কল্পবিজ্ঞান সাহিত্য আৰু বিজ্ঞানৰ আৱিষ্কাৰ

সাম্প্ৰতিক সময়ত সাহিত্যৰ এক জনপ্ৰিয় ধাৰা হৈছে ” কল্পবিজ্ঞান সাহিত্য “৷ বিজ্ঞান আৰু কল্পনাৰে ভৰা এই সাহিত্যই শিশু, কিশোৰ-কিশোৰী, যুৱ প্ৰজন্মৰ লগতে জ্যেষ্ঠজনৰো মনত যথেষ্ট সমাদৰ লাভ কৰিছে৷ কল্পবিজ্ঞান হৈছে সাহিত্যৰ এনে এটি ধাৰা য’ত কাহিনী এটাৰ মূল ভেটি বিজ্ঞানৰ সূত্ৰ বা বৈজ্ঞানিক চিন্তাধাৰাৰ ওপৰত প্ৰতিষ্ঠিত ৷ এনে কাহিনীত বৰ্তমানলৈকে নঘটা কাহিনী এটা বিজ্ঞানক ভেটিContinue reading “কল্পবিজ্ঞান সাহিত্য আৰু বিজ্ঞানৰ আৱিষ্কাৰ”

#সাধাৰনৰপৰা অসাধাৰনলৈ

#লেডী টাৰ্জান #যমুনা টুডু ‘লেডী টাৰ্জান’ নামটো হয়টো আচহুৱা লাগিছে| জনপ্ৰিয় চৰিত্ৰ ‘টাৰ্জান’ৰ দৰেই এই লেডী টাৰ্জানগৰাকীও জীৱ-জন্তু প্ৰেমী তথা অৰণ্য ৰক্ষক | অৰণ্য ৰক্ষাৰ হেতু নিজকে উৎসৰ্গিত কৰি ৰাখি আন হাজাৰগৰাকী ব্যক্তিক প্ৰকৃতি ৰক্ষাৰ কৰ্মত জড়িত কৰি আহিছে ৷তেওঁৰ অৰণ্য ৰক্ষাৰ এই প্ৰচেষ্টাই এতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ মানুহক সচেতন তথা প্ৰকৃতি প্ৰেমী হ’বলৈContinue reading “#সাধাৰনৰপৰা অসাধাৰনলৈ”

অনুভৱৰ কিছু কাব্যিকতা

১//##প্ৰতিগৰাকী নাৰীৰ বুকুত বাস কৰে এখন ঘৰ## প্ৰতিগৰাকী নাৰীৰ বুকুত বাস কৰে এখন ঘৰ ,সংগোপনে প্ৰতিপাল কৰে এখন ঘৰ ৷শৈশৱত খেলা ৰজা-ৰাণীৰ ঘৰ-ঘৰ খেল,সপোনৰ বৰঘৰত যেন সেয়া আখৰাৰ মেল ৷মইনাই কয়, ঘৰটো তই সাজিলি, নে মই ?উহো তই সাজিলেও মই সজাইছোএইটো তোৰ মোৰ নহয় আমাৰ ঘৰ৷ যৌৱন পাই ঘৰটো ডাঙৰ হ’লবুকুৰ মাজৰ পঁজাটো সপোনৰ কাৰেংContinue reading “অনুভৱৰ কিছু কাব্যিকতা”

মোৰ অনুভৱৰ কবিতা

কবিতা লিখাৰ অভ্যাস তেনেই কম, কিমানদূৰ কাব্যিক হৈছে সেয়া পাঠকৰ হাতত ৷ মোৰ অনুভৱত যি আহে তাৰেই দুটি কবিতা ইয়াত সান্নিবিষ্ট কৰি ৰাখিলো৷ এক# নৈৰ পৰা সাগৰলৈ কিমান গভীৰ হ’লে হৃদয়খন সাগৰ কৰিব পাৰিকিমান বিশ্বাস হ’লে হাজাৰ চুনামিত শান্ত হৈ ৰ’ব পাৰি! বুকুৰ পাৰত ৰৈ আছো দুহাত দিগন্ত প্ৰসাৰিলোৱা, লোৱা মোক এবাৰ তোমাতে সামৰি ৷শান্তContinue reading “মোৰ অনুভৱৰ কবিতা”

পৰম্পৰাগত খাদ্য হিচাপে পোক পৰুৱা আৰু সোনোৱাল কছাৰী সমাজ

আজিৰপৰা প্ৰায় সাত-আঠ বছৰৰ আগত কোনোবা এখন পেপাৰত পঢ়িবলৈ পাইছিলো যে ৰাষ্ট্ৰসংঘৰ WHO ৰ অধীনৰ কোনোবা এগৰাকী সচিবে কৈছিল যে পৃথিৱীত থকা বেছিভাগ পোক-পৰুৱা, পতংগই খাদ্যৰ উপযোগী আৰু উচ্চ প্ৰটিন সমৃদ্ধ ৷যদিহে ইহঁতক খাদ্য হিচাপে গ্ৰহণ কৰে তেন্তে প্ৰায় দুই বিলিয়ন মানুহ অনাহাৰ তথা অপুষ্টিত ভোগাৰ পৰা ৰক্ষা পৰিব৷ তদুপৰি পোক-পতংগৰ প্ৰজনন ক্ষমতা অধিক তথাContinue reading “পৰম্পৰাগত খাদ্য হিচাপে পোক পৰুৱা আৰু সোনোৱাল কছাৰী সমাজ”

