আমি বাস কৰা এই বিনন্দীয়া পৃথিৱীখনত কিমান যে বিস্ময়কৰ ঘটনা ঘটি থাকে ৷ প্ৰকৃতিয়ে ঘটোৱা এই ঘটনাবোৰৰ কিছুমান ভয়ংকৰ, কিছুমান ৰহস্যময়, কিছুমান মোহনীয় তথা আশ্চৰ্যজনকভাৱে দৃষ্টিনন্দন ৷I

পৃথিৱীৰ এই সীমাহীন আকাশখনৰ কথাই ধৰক, কিমান যে ডাৱৰৰ লুকাভাকু, ৰ’দ বৰষুণৰ খেলা, অপাৰ নীল সমুদ্ৰহেন আকাশৰ ৰং, কেতিয়াবা আকৌ সেন্দূৰীয়া, কেতিয়াবা হালধীয়া, কত’ যে খেলা আকাশৰ বুকুত এই প্ৰকৃতিৰ ৷ এই আকাশৰ বুকুত সৃষ্টি হোৱা কিছুমান ধনুৰ বিষয়ে কিছু আভাস দিবলৈ চেষ্টা কৰিম ৷
ইন্দ্ৰধনু (Rainbow)
ইন্দ্ৰধনু বা ৰামধেনু দেখি মোহিত নোহোৱা হয়তো কোনো নাই ৷ চিৰপৰিচিত এই ইন্দ্ৰধনুৰ সাতোটা ৰঙে কিমান যে আনন্দ দিয়ে ৷ ইন্দ্ৰধনুক আমি বৰষুণৰ আগত বা পাছত দেখা পাওঁ ৷ ই এক প্ৰাকৃতিক পৰিঘটনা ৷ সূৰ্য্যৰ পোহৰ বায়ুমণ্ডলৰ বৰষুণৰ কণিকাত প্ৰতিফলন, প্ৰতিসৰণ ঘটি সাতোটা ৰঙৰে ইয়াক অৰ্ধবৃত্তাকাৰ বা আংশিকভাবে ধনুৰ দৰে দেখি ৷ ই সদায় সূৰ্য্যৰ বিপৰীত দিশত সৃষ্টি হয় ৷ বৰষুণৰ কণিকাত সূৰ্য্যৰ পোহৰৰ সাতোটা ৰং বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা এই ৰঙকেইটা বৰষুনৰ কণিকাত প্ৰতিফলিত হৈ দৃশ্যমান হয় ৷ পাহাৰৰ বুকুত ইন্দ্ৰধনুৰ সৌন্দৰ্য উপভোগ কৰাৰ মাদকতাই সুকীয়া ৷

সূৰ্য্য ধনু (Sunbow)

সূৰ্য্য ধনুক ইন্দ্ৰধনু বুলি নাভাবিব ৷ অৱশ্যে ইও ইন্দ্ৰধনুৰ দৰেই সাতোটা ৰং প্ৰতিফলিত কৰে ৷ ইয়াক জলপ্ৰপাত, পানীৰ ফোঁৱাৰা আদিতো দেখা যায় ৷ আটাইতকৈ বেছি ধুনীয়া লাগে যেতিয়া সূৰ্য্যৰ চাৰিওফালে ঘুৰণীয়াকৈ দেখা যায় ৷ কেতিয়াবা দ্বৈত সূৰ্য্যধনুও দেখা পোৱা যায় ৷ অৱশ্যে এখন আনখনৰ প্ৰতিবিম্বহে ৷

চন্দ্ৰধনু(Moonbow)

