
আজিৰপৰা প্ৰায় সাত-আঠ বছৰৰ আগত কোনোবা এখন পেপাৰত পঢ়িবলৈ পাইছিলো যে ৰাষ্ট্ৰসংঘৰ WHO ৰ অধীনৰ কোনোবা এগৰাকী সচিবে কৈছিল যে পৃথিৱীত থকা বেছিভাগ পোক-পৰুৱা, পতংগই খাদ্যৰ উপযোগী আৰু উচ্চ প্ৰটিন সমৃদ্ধ ৷যদিহে ইহঁতক খাদ্য হিচাপে গ্ৰহণ কৰে তেন্তে প্ৰায় দুই বিলিয়ন মানুহ অনাহাৰ তথা অপুষ্টিত ভোগাৰ পৰা ৰক্ষা পৰিব৷ তদুপৰি পোক-পতংগৰ প্ৰজনন ক্ষমতা অধিক তথা সংখ্যাৰ ক্ষেত্ৰতো কম সময়ত বেছি বংশবৃদ্ধি কৰিব পাৰে৷ ডিছকভাৰী চেনেলত প্ৰদৰ্শিত বিয়েৰ গীলছ্ (Bear Gills)ৰ “মেন ভেছ ৱাইল্ড” (Man Vs Wild)তো তেওঁৰ খাদ্যসমূহ দেখিলে তেওঁক আদিম মানুহৰ দৰেই বোধ হ’ব৷ যিবোৰ দেখিলে বেছিভাগৰেই ওকালি আহে বা বিতৃষ্ণা জন্মে ৷তেওঁ মাত্ৰ এইটো দেখুৱাই যে আমি তেনেকুৱা জটিল সন্ধিক্ষণত পৰিলে কি কি বস্তুক খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰি৷ অৱশ্যে চাফ চিকুণতাৰ ফালৰ পৰা ধ্যান দিয়াতো জৰুৰী৷

অসমৰ বিভিন্ন জনজাতিসমূহৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ জনজাতিসকলে পৰম্পৰাগতভাৱে বিভিন্ন পোক-পৰুৱা, পতংগ খাদ্য হিচাপে গ্ৰহণ কৰি আহিছে৷ ঠাইভেদে নামবোৰ বেলেগ বেলেগ হ’লেও এই পোক-পতংগবোৰ গ্ৰহণৰ পদ্ধতি প্ৰায় একে ৷মই কেৱল মাত্ৰ সোনোৱাল কছাৰী জনজাতি লোকসকলে খাদ্য হিচাপে গ্ৰহণ কৰা পোক-পতংগৰ বিষয়ে উল্লেখ কৰিম৷ নামবোৰো ঠাইবিশেষে একে নহ’বও পাৰে ৷
সোনোৱাল কছাৰীসকলে বছৰৰ বিভিন্ন সময়ত আৰু উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন পোক – পতংগক খাদ্য হিচাপে গ্ৰহণ কৰে৷ ইয়াৰ ভিতৰত জাপাংকৰি (নে ঝুপিয়াং) (Giant water bug), নিংকৰি (Hydrophillus triangular), কানচেপা(?)( জিঞাৰ পলু অৱস্থা, পানীত থাকে) বিভিন্ন জাতৰ ফৰিং(Grasshopper), পানীপোক ( জাপাংকৰিৰ মাহীয়েক,(Water skater), আমৰলি টোপ( Green weaver ant ), উঁইপোক বা উঁই ৰজা, মেকমৌ পৰুৱা ( Winged termites), কোদো ,বৰলৰ টোপ, এড়ী, মুগা আৰু নুনী লেটা, চাকচন, গাগিনীৰ বাহ(Praying mantis nest),চেয়াপোক বা চেৱা পোক ইত্যাদি৷ইয়াৰে বেছিভাগকে পলু বা লেটা অৱস্থাত থাকোতেই খোৱা হয় ৷