আকাশৰ ধনুবোৰ

আমি বাস কৰা এই বিনন্দীয়া পৃথিৱীখনত কিমান যে বিস্ময়কৰ ঘটনা ঘটি থাকে ৷ প্ৰকৃতিয়ে ঘটোৱা এই ঘটনাবোৰৰ কিছুমান ভয়ংকৰ, কিছুমান ৰহস্যময়, কিছুমান মোহনীয় তথা আশ্চৰ্যজনকভাৱে দৃষ্টিনন্দন ৷I পৃথিৱীৰ এই সীমাহীন আকাশখনৰ কথাই ধৰক, কিমান যে ডাৱৰৰ লুকাভাকু, ৰ’দ বৰষুণৰ খেলা, অপাৰ নীল সমুদ্ৰহেন আকাশৰ ৰং, কেতিয়াবা আকৌ সেন্দূৰীয়া, কেতিয়াবা হালধীয়া, কত’ যে খেলা আকাশৰ বুকুতContinue reading “আকাশৰ ধনুবোৰ”

দুষ্প্ৰাপ্য মৃত্তিকা আৰু সাম্প্ৰতিক বিশ্বৰ প্ৰযুক্তি

বৰ্তমান মানৱ সমাজ সম্পূৰ্ণভাৱে প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে ৷ ধনী অথবা দুখীয়া সকলো লোকেই প্ৰত্যক্ষ বা পৰোক্ষভাৱে বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰ কৰি আহিছে ৷দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা স্মাৰ্ট ফোন , চেলুলাৰ ফোন, লেপটপ, কম্পিউটাৰ, গাড়ী মটৰ, ইন্টাৰনেট, ৰাডাৰ, LED বাল্ব , টৰ্চ, পুন ব্যৱহাৰযোগ্য বেটাৰী ইত্যাদি আমি ব্যৱহাৰ কৰি আহিছো ৷ প্ৰযুক্তিবিহীন জীৱনৰ আমি কল্পনাইContinue reading “দুষ্প্ৰাপ্য মৃত্তিকা আৰু সাম্প্ৰতিক বিশ্বৰ প্ৰযুক্তি”

অসুৰ পূজাঃ এক ব্যতিক্ৰমী পৌৰাণিক ধাৰা

যুগ যুগ ধৰি ভাৰতবৰ্ষত বিভিন্ন দেৱতা বা দেৱীৰ পূজা-অৰ্চনা চলি আহিছে ৷ পূজাৰ মহাত্ম্য অনুসৰি সকলোৰে নীতি – নিয়ম ভিন্ন ৷ সকলো মানুহেই নিজৰ নিজৰ পৰম্পৰা অনুসৰি নিজ নিজ উপাস্য দেৱতা বা দেৱীৰ উদ্দেশ্যে ধূপ -ধূণা , ফুল আৰু মাংগলিক উপাচাৰে প্ৰাথৰ্না কৰি ভগৱানৰ আশীষ কামনা কৰে ৷ পূজাই মানুহৰ মনত ভক্তি ভাৱ জগাই তুলিContinue reading “অসুৰ পূজাঃ এক ব্যতিক্ৰমী পৌৰাণিক ধাৰা”

পৃথিৱীৰ কেইটামান আচৰিত আৰু মনোমোহা প্ৰব্ৰজন

আমি সকলোৱেই প্ৰব্ৰজনৰ বিষয়ে জানো ৷ খাদ্য, বাসস্থান আদিৰ বাবে হোৱা এই প্ৰব্ৰজনে কেতিয়াবা সমস্যাও সৃষ্টি কৰে৷ মানুহৰ অবৈধ প্ৰব্ৰজনে এখন দেশৰ জনগাঁথনি পৰ্য্যন্ত সলনি কৰিব পাৰে ৷ জীৱ-জন্তু, চৰাই-চিৰিকটিৰ প্ৰব্ৰজনৰ কথাও আমি পায়েই আছো ৷ কিন্তু এইবোৰ বাদ দিও কিছুমান অতি মনোমোহা তথা আচৰিত প্ৰব্ৰজনৰ বিষয়ে জনাব খুজিছো যিবোৰ প্ৰাণী বা জীৱই প্ৰব্ৰজন কৰিবContinue reading “পৃথিৱীৰ কেইটামান আচৰিত আৰু মনোমোহা প্ৰব্ৰজন”

জামতাৰা

জামতাৰাঃ কি ? ক’ত? কিয় বিখ্যাত? ঝাৰখণ্ড প্ৰদেশৰ এখন সৰু জিলাৰ সৰু চহৰ হৈছে জামতাৰা ৷ জিলাখনৰ মাটিকালি হ’ল ১,৮১১বৰ্গ কি.মি.৷ ইয়াৰ জনসংখ্যা ৭,৯১,০৪২ জন ৷জিলাখনত প্ৰচলিত ভাষাসমূহ হ’ল – হিন্দী, বেংগলী আৰু চাঁওতালী(santali)৷ ডুমকা (Dumka) জিলাৰ পৰা পৃথক কৰি ইয়াক নতুন জিলা হিচাপে স্বীকৃতি দিয়া হয় ৷ পশ্চিমবংগ সীমান্তৰ পৰা ইয়াৰ দূৰত্ব তেনেই কমContinue reading “জামতাৰা”