বৰ্তমান মানৱ সমাজ সম্পূৰ্ণভাৱে প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে ৷ ধনী অথবা দুখীয়া সকলো লোকেই প্ৰত্যক্ষ বা পৰোক্ষভাৱে বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰ কৰি আহিছে ৷দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা স্মাৰ্ট ফোন , চেলুলাৰ ফোন, লেপটপ, কম্পিউটাৰ, গাড়ী মটৰ, ইন্টাৰনেট, ৰাডাৰ, LED বাল্ব , টৰ্চ, পুন ব্যৱহাৰযোগ্য বেটাৰী ইত্যাদি আমি ব্যৱহাৰ কৰি আহিছো ৷ প্ৰযুক্তিবিহীন জীৱনৰ আমি কল্পনাই কৰিব নোৱাৰো ৷ এই সকলোবোৰ প্ৰযুক্তিসৃষ্ট সামগ্ৰী নিৰ্মাণৰ মূলতে আছে দুষ্প্ৰাপ্য মৃত্তিকা ৷ কিন্তু এই দুষ্প্ৰাপ্য মৃত্তিকানো প্ৰকৃততে কি আৰু ইয়াৰ উৎস , বিজ্ঞান প্ৰযুক্তিত ইয়াৰ ব্যৱহাৰ বিষয়ে আমি জানি ল’ব লাগিব ৷ কাৰণ বৰ্তমান বিশ্ব অৰ্থনীতিত ইয়াৰ ভূমিকা উল্লেখযোগ্য হিচাপে বিবেচিত হৈছে ৷ আহিবলগীয়া দিনবোৰত এই দুষ্প্ৰাপ্য মৃত্তিকাই পৃথিৱীৰ প্ৰযুক্তি ক্ষেত্ৰখন নিয়ন্ত্ৰণ কৰিব৷
দুষ্প্ৰাপ্য মৃত্তিকাবোৰ প্ৰকৃততে ইয়াৰ নামটোৰ দৰে দুষ্প্ৰাপ্য নহয় ৷ ৰসায়ন বিজ্ঞানৰ নীতি অনুসৰি এইবিলাকক ধাতবীয় মৌল বুলিহে কোৱা হয় ৷ এইবোৰ এক প্ৰকাৰৰ ধাতু ৷ পৃথিৱীৰ বিভিন্ন অঞ্চলত এইবোৰক আন মৌলৰ লগত আকৰ হিচাপে পোৱা যায় ৷পৃথিৱীত ১৭ বিধ দুষ্প্ৰাপ্য মৃত্তিকা পোৱা যায় ৷ সেইবোৰ হ’ল -স্কেণ্ডিয়াম(SC), ইট্ৰিয়াম(Y),লেন্থেনাম(La), ছিৰিয়াম(Ce), প্ৰাছোডাইমিয়াম(Pr), নিয়ডাইমিয়াম(Nd), প্ৰমেথিয়াম(Pm), ছামাৰিয়াম(Sm), ইউৰোপিয়াম(Eu), গেডোলিনিয়াম(Gd), টাৰবিয়াম(Tb), ডাইপ্ৰোছিয়াম(Dy), হ’লমিয়াম(Ho), এৰবিয়াম(Er), থুলিয়াম(Tm), ইটাৰবিয়াম(Yb) আৰু লুটেছিয়াম(Lu)৷ আন্তঃজাৰ্তিক ৰসায়ন বিজ্ঞানৰ সংস্থা IUPAC( International Union of Pure and Applied Chemistry) মতে এই মৌলসমূহৰ ধৰ্ম আৰু বৈশিষ্ট্য একে হোৱাৰ বাবে ইহঁতক চিনাক্ত কৰা আৰু পৃথক কৰা প্ৰক্ৰিয়াটো অতি জটিল আৰু কষ্টকৰ ৷ সেয়েহে ইহঁতক দুষ্প্ৰাপ্য মৃত্তিকা বুলি কোৱা হয় ৷ ইহঁতক সাধাৰণতে অক্সাইড হিচাপে সংৰক্ষণ কৰি ব্যৱহাৰ কৰা হয় ৷ এই সমূহৰ ভিতৰত স্কেণ্ডিয়াম আটাইতকৈ বেছি দুষ্প্ৰাপ্য বুলি কোৱা হয় কাৰণ ই অত্যধিক ৰেডিঅ’এক্টিভ আৰু সহজতে ক্ষয় যায় ৷

