জীৱৰ জীৱন চক্ৰ পূৰণ কৰিবলৈ, প্ৰকৃতিত নিজৰ অস্তিত্ব জীয়াই ৰাখিবলৈ খাদ্য আৰু বাসস্থানৰ বাবে জীৱসমূহে এনেদৰেই প্ৰব্ৰজন কৰাটো প্ৰয়োজন হৈ পৰে ৷

ৰাস্তা পাৰ হোৱা এজাক ভেকুলী

জামতাৰা

জামতাৰাৰ জিলা প্ৰশাসনিক কাৰ্যালয়

জামতাৰাঃ কি ? ক’ত? কিয় বিখ্যাত?

ঝাৰখণ্ড প্ৰদেশৰ এখন সৰু জিলাৰ সৰু চহৰ হৈছে জামতাৰা ৷ জিলাখনৰ মাটিকালি হ’ল ১,৮১১বৰ্গ কি.মি.৷ ইয়াৰ জনসংখ্যা ৭,৯১,০৪২ জন ৷জিলাখনত প্ৰচলিত ভাষাসমূহ হ’ল – হিন্দী, বেংগলী আৰু চাঁওতালী(santali)৷ ডুমকা (Dumka) জিলাৰ পৰা পৃথক কৰি ইয়াক নতুন জিলা হিচাপে স্বীকৃতি দিয়া হয় ৷ পশ্চিমবংগ সীমান্তৰ পৰা ইয়াৰ দূৰত্ব তেনেই কম ৷ কিছুবছৰ আগলৈকে এই সৰু চহৰখনৰ নাম দেশৰ বেছিভাগ মানুহেই নাজানিছিল ৷ কিন্তু এতিয়া এই সৰু চহৰখনেই দেশৰ আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে ৷

চাইবাৰ অপৰাধ

চাইবাৰ অপৰাধ আৰু জামতাৰা

জামতাৰা হৈছে দেশৰ ভিতৰতে চাইবাৰ অপৰাধীৰ মুখ্য ঘাটি ৷সেয়ে এতিয়া ইয়াক চাইবাৰ অপৰাধৰ ৰাজধানী (phising capital of india) বুলি কোৱা হয় ৷ এই চাইবাৰ অপৰাধীবোৰে ইমেইল, ফোনত বা ভুৱা মেছেজ দি মানুহক বিভ্ৰান্ত কৰে ৷ সাধাৰণতে বেংক, ম’বাইল কোম্পানীৰ অফিচ , ইন্সুৰেঞ্চ কোম্পানী আদিৰপৰা কৈছো বুলি কৈ বেংক একাউণ্ট, এ টি এম কাৰ্ডৰ নং বা গোপনীয় পিন নং আদি তথ্য সংগ্ৰহ কৰে আৰু মূহূৰ্ততে একাউণ্টৰ পৰা টকা উধাও হয় ৷ আমি সততে শুনিয়েই আছো , পেপাৰে পত্ৰই পঢ়িয়েই আছো বা বহুতে নিজে ভুক্তভোগী ৷

জামতাৰাৰ এটি পথ

এই ক্ষুদ্ৰ তথা পিছপৰা চহৰখনৰ পৰাই দেশৰ অৰ্থনৈতিক চাইবাৰ অপৰাধ নিয়ন্ত্ৰিত হৈ আহিছে ৷ যদিও জামতাৰা চহৰৰপৰাই এই অপৰাধসমূহ নিয়ন্ত্ৰিত হৈ আহিছে , তাত কিন্তু এটাও নিৰ্দিষ্ট কাৰ্যালয় নাই যাৰ বাবে আৰক্ষীয়ে অপৰাধীৰ কোনো ঘাটি বা প্ৰমাণ উলিয়াব পৰা নাই ৷ তেওঁলোকে এটা শৃংখল হিচাপে কাম কৰে , মবাইল আৰু ইন্টাৰনেটৰ জৰিয়তে ৷ জানি আচৰিত হ’ব যে এই অপৰাধীসকলৰ মুষ্টিমেয় লোকক বাদ দি সৰহসংখ্যকেই অল্পশিক্ষিত বা বেছিভাগেই কলেজৰ মুখ দেখা নাই ৷ কিছুসংখ্যক কম্পিউটাৰ বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ শিক্ষাৰে শিক্ষিত যুৱক-যুৱতীয়ে তেওঁলোকক প্ৰশিক্ষণ দি প্ৰশিক্ষিত কৰি নেতৃত্ব দিয়ে ৷ এওঁলোকে বিভিন্ন ধৰণৰ প্ৰলোভনেৰে জনসাধাৰণক প্ৰলোভিত কৰি তথ্য সংগ্ৰহ কৰে , যেনে- লটাৰীত টকা পোৱা, গাড়ী জিকা , ক্ৰেডিট/ডেবিট কাৰ্ড ব্লক হোৱা, ম’বাইল টাৱাৰ বহুওৱা ইত্যাদি ৷ বৰ্তমান এই অপৰাধ চক্ৰৰ অনুসৰণ কৰি বেংক বিষয়া , কৰ্মচাৰী আদিও এনেধৰণৰ চাইবাৰ অপৰাধ সংঘটিত কৰিছে ৷

একালৰ পিছপৰা অনুন্নত এই অখ্যাত সৰু চহৰখন আজি ইমানেই বিখ্যাত যে এই চাইবাৰ অপৰাধৰ আলমত মনোৰঞ্জনৰ চেনেল নেটফ্লিক্স (NETFLIX)ত এক ধাৰাবাহিক চলি আছে ” জামতাৰাঃ সবকা নম্বৰ আয়েগা” নামেৰে ৷ ইতিমধ্যে ধাৰাবাহিকখনৰ প্ৰায় দহটা খণ্ড শেষ হৈছে ৷ অভিনয়ত আছে পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা দিব্যেন্দু ভট্টাচাৰ্য,অমিত শীল(Sial) , স্পৰ্শ শ্ৰীবাস্তৱ আদিয়ে ৷

যি কি নহওক বৰ্তমান জামতাৰাত এখন চহৰৰ সকলোবোৰ গঢ়ি উঠিছে ৷ পৰ্যটনৰ বাবেও নদী, পাৰ্ক,ৰিজৰ্ট আদি গঢ়ি উঠিছে ৷ এই অপৰাধীসকলৰ কবলত নপৰিবলৈ আমি নিজেই সজাগ আৰু সচেতন হ’ব লাগিব যাতে কোনো ধৰণৰ প্ৰলোভনত ভোল নাযাওঁঁ ৷ আমাৰ সজাগতাই এই অপৰাধৰ বিপক্ষে নিয়ন্ত্ৰিত হোৱাত সহায় কৰিব আৰু অপৰাধীয়ে কোনো মানুহকেই নিজৰ কবলত পেলাব নোৱাৰিব ৷

তথ্যসূচীঃ বৰা দেৱজ্যোতি , (বসুন্ধৰা)