এনেকৈয়ে এদিন তেওঁ আহিছিল
কোনেও আহিব নোৱাৰা বাটেদি
বুকুত সংগোপনে এটুকুৰা ঠাই লৈছিল
উভতি যোৱাৰ প্ৰশ্নই নাহিল৷
তেওঁ অহা বাটত ফুলা নাছিল
কোনো গোলাপ কিম্বা খৰিকাজাই অথবা চেনিচম্পা ফুল৷
বতাহত উৰা নাছিল কোনো সপোনৰ চিলা ৷
কিন্তু
এনেকৈয়ে এদিন তেওঁ সেই ঠাইটুকুৰাত ঘৰ বান্ধিছিল
টুকুৰা চৰাইৰ দৰে সী লৈছিল সপোনবোৰ
কাহানিও নেদেখা , নজহা নপমা ভালপোৱাবোৰ
এনেকৈয়ে এদিন
তেওঁ মোৰ আপোন হৈ পৰিছিল
পানী নসৰকা মোৰ শিলৰ বুকুত
এখন ঘৰ পাতিছিল ৷
ঠিক এনেকৈয়ে এদিন