অসুৰ পূজাঃ এক ব্যতিক্ৰমী পৌৰাণিক ধাৰা

যুগ যুগ ধৰি ভাৰতবৰ্ষত বিভিন্ন দেৱতা বা দেৱীৰ পূজা-অৰ্চনা চলি আহিছে ৷ পূজাৰ মহাত্ম্য অনুসৰি সকলোৰে নীতি – নিয়ম ভিন্ন ৷ সকলো মানুহেই নিজৰ নিজৰ পৰম্পৰা অনুসৰি নিজ নিজ উপাস্য দেৱতা বা দেৱীৰ উদ্দেশ্যে ধূপ -ধূণা , ফুল আৰু মাংগলিক উপাচাৰে প্ৰাথৰ্না কৰি ভগৱানৰ আশীষ কামনা কৰে ৷ পূজাই মানুহৰ মনত ভক্তি ভাৱ জগাই তুলি মানসিক প্ৰশান্তি প্ৰদান কৰে ৷যি কি নহওক সকলো ধৰ্মৰ মতে উৎসৱ – পাৰ্বণ বা পূূজা আদি বিভিন্ন দেৱতা বা দেৱীৰ নামত পালন কৰা হয় ৷ দেৱ-দেৱীসকলক ভাল আৰু ন্যায়ৰ প্ৰতীক আৰু অসুৰসকলক বেয়া আৰু অন্যায়ৰ প্ৰতীক হিচাপে দেখুওৱা হয় ৷ যাৰ বাবে প্ৰতিটো পূজা বা উৎসৱৰ কাহিনীতে দেৱতা বা দেৱীৰ ( ঈশ্বৰ )দ্বাৰা অসুৰ বধ আৰু শান্তি স্থাপন কৰা পোৱা যায় ৷

কিন্তু আজি মই লৈ আহিছো এই সকলোৰে বিপৰীত এক ব্যতিক্ৰমী পৌৰানিক ধাৰাৰ পূজা যি কেৱল এক শ্ৰেণীৰ সংখ্যক মানুহৰ মাজত প্ৰচলিত৷ সেয়া হৈছে “অসুৰ পূজা”৷ সমগ্ৰ ভাৰতবৰ্ষৰ কেৱল জনগোষ্ঠীয় লোকৰ মাজত চলি অহা এক পৰম্পৰা ৷

মহিষাসুৰ পূজাঃঃ

মহিষাসুৰৰ বিশাল মূৰ্ত্তি

সমগ্ৰ দেশত যেতিয়া মহিষাসুৰমৰ্দিনী, দূৰ্গতিনাশিনী আদিৰে বিভূষিতা দেৱী দূূূূৰ্গাৰ পূজা পাতে আৰু নৱৰাত্ৰি উদযাপন কৰে , ঠিক সেই সময়খিনিত ঝাৰখণ্ডৰ এক পাহাৰীয়া জনজাতিয়ে গোটেই নটা দিন শোক পালন কৰে ৷ নিজকে “অসুৰ” জনগোষ্ঠী বুলি পৰিচয় দিয়া এই জনজাতীয় লোকসকলে মহিষাসুৰক নিজৰ আদি পুৰুষ বুলি বিশ্বাস কৰি আহিছে আৰু নিজকে মহিষাসুৰৰ বংশধৰ বুলি মানি আহিছে৷ তেওঁলোকৰ মতে তেওঁলোকৰ আদিপুৰুষ মহিষাসুৰ এজন প্ৰবল পৰাক্ৰমী মহাবীৰ আছিল , যাক আৰ্য সকলে ছলনা কৰি বধ কৰিলে বুলি বিশ্বাস কৰে৷ এনেদৰে ছলনা কৰি বধ কৰাৰ বাবে তেওঁলোকে দূৰ্গাপূজাৰ দিনকেইটাত অৰ্থাৎ নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা দশেৰালৈকে শোক পালন কৰে ৷ সেই দিনকেইটাত কোনো ধৰণৰ আমোদ – প্ৰমোদ , ধৰ্মীয় কাম কাজ আদি পালন কৰা নহয় ৷ তেওঁলোকৰ প্ৰবাদ মতে মহিষাসুৰে মহিলাৰ বিৰুদ্ধে কোনো ধৰণৰ অস্ত্ৰ ধাৰণ নকৰিছিল আৰু সেই আচিলাতে দেৱী দূৰ্গাক সন্মুখত ৰাখি আৰ্য দেৱতাসকলে ছলনা কৰি মহিষাসুৰক বধ কৰে ৷ এই কাহিনীটোকে দেৱতাই অসুৰক সংহাৰ কৰি পৃথিৱীলৈ শান্তি ঘুৰাই আনে বুলি প্ৰচাৰ কৰিলে বুলি আজিও দুুখ প্ৰকাশ কৰে ৷