চন্দ্ৰধনু নামটোৰপৰাই অনুমান কৰিব পাৰি যে ই চন্দ্ৰৰ লগত জড়িত পৰিঘটনা ৷ ৰাতিৰ আকাশত বায়ুমণ্ডলৰ জলীয় বাষ্পৰ মাজেৰে চন্দ্ৰৰ পোহৰ প্ৰতিসৰণ ঘটি চন্দ্ৰধনুৰ সৃষ্টি হয় ৷ দেখাত ইন্দ্ৰধনুৰ দৰেই যদিও ই ৰাতি চন্দ্ৰৰ বিপৰীত দিশত সৃষ্টি হয় ৷ তুলনামূলকভাবে ই ইন্দ্ৰধনুতকৈ বহু পৰিমাণে অনুজ্জ্বল ৷ যিহেতু চন্দ্ৰৰ নিজা পোহৰ নাই , ই সূৰ্য্যৰ পোহৰহে প্ৰতিফলিত কৰে , সেয়ে চন্দ্ৰধনুতো সাতটা ৰঙৰ দেখা যায় ৷ অৱশ্যে ইমানেই অনুজ্জ্বল যে মানুহৰ চকুৰে ইয়াৰ পাৰ্থক্য ধৰিব নোৱাৰি আৰু সেয়ে ইয়াক বগা ৰঙৰ ধনু দৰে দেখি ৷ বগা হোৱাৰ বাবে ইয়াক শুক্লধনু বা শ্বেতধনু বুলিও কোৱা হয় ৷ কোনো কোনো বতৰত সূৰ্য্যধনুৰ দৰে চন্দ্ৰৰ চাৰিওফালে ইয়াকো একক বা দ্বৈতভাৱে দেখা পোৱা যায় ৷

কুঁৱলী ধনু (Fogbow)

কু্ঁৱলী ধনু বা ফগব’ কুঁৱলীৰ বাবে সৃষ্টি হয় ৷ইয়াক ভূতৰ ইন্দ্ৰধনু বুলিও কোৱা হয় ৷ ইও ইন্দ্ৰধনুৰ দৰেই সূৰ্য্যৰ বিপৰীত দিশত সৃষ্টি হয় ৷ পাৰ্থক্য ইমানেই যে ইন্দ্ৰধনু বৰষুনৰ টোপালত সৃষ্টি হয় আৰু কুঁৱলীধনু কুঁৱলীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰ বাবে সৃষ্টি হয় ৷ কুঁৱলীৰ ক্ষুদ্ৰ কণিকাৰ মাজেৰে সূৰ্য্যৰ পোহৰ প্ৰতিফলন ঘটি এই ধনুৰ সৃষ্টি হয় ৷ ই প্ৰায় বগা বা ৰঙবিহীন ধূম্ৰাকাৰ হোৱা বাবে ইয়াক ভূতৰ ইন্দ্ৰধনু বুলি কোৱা হয় ৷
প্ৰকৃততে আকাশত ( বায়ুমণ্ডল) সৃষ্টি হোৱা সকলো ধনুৱেই সূৰ্য্যৰ পোহৰৰ খেলা বা পৰিঘটনা ৷ বায়ুমণ্ডলত সংঘটিত হোৱা বিভিন্ন প্ৰক্ৰিয়াৰে সূৰ্য্যৰ পোহৰ প্ৰত্যক্ষ বা পৰোক্ষ ভাবে জলীয় মাধ্যমৰ মাজেৰে পাৰ হৈ যাওঁতে প্ৰতিফলন , প্ৰতিসৰণ ঘটি এই ধনুসমূহৰ গঠন হয় ৷ ইয়াক পোহৰৰ খেল বুলি ক’ব পাৰি৷ এই খেল চাবলৈ আমাক প্ৰয়োজন মাথো আকাশলৈ মূৰ তুলি চোৱা আৰু উপভোগ কৰা ৷ বিচিত্ৰ প্ৰকৃতিয়ে আমাৰ বাবে অপাৰ বিস্ময় লৈ বুকু ভৰাই ৰাখিছে ৷

Akaashar dhanur bishaye pahi vl laagil
LikeLiked by 1 person
ৰামধনুৰ বাহিৰে বাকি কেইটা নাজানিছিলো। ধন্যবাদ 🙏
LikeLiked by 1 person
স্বাগতম৷ মন্তব্যৰ বাবে ধন্যবাদ জনালো
LikeLike
পঢ়ি ভাল লাগিল|
LikeLiked by 1 person
THANK YOU
LikeLike
পঢ়িলো দেই এতিয়াহে। ইমানবিধ ধনু আছে বুলি ভবা নাছিলো আজি জানিলো।
LikeLike
ধন্যবাদ
LikeLike
বহুত কথা জানিবলৈ পালো গুড়িয়া।
LikeLiked by 1 person
ধন্যবাদ জনালো
LikeLike
জানি ভাল লাগিল।
LikeLiked by 1 person
ধন্যবাদ বা
LikeLike