দুষ্প্ৰাপ্য মৃত্তিকাৰ ব্যৱহাৰ

আধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰখনত দুষ্প্ৰাপ্য মৃত্তিকাৰ প্ৰয়োগ অপৰিসীম ৷ প্ৰায় প্ৰতিটো বৈদ্যুতিক সামগ্ৰী তথা সজুঁলিত দুষ্প্ৰাপ্য মৃত্তিকাৰ ব্যৱহাৰ হয় ৷ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা চেলুলাৰ ফোন , মেমৰি কাৰ্ড, ৰাডাৰ ,কেমেৰা, চেপেটা পৰ্দাৰ টিভি, LED বাল্ব, DVD, দিপ্তীমান ইলেক্ট্ৰনিক সামগ্ৰী , পুনঃ পুনঃ ব্যৱহাৰ কৰিব পৰা বেটাৰী(Lithium ion battery), চুম্বক আদিত দুষ্প্ৰাপ্য মৃত্তিকা ব্যৱহাৰ কৰা হয়৷ ইয়াৰোপৰি অট’মবাইল সামগ্ৰীসমূহতো ইয়াক ব্যৱহাৰ কৰা হয় ৷ আজিকালি পৰিবেশহিতৈষী হিচাপে বিদ্যুতচালিত বাহন আৰু হাইব্ৰিড গাড়ীৰ বেটাৰী আৰু অন্যান্য অংশ নিৰ্মাণত দুষ্প্ৰাপ্য মৃত্তিকা ব্যৱহৃত হয় ৷ডাঙৰ ডাঙৰ বতাহচালিত টাৰবাইনত প্ৰায় দুই টনতকৈ অধিক পৰিমানৰ চুম্বক ব্যৱহাৰ কৰা হয় যিবোৰ দুষ্প্ৰাপ্য মৃত্তিকাৰে নিৰ্মিত ৷ সৌৰফলক, ৰাডাৰ প্ৰণালী, মিছাইল আদিৰ চিপছ্ নিৰ্মাণতো দুষ্প্ৰাপ্য মৃত্তিকাৰ ব্যৱহাৰ অপৰিহাৰ্য ৷

আজিৰপৰা প্ৰায় বিছ বছৰ আগলৈকে খুব কম সংখ্যক মানুহে ম’বাইল ব্যৱহাৰ কৰিছিল , কিন্তু বৰ্তমান পৃথিৱীত ম’বাইল ব্যৱহাৰ কৰা মানুহৰ সংখ্যা ৫ বিলিয়নতকৈও বেছি৷ দুষ্প্ৰাপ্য মৃত্তিকাৰ ব্যৱহাৰে কম্পিউটাৰ, লেপটপ আদিৰ কাৰ্যক্ষমতা ম’বাইলৰ দৰে দ্ৰুত আৰু ক্ষীপ্ৰ তথা সহজ কৰি তুলিছে ৷ দুষ্প্ৰাপ্য মৃত্তিকাসমূহ বায়ুশোধক সজুঁলিতো ব্যৱহাৰকৰা হয়৷ তদুপৰি গ্লাছ পৰিষ্কাৰক, মাৰ্বল, গ্ৰেণাইট, ৰত্নপাথৰ আদিৰ পলিছ কৰাতো দুষ্প্ৰাপ্য মৃত্তিকাৰ অক্সাইডসমূহ ব্যৱহৃত হয় ৷ আচৰিত হ’বলগীয়া কথা যে আমেৰিকা মহাদেশত স্কেণ্ডিয়াম নামৰ দুষ্প্ৰাপ্য মৃত্তিকাবিধ আটাইতকৈ বেছি ব্যৱহাৰ হয় বেছবলৰ বেট আৰু অন্যান্য খেলৰ সামগ্ৰী নিৰ্মাণত ৷ আজিকালি স্পীকাৰ, মাইক্ৰফোনত ব্যৱহাৰ কৰা চুম্বকসমূহো দুষ্প্ৰাপ্য মৃত্তিকাৰেই নিৰ্মিত ৷