অসুৰ জনগোষ্ঠীৰ মহিষাসুৰ পূজা

মহিষাসুৰ পূজাৰ বাবে তেওঁলোকে কোনো মূৰ্ত্তি নাৰাখে৷ পুৰুষানুক্ৰমে মুখে মুখ চলি অহা নীতি – নিয়ম পৰম্পৰা অনুসৰি পূজা কৰি আহিছে৷অসুৰ জনজাতিৰ লোকসকলৰ মতে তেওঁলোকে মহিষাসুৰক অন্তৰত ধাৰণ কৰে ৷ দশেৰাৰ দিনা তেওঁলোকে দশাই আৰু কাণ্ঠী নামেৰ এক নৃত্য – গীতৰ মাধ্যমৰে মহিষাসুৰ বধৰ শোকগাঁথা পৰিবেশন কৰে ৷ তেওঁলোকে বিশ্বাস কৰে যে মহিষাসুৰে আকৌ পৃথিৱীত জন্ম গ্ৰহণ কৰিব কাৰণ তেওঁলোকৰ পূৰ্বজ মহিষাসুৰক ছলনা কৰি বধ কৰা হৈছিল ৷ যদিও নিৰাকাৰ মহিষাসুৰৰ পূজা চলি আহিছে , আজি কিছুবছৰৰ পৰা মহিষাসুৰৰ মূৰ্ত্তি স্থাপন কৰি পূজা কৰা প্ৰচলন হৈছে ৷ ঝাৰখণ্ডৰ বাহিৰেও পশ্চিমবংগ, ছত্তিছগড় আৰু মধ্যপ্ৰদেশৰ কোনো কোনো জনগোষ্ঠীৰ মাজতো মহিষাসুৰৰ পূজা কৰা দেখা যায় ৷

দশাই আৰু কাণ্ঠী নৃত্য পৰিবেশনৰ সময়ত

ৰাৱন পূজাঃঃ

ৰাৱণৰ বিৰাটকায় মূৰ্ত্তি

ৰামায়ণৰ খলনায়ক তথা মহা প্ৰতাপী অসুৰ ৰাৱণক বধ কৰি সীতা উদ্ধাৰৰ কাহিনীয়ে সকলোকে মোহিত কৰে ৷ সকলো অসুৰৰ চাৰিত্ৰিক গুণসমূহ শাস্ত্ৰত একেদৰেই বৰ্ণিত৷ একেই অট্টহাস্য, চকু ডাঙৰ টেলেকা, অলৌকিক শক্তিধাৰী মায়াবী তথা অত্যাচাৰী ৷ ৰাৱণো ক্ষেত্ৰতো ব্যতিক্ৰম নহয় , কিন্তু এই ৰাৱণকো মধ্যপ্ৰদেশ, কৰ্ণাটক, উত্তৰপ্ৰদেশ, ৰাজস্থান আৰু হিমাচল প্ৰদেশৰ কিছু কিছু ঠাইৰ জনগোষ্ঠীয় মানুহে পৰম শ্ৰদ্ধাৰে যথেষ্ট উলহ মালহ আৰু ধুমধামেৰে পূজা পালন কৰে ৷