জাপাংকৰি ( ঝুপিয়াং??) হৈছে এবিধ মটীয়া বৰণৰ পাখিলগা চেপেটা পতংগ৷ ইয়াৰ ছটা ঠেং আৰু এটা শুং থাকে ৷ পথাৰৰ ঘাঁহ বা দলঘাঁহ, বিল আদিত পোৱা যায় ৷ ইয়াৰ শুঙটোৰে ফুটিলে বিষ হয় ৷ মাছ ধৰিবলৈ গৈ এই পতংগবিধো ধৰি আনি খৰিকাত দি বা ভাজি কৰি খোৱা হয়৷ ইহঁতে ঘাঁহৰ মাজত বাৰিষা কালত কণী পাৰে আৰু কণীবোৰ ফুটি পোৱালি ওলায়৷ ঠিক সেইদৰে কানচেপা(???) দেখাত পলুৰ দৰে, ডাঙৰ হৈ মোট সলাই একপ্ৰকাৰৰ জিঞালৈ পৰিণত হয় ৷ জাকৈ বাওঁতে এইবোৰো উঠে আৰু মাছৰ দৰেই ভাজি কৰি খোৱা হয়৷

নিংকৰি হৈছে ক’লা পানীত থকা এবিধ পতংগ৷ এইবিধো মাছৰ লগতে ধৰা হয় ৷ বুকুৰ ফালে ইয়াৰ এটা জোঙা কাঁইট থাকে আৰু ঠেঙবোৰতো সৰু সৰু কাঁইট থাকে বাবে পাখি আৰু ঠেং গুচাওঁতে সাৱধান হ’ব লাগে ৷ এইবোৰকো ভাজি কৰি খোৱা হয়৷

উঁইচিৰিঙা হৈছে উচ্চ প্ৰটিনযুক্ত এবিধ পতংগ৷ শস্যৰ পথাৰত থাকি ই শস্য কুটি খাই অনিষ্ট কৰে৷ দিনৰ ভাগত গাঁত খান্দি সোমাই থাকে৷ ই দেখাত ৰঙচুৱা মটীয়া বৰণৰ৷ ৰাতি লাইট বা লেমৰ পোহৰত ইহঁত জাক পাতি উৰি আহে৷ কম পৰিমাণৰ উঁইচিৰিঙাই অনিষ্ট নকৰিলেও সংখ্যাত বেছি হ’লে ইহঁতে শস্যৰ পথাৰ নষ্ট কৰে৷ এই উঁইচিৰিঙাবোৰক ধৰি পাখি গুচাই খৰিকাত পুৰি বা ভাজি কৰি খোৱা হয়৷ গাগিনীৰ বাহটো হৈছে প্ৰটিনৰ উৎস ৷ ইয়াক কেঁচায়ো খাব পাৰি বা পুুৰিও খাব পাৰি ৷

ধানদোৱাৰ সময়ত বিভিন্ন প্ৰজাতিৰ ফৰিং ওলায়৷ সোনোৱাল কছাৰী লোকসকলে ধান দাই থাকোতেই ধাননিৰ মাজত থকা ফৰিঙো ধৰি ধৰি যায়৷ সৰু সৰু ল’ৰা-ছোৱালীবোৰে কেৱল ফৰিং ধৰিবলৈকো যায়৷ এই ফৰিঙবোৰ যথেষ্ট তেলীয়া হয়৷ গধূলি খৰিকাত পুৰি বা ভাজি কৰি ভাতৰ লগত খোৱা হয়৷ ধান ফৰিঙক কেঁঁচায়ো খাব পাৰি ৷ মোৰ মনত আছে সৰুতে ফৰিঙৰ তেলবোৰ ওঁঠত লগাইছিলো , কাৰণ ফৰিঙৰ তেল সানিলে ওঁঠ নাফাটে আৰু ফটা থাকিলেও ভাল হয় কৈছিল৷ ধান ফৰিঙৰ উপৰিও কচুখাতি, কাকতি ফৰিং আদিও খোৱা দেখা যায় ৷