প্ৰতিৰক্ষাৰ ক্ষেত্ৰখনত দুষ্প্ৰাপ্য মৃত্তিকাৰ ব্যৱহাৰ
কেৱল জনসাধাৰণৰ জীৱন ধাৰণৰ উন্নয়ন কৰা সামগ্ৰীতেই দুষ্প্ৰাপ্য মৃত্তিকাৰ ব্যৱহাৰ হোৱা নাই , আধুনিক প্ৰতিৰক্ষাৰ ক্ষেত্ৰখনতো ইয়াৰ বহুল ব্যৱহাৰ হয় ৷ সৈন্যবাহিনীত ব্যৱহাৰ হোৱা নাইট ভিছন চছমা (Night Vision Gaggles) , ৱায়াৰলেছ সামগ্ৰী, জিপিএছ(GPS) সজুঁলি, বেটাৰী, মিছাইল, প্ৰতিৰক্ষা অস্ত্ৰ, ৰাডাৰ আৰু অন্যান্য আনুসংগিক সামগ্ৰী নিৰ্মাণত দুষ্প্ৰাপ্য মৃত্তিকাৰ ব্যৱহাৰ অপৰিহাৰ্য৷
আধুনিক জীৱনত এই সামগ্ৰীসমূহৰ বিপুল জনপ্ৰিয়তা আৰু বহুল প্ৰচলনে দুষ্প্ৰাপ্য মৃত্তিকাৰ চাহিদা তথা মূল্য দিনক দিনে বৃদ্ধি কৰি তুলিছে ৷
দুষ্প্ৰাপ্য মৃত্তিকা আৰু আধুনিক বিশ্ব
আধুনিক বিশ্বই হৈছে প্ৰযুক্তিনিৰ্ভৰ ৷ বিজ্ঞানৰ অৱদানে সকলোকে প্ৰযুক্তি নিৰ্ভৰ হ’বলৈ বাধ্য কৰাইছে ৷ভৱিষ্যতৰ পৃথিৱীখনত কেৱল প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰিয়েই জীৱন ধাৰণৰ মান নিৰূপণ কৰিব ৷ সেয়েহে আমেৰিকা, অষ্ট্ৰেলিয়া, জাপান, জাৰ্মানী, চীন আদি উন্নত দেশসমূহত দুষ্প্ৰাপ্য মৃত্তিকাৰ চাহিদা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ৷ আজিৰ চীন দেশ প্ৰযুক্তিৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত শীৰ্ষ স্থানত আছে কেৱল দুষ্প্ৰাপ্য মৃত্তিকাৰ ওপৰত নিৰ্ভৰ কৰিয়েই ৷ চীন দেশে পৃথিৱীৰ আটাইতকৈ বেছি দুষ্প্ৰাপ্য মৃত্তিকা প্ৰায় ৯৭% উৎপাদন কৰে তথা বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰে ৷আমেৰিকা, অষ্ট্ৰেলিয়া, জাৰ্মানী আদি দেশে চীন দেশৰ পৰা দুষ্প্ৰাপ্য মৃত্তিকা আমদানি কৰি নিজৰ নিজৰ প্ৰযুক্তিৰ ক্ষেত্ৰখন টনকিয়াল কৰি আছে ৷ এনে নহয় যে সেইবোৰ দেশত দুষ্প্ৰাপ্য মৃত্তিকাৰ কোনো খনি নাই , কিন্তু ইয়াৰ পৃথকীকৰণৰ জটিলতাৰ বাবেই আমদানি কৰাতহে গুৰুত্ব দিছে ৷ ইয়াৰ পৰা চীনদেশৰেই লাভ হৈছে৷ পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থানত আছে আমেৰিকা মহাদেশ আৰু তৃতীয়ত অষ্ট্ৰেলিয়া৷ এই ক্ষেত্ৰত আমাৰ ভাৰতো পিছ পৰি থকা নাই ৷ দুষ্প্ৰাপ্য মৃত্তিকাৰ উৎপাদনৰ ক্ষেত্ৰত ছয় নম্বৰ স্থানত আছে ভাৰত ৷
আজিৰ বিশ্ব অৰ্থনীতিবিদসকলৰ মতে দুষ্প্ৰাপ্য মৃত্তিকাই ভৱিষ্যতৰ বিশ্ব অৰ্থনীতি নিয়ন্ত্ৰণ কৰিব ৷ বৰ্তমানৰ অৰ্থনীতি পেট্ৰোলিয়ামৰ ওপৰত নিৰ্ভৰ কৰি আছে ৷ কাৰণ পৃথিৱীৰ পৰিবেশৰ ওপৰত গুৰুত্ব আৰোপ কৰি পেট্ৰোলিয়ামৰ বিকল্প হিচাপে ব্যৱহাৰ কৰাত ইতিমধ্যেই দুষ্প্ৰাপ্য মৃত্তিকাক গুৰুত্ব দিয়া হৈছে ৷ যদিহে এইটো সঁচা হয় তেন্তে অনাগত দিনবোৰত ভাৰতো বিশ্বৰ এখন শীৰ্ষ দেশ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে ৷ কাৰণ চীন দেশে ইতিমধ্যে দুষ্প্ৰাপ্য মৃত্তিকাৰ ৰপ্তানিৰ ক্ষেত্ৰত নতুন নীতি প্ৰৱৰ্তন কৰি ৰপ্তানিৰ পৰিমাণ হ্ৰাস কৰিছে৷ ভাৰতত প্ৰচুৰ পৰিমাণে দুষ্প্ৰাপ্য মৃত্তিকাৰ ভাণ্ডাৰ আছে ৷ চীন দেশৰ বিকল্প হিচাপে ভাৰতে দুষ্প্ৰাপ্য মৃত্তিকাৰ উৎপাদন কৰি ৰপ্তানি কৰিলে ভৱিষ্যতৰ বিশ্ব অৰ্থনীতিত উন্নত দেশসমূহৰ দৰে প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ৷

নজনা কথা জানিলো ভাল লাগিল বা
LikeLiked by 1 person
Thank you
LikeLike
সুন্দৰ তথ্যপূৰ্ণ লিখনি। পঢ়ি ভাল লাগিল।
LikeLike
ধন্যবাদ
LikeLike
দুখৰ বিষয় এনেধৰণৰ লাগতিয়াল কথাবোৰ পঢ়ি খুব কম সংখ্যক মানুহে হে ভাল পাই।
তথাপিও ভৱিষ্যত জীৱনত কাৰোবাৰ বহুত উপকৃত হব এই লিখনিয়ে।
LikeLiked by 1 person
মন্তব্যৰ বাবে ধন্যবাদ ৷ আশা কৰো নিশ্চয় উপকৃত হ’ব
LikeLike
মন্তব্যৰ বাবে ধন্যবাদ ৷ আশা কৰো নিশ্চয় উপকৃত হ’ব
LikeLike