মধ্যপ্ৰদেশৰ বিদিশা জিলাৰ এখন গাঁৱত ৰাৱণৰ এক মন্দিৰ আছে য’ত ৰাৱণক পূজা কৰা হয় ৷ এই মন্দিৰটো মধ্যপ্ৰদেশৰ প্ৰথম ৰাৱণৰ মন্দিৰ ৷ আনকি ৰাজ্যখনৰ মন্দসুৰ জিলাৰ খানপুৰত ৰাৱণৰ এক বিশাল মূৰ্ত্তি স্থাপন কৰা আছে ৷ জনবিশ্বাস অনুসৰি ৰাৱণৰ পত্নী মন্দোদৰী এই ঠাইৰ জীয়াৰী আছিল আৰু সেই সূত্ৰে ৰাৱণ ইয়াৰ জামাতা অৰ্থাৎ জোঁৱাই ৷ মন্দোদৰীৰ নাম অনুসৰিয়েই এই ঠাইৰ নাম মন্দসুৰ হয় বুলি বিশ্বাস কৰে ৷

শহুৰৰ ৰাজ্যত ৰাৱণৰ মূৰ্ত্তি

কৰ্ণাটকতো শস্য চপোৱা উৎসৱৰ সময়ত ৰাৱণৰ যথেষ্ট জাক জমকতাৰে পূজা কৰা হয় ৷ পূজাৰ সময়ত ৰাৱণৰ মূৰ্ত্তিক ৰথত তুলি পৰিভ্ৰমণো কৰোৱা হয় ৷ এই পূজা তিনিদিনৰপৰা পাঁচদিন পৰ্য্যন্ত পালন কৰে ৷ “লংকেশ্বৰ মহোৎসৱ “নামেৰে জনাজাত এই পূজাত ৰাৱণৰ প্ৰতিমূৰ্ত্তিত ধূপ ধূণা, ফুলেৰে সজ্জিত কৰি পূজা অৰ্চনা কৰা হয়৷ ভগৱান শিৱৰ পৰম ভক্ত হিচাপে শিৱপূজাৰ লগতে ৰাৱণৰো পূজা কৰে ৷ ৰাজ্যখনৰ মাণ্ড্যা জিলাত ৰাৱণৰ এক প্ৰাচীন মন্দিৰো আছে ৷

কৰ্ণাটকৰ দশানন মন্দিৰ

উত্তৰপ্ৰদেশৰ কানপুৰ জিলাত “দশানন মন্দিৰ “নামেৰে এক ৰাৱণৰ মন্দিৰ আছে ৷ এই মন্দিৰত ৰাৱণক শক্তিৰ প্ৰতীক হিচাপে পূজা কৰা হয় ৷ ভক্তসকলে ৰাৱণৰ মূৰ্ত্তিৰ সন্মুখত ধূপ -ধূণাৰে পূজা কৰি মনোকামনা পূৰণৰ বাবে প্ৰাৰ্থনা জনায় ৷ জনবিশ্বাস অনুসৰি ১৮৯০ চনত নিৰ্মাণ কৰা এই মন্দিৰটোৰ দুৱাৰ মাত্ৰ দশেৰাৰ দিনাহে মুকলি কৰা হয়৷ দশেৰাৰ দিনা পুৱাই দুৱাৰ মুকলি কৰি ৰাৱণৰ প্ৰতিমাত স্নান কৰাই শৃংগাৰ কৰি সজোৱা হয়৷ দিনটো ভক্তসকলৰ দৰ্শনৰ সুবিধাৰ বাবে দুৱাৰ খোলা থাকে৷ সন্ধিয়া আৰতিৰ পিছত বছৰটোৰ বাবে পুনৰ দুৱাৰ বন্ধ কৰি দিয়া হয়৷ দশেৰাৰ দিনা বহুতো ভক্তই পূজাৰ বাবে ভিৰ কৰেহি ৷

শক্তিৰ প্ৰতীক শিৱভক্ত ৰাৱণ

ৰাজস্থানৰ যোধপুৰৰ মন্দোদৰী নামৰ ঠাইত ৰাৱণ আৰু মন্দোদৰীৰ বিবাহ হৈছিল বুলি সেই ঠাইৰ মানুহৰ বিশ্বাস ৷ এতিয়াও কিছু অৱশেষ আছে বুলি বিশ্বাস কৰে ৷ সেই ঠাইতো ৰাৱণৰ এক মন্দিৰ আছে য’ত ৰাৱণক পূজা কৰা হয় ৷