সোনোৱাল কছাৰী লোকসকলৰ বাবে বহাগ বিহুত আমৰলি টোপ অপৰিহাৰ্য পৰম্পৰাগত খাদ্য৷ মানুহ বিহুৰ দিনা খাবলৈ আগদিনাই যোগাৰ কৰি ৰাখে৷আমৰলি টোপ এশ এটা শাকৰ সমান মৰ্যাদা দিয়া হয়৷ এইটো বিশ্বাস কৰা হয় যে মানুহ বিহুৰ দিনা আমৰলি টোপ খালে বছৰটোলৈ বিভিন্ন বেমাৰৰ পৰা হাত সাৰিব পাৰি৷ ই বনৌষধিৰ কাম কৰে ৷ সেয়েহে মানুহ বিহুৰ দিনা ইয়াক হাঁহ বা কুুুুকুুৰাৰ কণী বা বিলাহীৰ লগত ভাজি কৰি খোৱা হয় ৷ আজিকালি এইবিধ টোপ অজনজাতি লোক সকলেও খোৱা দেখা গৈছে৷ ঠাই ভেদে ইয়াৰ চাহিদা অনুযায়ী বজাৰতো উপলব্ধ হয়৷ প্ৰতিকেজি আমৰলি টোপৰ মূল্য ৪০০-৬০০ টকা ৷

অসমৰ বিভিন্ন ঠাইত সূতাৰ বাবে এড়ী, মুগা আৰু নুনী পালন কৰা হয় ৷ কিন্তু সোনোৱাল কছাৰী আৰু আন জনজাতীয় লোকসকলে ইয়াৰ লেটাবোৰো খাদ্য হিচাপে গ্ৰহণ কৰে ৷ সূতাৰ লগতে এই লেটাবোৰৰো চাহিদা দিনক দিনে বৃদ্ধি পাইছে৷ অজনজাতীয় লোকসকলৰ মাজতো বহুতেই লেটাক খাদ্য হিচাপে গ্ৰহণ কৰে৷ প্ৰতিকেজি এড়ী লেটাৰ মূল্য ৪০০-৫০০টকা ৷

তামোল গছ আৰু চেয়া(চেৱা) গছৰ ভিতৰৰ সাহটো খাই পেলোৱা এবিধ পোক হৈছে চেৱাপোক(চেয়াপোক)৷ এইবোৰক ভাজি বা খৰিকাত দি খোৱা হয়৷ একেদৰে বিভিন্ন প্ৰকাৰৰ বৰল যেনে- টেকেলী কোদো, গাতোৱাল, ৰঙা বৰল, পাতসিয়া মৌ আদিৰ টোপো চেৱাপোকৰ দৰেই ভাজি খোৱা হয় ৷

জেঠ – আহাৰ মাহৰ পৰা ভাদ মাহলৈকে দুপৰীয়া সময়ত তীব্ৰ মাতেৰে চিঁচিঁয়াই থকা এবিধ পখিলা জাতীয় পতংগ হৈছে চাকচন৷ চাকচন দুই ৰঙৰ আছে ৷ এবিধৰ পাখি ক’লা আৰু আনবিধৰ পাখি পাতল সেউজীয়া জিলিকি থকা ৷ এই চাকচন ধৰিবলৈ সোনোৱাল কছাৰী সমাজত এক লোকগীতো প্ৰচলন আছে৷ গধূলি বেলিকা চোতালত লেম বা চাকি থৈ হাতত এডাল বাঁহৰ মাৰি লৈ বিশেষ তালত বজাই বজাই গোৱা হয় এইদৰে,
চাকচন এ ক’লী কলীয়া
মাৰ বাপেৰ আহিছে গধূলি বেলিকা
আম গছত নপৰিবি আম এঠা লাগিব
কঁঠাল গছত নপৰিবি কঁঠাল এঠা লাগিব
মোৰ গাত পৰিবি জাক জাক উৰিবি
খাবলৈ খাবলৈ তেলেতীয়া৷

