নাৰী পুৰুষবোৰৰ দূৰ্বলতা
ধুনীয়া হাঁহিৰ নাৰীবোৰ দেখিলে
প্ৰেমত পৰি যায় ৷
নাৰীবোৰ পুৰুষৰ দূৰ্বলতা
গালৰ ক’লা তিলটোৰো
মোহত পৰি যায়৷
নাৰীৰ হাঁহিবোৰো পুৰুষৰ দূৰ্বলতা
দেখিলেই হৃদয় উখলমাখল লগায় ৷
নাৰীবোৰ পুৰুষৰ আদিম দূৰ্বলতা
ক’লা হওক বগা হওক
কিবা এটা অজুহাততেই বিচাৰি পায় আকুলতা ৷
পুৰুষত্বৰ জালত মেৰাব পাৰিলেই যেন
হৈ পৰে দূৰ্বাৰ প্ৰেমিক ,
অথবা
কামাতুৰ নাইবা এক সৰীসৃপ
যিয়ে মেৰাই ধৰে নাৰীৰ সুন্দৰতা, সৰলতা, সততা ৷
নাৰীবোৰ পুৰুষৰ দূৰ্বলতা
এয়া যেন যুগে যুগে চলি অহা জিনীয় প্ৰৱণতা ৷