হিমাচল প্ৰদেশৰ কাংগাৰা জিলাতো ৰাৱণৰ শ্ৰদ্ধা সহকাৰে পূজা – অৰ্চনা কৰা হয় ৷ সেই অঞ্চলৰ লোকসকলৰ মতে ৰাৱণৰ পুু্ত্তলিকা দাহ কৰাটো মহাপাপ ৷ তেওঁলোকৰ বিশ্বাসমতে সেই ঠাইতে ৰাৱণে শিৱক কঠোৰ তপস্যা কৰি মোক্ষ লাভ কৰিছিল ৷

দৈত্যৰাজ বলি বা বলিৰজাৰ পূজাঃ

প্ৰজাবৎসল বলি ৰজাৰ কৃষিকৰ্ম

কেৰেলা ৰাজ্যৰ লোকসকলৰ বাবে “ওনাম” উৎসৱ এক জাতীয় উৎসৱ ৷ অসমৰ বিহুৰ দৰেই এই উৎসৱ ৰং ৰহইচৰ মাজেৰে পালন কৰা হয় ৷ তেওঁলোকৰ পৰম্পৰা বিশ্বাস অনুসৰি সেই উৎসৱৰ তিনিটা দিন অসুৰ ৰজা বলি পাতালৰ পৰা আহি সুখ-দুখৰ খবৰ ল’বলৈ আহে৷ সেয়েহে প্ৰত্যেকৰে ঘৰৰ দুৱাৰমুখ ৰংগোলীৰে সজাই ৰাখে ৷ বলি ৰজা আছিল হিৰণ্যকশিপুৰৰ আজোনাতি তথা বিষ্ণুভক্ত প্ৰহ্লাদৰ নাতি ৷ অসুৰ ৰাজ বলি মহা পৰাক্ৰমী হোৱাৰ লগতে প্ৰজাবৎসল তথা ন্যায়পৰায়ন আৰু মহাদানী ৰজা আছিল ৷ বলিৰ শাসনকালতেই কেৰেলাৰ স্বৰ্ণযুগ বুলি কোৱা হৈছিল ৷ বলিৰ এই পৰাক্ৰম দেখি স্বৰ্গৰ দেৱতাসকলে ইন্দ্ৰপুৰী অধিকাৰ কৰিব বুলি শংকিত হৈ বিষ্ণুৰ শৰণ ল’লে ৷ বিষ্ণুৱে দেৱতাসকলক অভয়দান কৰি বামণ (বটু ) অৱতাৰ ধাৰণ কৰিলে৷ বলিৰজাই এক যজ্ঞৰ অন্তত দান দক্ষিণা দিয়াৰ সময়তেে বামণৰূপী বিষ্ণুৱে তিনিপদ ভূমি বিচাৰি ছলনা কৰিলে৷ মহাদানী বলিয়ে সেই দান দিয়াৰ পৰিপ্ৰেক্ষিতত বিষ্ণুৱে তেওঁক পাতালত নিক্ষেপ কৰিলে৷ বলি পাতাললৈ যোৱা দেখি প্ৰজাসকলে শোক কৰাত প্ৰজাবৎসল ৰজা বলিয়ে বিষ্ণুৰপৰা সুখ-দুখৰ খবৰ ল’বলৈ অনুমতি বিচাৰিলে ৷ সেয়ে বিষ্ণুৱে বছৰত তিনিটা দিন প্ৰজাৰ খবৰ ল’বলৈ অনুমতি প্ৰদান কৰিলে ৷ সেই উপলক্ষে কেৰেলাবাসীয়ে “ওনাম ” উৎসৱ পালন কৰে ৷