বিশেষকৈ সৰু ল’ৰা ছোৱালীক লৈ চোতালত এইদৰে বজাই গোৱা হয় আৰু লেমৰ পোহৰত চাকচন উৰি আহি পৰেহি৷ এইবোৰকো খৰিকাত পুুৰি বা ভাজি খোৱা হয়৷

মেকমৌ(মেকলৌ) পৰুৱা উঁই গাঁতৰপৰা বাহিৰ ওলালে বৰষুণ দিয়া সম্ভাৱনা থাকে৷ এইবোৰ সন্ধ্যাৰ সময়ত গাঁতৰ বাহিৰলৈ ওলায় ৷ যিটো মেকমৌ পৰুৱা পুনৰ গাঁতৰ ভিতৰলৈ উভতি যাব পাৰে সি উঁইৰাণী(ৰজা কোৱা হয় সাধাৰণতে) লগত সহবাস কৰি প্ৰজনন ঘটাব পাৰে৷ কিন্তু একেলগে লাখ লাখ মেকমৌ পৰুৱা গাঁতৰ ভিতৰৰপৰা ওলায় আহে৷ পোহৰ যেনিয়েই দেখে তেনিয়েই উৰে৷ এই মেকমৌ পৰুৱাবোৰক গাঁতৰ পৰা ওলাওঁতেই পানী থকা বাল্টি বা জগত ধৰি ধৰি ভৰোৱা হয় যাতে পানী তিতি উৰিব নোৱাৰা হয় ৷ পাছত পানীৰপৰা উঠাই কেৰাহীত গৰম কৰি পাখিবোৰ গুচাই খোৱা হয়৷ বেছিভাগেই উৰি গৈ চৰাই চিৰিকটিৰ ভোজন হয় ৷ ইয়াৰ লগতে উঁই হাফলুত পোৱা উঁইৰজা(প্ৰকৃততে ৰাণী) কো পাতত দি খোৱা দেখা যায় ৷

যদিও বহু লোকৰ বাবে এইবোৰ খাদ্যৰ তালিকাত নপৰে , কিন্তু অসমৰ প্ৰায়সকল জনজাতি সোনোৱাল কছাৰী, মিছিং, বড়ো, কাৰ্বি, দেউৰী আদিয়ে কম বেছি পৰিমাণে এই পোক-পতংগবোৰক খাদ্য হিচাপে গ্ৰহণ কৰে৷ চুবুৰীয়া ৰাজ্য অৰুনাচল, নাগালেণ্ড,মিজোৰাম, মণিপুৰ আদিতো এইবোৰ খাদ্য প্ৰচলিত ৷ নাগালেণ্ডৰ ডিমাপুৰ, কহিমা আদি ঠাইত ইয়াৰ মুকলি বজাৰ আছে৷ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত চীন, জাপান, থাইলেণ্ড আফ্ৰিকাৰ কিছু দেশত এই পোক – পতংগৰ বৃহৎ বজাৰ আছে৷ সেইবোৰ দেশত এইবোৰক ব্যৱসায়িকভিত্তিত পালন কৰে আৰু পেকেটিং বা টেমা আদিতো চুপাৰ মাৰ্কেট, অনলাইনত কিনিব পোৱা যায়৷

