১//##প্ৰতিগৰাকী নাৰীৰ বুকুত বাস কৰে এখন ঘৰ##
প্ৰতিগৰাকী নাৰীৰ বুকুত বাস কৰে এখন ঘৰ ,
সংগোপনে প্ৰতিপাল কৰে এখন ঘৰ ৷
শৈশৱত খেলা ৰজা-ৰাণীৰ ঘৰ-ঘৰ খেল,
সপোনৰ বৰঘৰত যেন সেয়া আখৰাৰ মেল ৷
মইনাই কয়, ঘৰটো তই সাজিলি, নে মই ?
উহো তই সাজিলেও মই সজাইছো
এইটো তোৰ মোৰ নহয় আমাৰ ঘৰ৷
যৌৱন পাই ঘৰটো ডাঙৰ হ’ল
বুকুৰ মাজৰ পঁজাটো সপোনৰ কাৰেং হ’ল৷
ৰূপকোঁৱৰে আহি কাৰেঙত দিলে ভৰি ,
বতাহত সুৰ তুলি, গুণগুণাই
আহে পাখিলগা ঘোঁৰাত উৰি৷
প্ৰতিগৰাকী নাৰীৰ বুকুত বাস কৰে এখন ঘৰ ৷
ষ্টেচনৰ ব্ৰীজৰ তলত জুই ফুঁৱাই ফুঁৱাই
লছমীয়ে দেখে এটা সপোন ,
মিচিকিয়া হাঁহি মাৰি দুহাতে আৱৰি
সেয়াচোন তাইৰ নিচেই আপোন৷
শেতেলিত পৰি তৰা গণি গণি আকাশৰ ,
ৰতন নামৰ মালা গাঁথে সপোনৰ ৷
প্ৰতিগৰাকী নাৰীৰ বুকুত বাস কৰে এখন ঘৰ ৷
জীৰ্ণ পঁজা অথবা সেয়া
কাৰেং হওক সোণৰ৷
####
কেতিয়াবা মনৰ কোণত কিছুমান শব্দই উকমুকাই থাকে যিবোৰক কবিতাৰ ৰূপ দিবলৈ চেষ্টা কৰিছো ৷
২//##এনেকৈয়ে এদিন##
এনেকৈয়ে এদিন তেওঁ আহিছিল
কোনেও আহিব নোৱাৰা বাটেদি,
বুকুত সংগোপনে এটুকুৰা ঠাই লৈছিল
উভতি যোৱাৰ প্ৰশ্নই নাহিল৷
তেওঁ অহা বাটত ফুলা নাছিল
কোনো গোলাপ কিম্বা খৰিকাজাঁই অথবা চেনিচম্পা ফুল,
বতাহত উৰা নাছিল কোনো সপোনৰ চিলা ৷
কিন্তু,
এনেকৈয়ে এদিন তেওঁ সেই ঠাইটুকুৰাত ঘৰ বান্ধিছিল,
টুকুৰা চৰাইৰ দৰে সী লৈছিল সপোনবোৰ ,
কাহানিও নেদেখা , নজহা নপমা ভালপোৱাবোৰ ৷
এনেকৈয়ে এদিন
তেওঁ মোৰ আপোন হৈ পৰিছিল,
পানী নসৰকা মোৰ শিলৰ বুকুত
এখন ঘৰ পাতিছিল ৷
ঠিক এনেকৈয়ে এদিন ….