বলিৰজাৰ বামণক ভূমিদান

অসমৰো ভূমিপুত্ৰ সোনোৱাল কছাৰীসকলে নিজকে বলিৰজাৰ বংশধৰ হিচাপে বিশ্বাস কৰি আহিছে ৷ তেওঁলোকৰ উৎসৱ “বাইথ’ পূজা”ত গোৱা হাইদাং গীতত বলিৰজাক “আদিগুৰু বলিৰজা” বুলি গাই আৰম্ভ কৰে ৷

বৰ্বৰীকৰ পূজাঃঃ ( খাটু শ্যাম জী )

খাটু শ্যাম জীৰ মন্দিৰ

বৰ্বৰীক হৈছে মহাবীৰ ভীম আৰু হিড়িম্বাৰ নাতি আৰু ঘটোৎকচৰ পুত্ৰ ৷ মহাভাৰতৰ অভিমন্যু বা ঘটোৎকচৰ কাহিনীৰ তুলনাত বৰ্বৰীকৰ কাহিনী কিছু পৰিমাণে উপেক্ষিত ৷ বৰ্বৰীক আছিল ঘটোৎকচৰ দৰেই মহা বলশালী , পৰাক্ৰমী ৷ তেওঁ মাতৃৰ ছত্ৰছায়াত ডাঙৰ -দীঘল হৈছিল৷ কুৰুক্ষেত্ৰৰ ৰণৰ সময়ত তেওঁ কিশোৰ অৱস্থাপ্ৰাপ্ত আছিল যদিও যথেষ্ট সাহসী , পৰাক্ৰমী,বলশালী তথা দানী বীৰ আছিল৷ কৰ্ণৰ দৰেই তেওঁ দান দিব পাৰিছিল ৷ মাত্ৰ তিনিডাল বাণেৰেই তেওঁ সসাগৰা পৃথিৱী জয় কৰা ক্ষমতা আছিল ৷ এইজনাৰ মাতৃৃপক্ষ অসুৰ বংশোদ্ভৱ হোৱা হেতুকে পাণ্ডৱৰ সৈতে সম্পৰ্ক কম আছিল ৷ কুৰুক্ষেত্ৰৰ ৰণৰ কথা শুনি বৰ্বৰীকৰো যুদ্ধ কৰাৰ ইচ্ছা হ’ল আৰু মাকৰপৰা অনুমতি বিচাৰিলে৷ মাকে পৰাজিতৰ পক্ষ (সম্ভাৱনা থকা )লৈ যুদ্ধ কৰিবলৈ কৈ পথালে ৷ মাকৰ আদেশ মানি বৰ্বৰীক যুদ্ধক্ষেত্ৰলৈ ৰাওনা হ’ল ৷

পুষ্পবেষ্টিত খাটু শ্যামৰূপী ছিন্নমস্তকৰ বৰ্বৰীকৰ মূৰ্ত্তি

ভগৱান শ্ৰী কৃষ্ণই এই কথা জানিছিল যে বৰ্বৰীক ইমানেই শক্তিশালী যে মাত্ৰ তিনিডাল বাণেৰেই পৃথিৱী জয় কৰিব পাৰে৷ যিহেতু কৌৰৱ পক্ষই পৰাজিত পক্ষ গতিকে মাতৃৰ আদেশ মানি বৰ্বৰীকে কৌৰৱ পক্ষ ল’ব ৷ তেতিয়া হ’লে কৌৰৱেই জয়ী হ’ব ৷ গতিকে শ্ৰী কৃষ্ণই আদবাটতে ব্ৰাক্ষ্মণৰ বেশ ধৰি বৰ্বৰীকক ছলনা কৰিলে ৷ বৰ্বৰীকে ব্ৰাক্ষ্মণৰূপী শ্ৰী কৃষ্ণক দান হিচাপে যি বিচাৰে দিম বুলি অংগীকাৰ কৰিলে ৷ সেই সুবিধাতে কৃষ্ণই বৰ্বৰীকৰ কটা মস্তক বিচাৰিলে৷ বৰ্বৰীকে ছলনা বুজিব পাৰিলে যদিও তেওঁ কটা মস্তক দিবলৈ কুণ্ঠাবোধ নকৰিলে ৷ কিন্তু দিয়াৰ আগত তেওঁৰ প্ৰকৃত ৰূপ চাব বিচাৰিলে আৰু কৃষ্ণ বুলি জানিব পাৰি অনুমতি বিচাৰিলে যে তেওঁ কুৰুক্ষেত্ৰৰ যুদ্ধখন কটা মস্তকেৰেই যাতে শেষলৈকে চাব পাৰে ৷ কৃষ্ণই তেওঁৰ ইচ্ছা অনুসৰি কটা মস্তক এখন পাহাৰৰ ওপৰত স্থাপন কৰিলে যাতে যুদ্ধখন শেষলৈ চাব পাৰে ৷ বৰ্বৰীকৰ এই আত্মত্যাগত সন্তুষ্ট হৈ কৃষ্ণই বৰদান দিলে যে কলিযুগত বৰ্বৰীকক “খাটু শ্যাম “নামেৰে জনাজাত হ’ব আৰু তেওঁক পূজা কৰিব৷