পৰিপুষ্টিৰ ফালৰপৰা চাবলৈ হ’লে পোক-পতংগবোৰ উচ্চ প্ৰটিনসমৃদ্ধ, কাৰ্বহাইড্ৰেটযুক্ত তথা লিপিডযুক্ত৷ কিছুমানত উচ্চ হাতৰ ওমেগা -৩(omega-3) পোৱা যায়৷ শৰীৰক মাছ -মাংসৰ পৰা যি ধৰণৰ পুষ্টি যোগান ধৰে এইসমূহতে একেই পুষ্টি যোগায় ৷ বিশ্বাস কৰা হয় যে এইবোৰে ৰোগ নিৰাময়ত সহায় কৰে৷ আমৰলি পৰুৱাক চাইনাচাইটিছৰ ৰোগত আৰু নাকৰ ইনফেকছনত ঔষধ হিচাপে ব্যৱহাৰ কৰে৷ কোনো কোনো সমাজত মেলেৰীয়া, দাঁত বিষ, পেটৰ ৰোগ,স্কেবিজ,ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণত সহায় কৰে বুলি জনবিশ্বাস চলি আহিছে আৰু ব্যৱহাৰো কৰি আহিছে ৷ তদুপৰি এইবোৰে সংখ্যাত বৃদ্ধি হৈ শস্যৰ অনিষ্ট কৰে , সেয়ে খাদ্য হিচাপে গ্ৰহণ কৰিলে নিয়ন্ত্ৰণ হৈ থাকিব৷ অৱশ্যে কোনো কোনো অঞ্চলত এইবোৰক অবাধে নিধন কৰাৰ বাবে বিলুপ্ত হোৱাৰ সম্ভাৱনা নথকা নহয়৷ সেয়েহে এইবোৰক বাণিজ্যিকভাৱে পালন কৰিলে বিলুপ্ত হোৱাৰপৰা ৰক্ষা পৰিব তথা খাদ্যৰ চাহিদাও পূৰণ হ’ব৷ অদূৰ ভৱিষ্যতে ইয়াৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি৷ ইতিমধ্যেই এড়ী লেটাৰ বাণিজ্যিক প্ৰসাৰ ঘটিছেই৷ পৃথিৱীৰ প্ৰায় দুশতকৈও অধিক পোক-পতংগ খোৱাৰ বাবে উপযোগী আৰু পুষ্টিগুণসম্পন্ন৷ সেয়ে বাণিজ্যিক দিশত ভাবিবলৈ থল আছে বুলি গণ্য কৰিছো৷
বি.দ্ৰ.: যিসকলৰ এই পতংগবোৰক খাদ্যৰ তালিকাত নাই তেওঁলোকে যাতে বিৰূপ মন্তব্য নিদিয়ে৷ কাৰণ সমগ্ৰ অসমৰ জনজাতীয় সমাজ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বহু লোকৰে এইবোৰ পৰম্পৰাগত খাদ্য যিবোৰ যুগ যুগ ধৰি গ্ৰহণ কৰি আহিছে ৷ময়ো ইয়াৰ ব্যতিক্ৰম নহয় ৷
মজা। ইয়াৰ ভিতৰত সব খাব নোৱাৰিলেও কেইটামান খাব পাৰিম। যদিহে ভালকৈ বনাই দিয়ে।
বহুত নজনা কথা জানিলো গুড়িয়া।
LikeLiked by 1 person
নিশ্চয় ৷ ধন্যবাদ
LikeLike
এইটো জনমত খাব নোৱাৰিম কিন্তু অহা জনমত নিশ্বয় কছাৰী হৈ জনম লম।
LikeLiked by 1 person
হ’ব দে আৰু
LikeLike
সুন্দৰ।বহুতো নজনা কথা শিকিলো দেই।আগলেও এনে লেখা আশা কৰিলো বাইজনী।
LikeLiked by 1 person
ধন্যবাদ দেই
LikeLike
চেৱা পোক বিচাৰি Google ত চাৰ্চ কৰি আপোনাৰ এই লিখনিটো পালো। Facebook ত share কৰিলো।
ভাল লাগিল ।
চেৱা পোক পালে জনাবচোন বহুতদিন হ’ল নোখোৱাৰ।।
LikeLike
আপোনাক ধন্যবাদ৷ নিশ্চয় জনাম
LikeLike