কবিতা লিখাৰ অভ্যাস তেনেই কম, কিমানদূৰ কাব্যিক হৈছে সেয়া পাঠকৰ হাতত ৷ মোৰ অনুভৱত যি আহে তাৰেই দুটি কবিতা ইয়াত সান্নিবিষ্ট কৰি ৰাখিলো৷
এক#
নৈৰ পৰা সাগৰলৈ
কিমান গভীৰ হ’লে হৃদয়খন সাগৰ কৰিব পাৰি
কিমান বিশ্বাস হ’লে হাজাৰ চুনামিত শান্ত হৈ ৰ’ব পাৰি!
বুকুৰ পাৰত ৰৈ আছো দুহাত দিগন্ত প্ৰসাৰি
লোৱা, লোৱা মোক এবাৰ তোমাতে সামৰি ৷
শান্ত সমাহিত বুকুত তোলা জোৱাৰ
যাৰ উত্তাল ঢৌৱে তিয়াই যাওক মোৰ প্ৰতিটো আশাৰ সমাহাৰ ৷
তুমি সাগৰেই হোৱা
মোক হ’বলৈ দিয়া নৈ,
তোমাতেই সৃষ্টি হৈ ঘূৰি ঘূৰি নদী হৈ তোমাৰ বুকুলৈকে যাম বৈ৷
নৈ জানো সাগৰ হয় ?
পাৰে জানো সাগৰৰ দৰে গভীৰ হ’ব?
সাগৰতেই যাৰ সৃষ্টি আৰু সমাহিত ,
সেইটোকে নো কোনে ক’ব?
তুমি, মই এক হ’ম বেলি উঠাৰ পৰত,
তুমি, মই আমি হ’ম বেলি ডুবাৰ পৰত ৷
বৈ যাম মই নিৰৱিছিন্ন
সাগৰ পোৱালৈ,
সাগৰৰ বুকুত পৰি মানিক হোৱালৈ ৷
দুই#
অভিন্ন
তুমি আৰু মই
ভিন্ন দুটি শৰীৰৰ অভিন্ন আমোঘ এক সত্বা
তুমি শৰীৰ মই আত্মা,
তুমি সুখ মই প্ৰচ্ছায়া,
নিৰৱধি প্ৰবাহিত কল্লোলিত প্ৰেম গংগা ৷
ইপাৰৰ লোকত আছে সুখৰ অমিয়া ধাৰা,
দুখৰ সিপাৰে সুখৰ নিজৰা,
সময়ৰ সাঁকোৱেদি আগুৱাম দুয়ো
জীৱনৰ যে নিয়ম ইয়ো ৷
তোমাৰ দুখত নোহে মোৰ সুখ
তোমাৰ ব্যাকুলতাত মই উন্মুখ
এয়া যে আত্মাৰ অভিন্ন গাঁথা,
হৃদয়ত প্ৰোথিত তোমাৰেই দৰদী বেথা ৷
তুমি আৰু মই
ভিন্ন দুটি শৰীৰৰ অভিন্ন আমোঘ এক সত্বা ৷
তুমি শৰীৰ মই আত্মা
তুমি সুখ মই প্ৰচ্ছায়া
অন্তৰ নিসৃত প্ৰেম মাধুৰী
হৃদয় আজি আবেগ উন্দোলিত,
তোমাৰপৰা মোলৈ আমি হোৱাৰ
সিৰাই সিৰাই ইও যেন তৰংগ প্ৰবাহিত ৷
তুমি জোন মই ৰূপালী জোনাক,
তুমি ৰাতি মই যেন তমসাক,
তুমি দিবাকৰ মই যেন পোহৰ
তুমি মানিক মই যেন আকৰ৷
মই আৰু তুমি
তুমি আৰু মই
ভিন্ন দুটি শৰীৰৰ অভিন্ন আমোঘ এক সত্বা৷
তোৰ কবিতা মোৰ সদায় প্ৰিয়।
LikeLiked by 1 person
ধন্যবাদ
LikeLike
কবলৈ ভাষা নাই 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼😍😍😍😍😍
LikeLiked by 1 person
ধন্যবাদ
LikeLike