বৰ্বৰীকৰ আন এক খাটু শ্যামৰ মন্দিৰৰ বিগ্ৰহ

বৰ্তমান ৰাজস্থান, উত্তৰপ্ৰদেশ, গুজৰাট আদি ৰাজ্যত খাটু শ্যামৰ ৰূপত বৰ্বৰীকৰ পূূজা কৰা হয়৷ যিহেতুু বৰ্বৰীকৰ কটা মস্তক আছিল সেয়েহে খাটু শ্যামৰ মূৰ্ত্তিৰ সলনি কেৱল ছিন্ন মস্তকৰহে পূজা অৰ্চনা কৰা হয়৷ নানা ধৰণৰ ফুলৰ মালা তথা আভৰণেৰে সজ্জিত কৰি পূূজা কৰে ৷ প্ৰতিদিনে এই মন্দিৰসমূহলৈ অসংখ্য ভক্তৰ আগমণ ঘটে ৷

বিচিত্ৰ দেশ ভাৰতবৰ্ষত হাজাৰ হাজাৰ দেৱ দেৱতাৰ পূজা- অৰ্চনা চলি অহাৰ লগতে এনেদৰে বহু ঠাইত অসুৰৰো পূজা চলি আহিছে ৷ ভাৰতৰ বহু সংখ্যক আদিবাসী, জনজাতীয় জনগোষ্ঠীয়ে নিজকে অসুৰ বংশোদ্ভভৱ বুলি চিনাকী দি পৌৰাণিক নীতিনিয়মৰ মাজেৰে এনেদৰেই ঐতিহ্য, সংস্কৃতি আৰু পৰম্পৰা পালন কৰি আহিছে ৷

Published by jyotsnasonowal

ফিনিক্স পখীৰ দৰে

10 thoughts on “অসুৰ পূজাঃ এক ব্যতিক্ৰমী পৌৰাণিক ধাৰা

  1. ৰাৱণৰ পূজা মইও এইবাৰ উপভোগ কৰিব পালো। মই মন্দিৰৰ ৰ মাজতে আছো কলেও হয়।
    পঢ়ি বহুত ভাল লাগিল।

    Liked by 1 person

  2. ইমান ধুনীয়া পৌৰাণিক আখ্যান সমূহ, পঢ়ি বৰ ভাল পালোঁ।সোনোৱাল সকলো তেনেহলে কেৰেলিয়ান সকলৰে বংশৰ নেকি?যাইকি নহওঁক কাহিনী বোৰ জানিব লগা। ক’ত পোৱা যায় এইবোৰ? ভাল উপস্থাপন।

    Like

    1. ধন্যবাদ ছাৰ ৷ সোনোৱালসকল বুলি কথা নাই ৷ প্ৰায়সকল জনজাতি আৰু আদিবাসী লোক অনাৰ্য গোষ্ঠীৰ , বেছিভাগেই অসুৰ বা কিৰাট বংশোদ্ভৱ৷ নিশ্চয় পাব ছাৰ ৷ কিতাপ বা ইন্টাৰনেটৰপৰা ৷ অসমীয়াতহে নাপাব চাগৈ

      Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: