আমি সকলোৱেই প্ৰব্ৰজনৰ বিষয়ে জানো ৷ খাদ্য, বাসস্থান আদিৰ বাবে হোৱা এই প্ৰব্ৰজনে কেতিয়াবা সমস্যাও সৃষ্টি কৰে৷ মানুহৰ অবৈধ প্ৰব্ৰজনে এখন দেশৰ জনগাঁথনি পৰ্য্যন্ত সলনি কৰিব পাৰে ৷ জীৱ-জন্তু, চৰাই-চিৰিকটিৰ প্ৰব্ৰজনৰ কথাও আমি পায়েই আছো ৷ কিন্তু এইবোৰ বাদ দিও কিছুমান অতি মনোমোহা তথা আচৰিত প্ৰব্ৰজনৰ বিষয়ে জনাব খুজিছো যিবোৰ প্ৰাণী বা জীৱই প্ৰব্ৰজন কৰিব পাৰে বুলি আমি হয়তো ভবাই নাই ৷

পখিলাৰ প্ৰব্ৰজন

পখিলাৰ দৰে ক্ষুদ্ৰ পতংগয়ো যে প্ৰব্ৰজন কৰে এইটো নিশ্চয় আচৰিত কথা ৷ হয়, সকলো পখিলাই প্ৰব্ৰজন নকৰে , কেৱল মনাৰ্ক নামৰ পখিলাবিধেহে প্ৰব্ৰজন কৰে ৷ উত্তৰ আমেৰিকাত পোৱা মনাৰ্ক নামৰ পখিলাৰ প্ৰজাতিবিধে প্ৰতিবছৰে জাৰকালি হোৱাৰ লগে উত্তৰ আমেৰিকাৰ পৰা প্ৰায় তিনিহাজাৰ মাইল অতিক্ৰম কৰি মেক্সিকোলৈ প্ৰব্ৰজন কৰে ৷ আন প্ৰজাতিৰ পখিলাৰ দৰে এইবিধ পখিলাই ঠাণ্ডাত লেটা বা পলু হৈ জীয়াই থাকিব নোৱাৰে বাবেই এই প্ৰব্ৰজন কৰে ৷ বতাহৰ সোঁত আৰু উষ্ণতাৰ পৰিমাণে এই পখিলাবিধক ইমান দীঘলীয়া পথ অতিক্ৰম কৰাত সহায় কৰে ৷ (এদিনত প্ৰায় ৫০-১০০ মাইল দূৰত্ব )৷ প্ৰতিবছৰে অক্টোবৰ মাহত মিলিয়নসংখ্যক পখিলাই মেক্সিকোলৈ প্ৰব্ৰজন ঘটায়৷ আচৰিত কথা এয়ে যে প্ৰব্ৰজন আৰম্ভ কৰা কোনো পখিলায়ে গৈ মেক্সিকো নাপায়গৈ , যাত্ৰা পথতে মৃত্যু ঘটে ৷দুটা বা তিনিটা প্ৰজন্মৰ পিছৰ পখিলাইহে মেক্সিকোত উপস্থিত হয়গৈ৷মেক্সিকোৰ অৰণ্যৰ এই দৃষ্টিনন্দন পখিলাবোৰ চাবলৈ হাজাৰ হাজাৰ পৰ্য্যটকৰ আগমন ঘটে ৷ আমোদজনক কথাটো হ’ল পখিলাৰ গোটসমূহক ক্যেলাইড’স্কপ ( kaleidoscope)বুলি কোৱা হয় ৷

মাছৰ প্ৰব্ৰজন

বাৰিষাৰ আগমনৰ লগে লগে ন-পানী পাই মাছৰ উজান উঠা আমি সকলোৱেই জানো ৷ সেয়াও এক প্ৰব্ৰজনেই ৷ কিন্তু আমি জনা এই মাছবোৰে বৰ বেছি দূৰলৈ নাযায় ৷ চৰাই আৰু জন্তুবোৰে কেইবাশ কিলোমিটাৰ দূৰলৈ প্ৰব্ৰজন কৰে আমি জানো ৷ কিন্তু পৃথিৱীত এনে কিছুমান মাছ আছে যিবোৰে হাজাৰ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি প্ৰব্ৰজন কৰে ৷ মাছবোৰে সাধাৰণতে প্ৰজননৰ বাবেই প্ৰব্ৰজন কৰে ৷ সাগৰীয় টুনা মাছৰ প্ৰজাতিসমূহেই বেছিভাগ প্ৰব্ৰজন কৰা মাছ ৷ কিন্তু ছেলম’ন(salmon) নামৰ মাছবিধৰ কথাই সুকীয়া ৷ এই মাছবিধ জন্ম হয় নদীৰ পানীত আৰু প্ৰায় তিনিবছৰ ধৰি নদীতেই বাস কৰে ৷ ইয়াৰ পিছত সাগৰলৈ গুচি যায় ৷ সাগৰৰ লুণীয়া পানীত থাকি ডাঙৰ হোৱা পিছত পুনৰ প্ৰজননৰ বাবে নদীলৈ উভতি আহে ৷ এই মাছবিধৰ বিশেষত্ব হ’ল যে নিজে যি ঠাইত জন্ম হৈছিল সেই ঠাইলৈকে প্ৰজননৰ বাবে প্ৰব্ৰজন কৰে৷ নিজৰ ঠাই পাবলৈ প্ৰায় ছয়হাজাৰ মাইল অতিক্ৰম কৰে ৷ সাগৰৰ পানীৰ পৰা নদীৰ পানীতো প্ৰায় দুশ মাইল উজাই নিজৰ লক্ষ্যস্থানত উপস্থিত হয়গৈ ৷ যাত্ৰা আৰম্ভ কৰাৰ পৰা গৈ পোৱালৈকে একো নোখোৱাকৈ নিৰৱিছিন্নভাৱে লাখ লাখ ছেলম’ন মাছে প্ৰব্ৰজন কৰি থাকে৷ যাৰ বাবে নদীৰ পানীত ইহঁতৰ ৰং সলনি হৈ ৰঙা হৈ পৰে৷ ৰঙা ৰঙটোৱে ইহঁতে নিজৰ প্ৰজননৰ সংগীক আকৰ্ষিত কৰে ৷ সংগমৰ পিছতেই মতা ছেলম’ন মাছবোৰৰ মৃত্যু ঘটে ৷ মাইকী ছেলম’নবোৰে কণী পৰাৰ পিছত মৰি যায় ৷ কাৰণ দীৰ্ঘদিন ধৰি অনাহাৰে যাত্ৰা কৰাৰ পাছত জীয়াই থকাৰ বাবে শক্তি বাকী নাথাকেগৈ ৷ অৱশ্যে সকলো ছেলম’ন মাছেই নিজৰ লক্ষ্যস্থান নাপায়গৈ ৷ যাত্ৰাপথত ইহঁতক খাবৰ বাবেই ভালুক , ঈগল আৰু মাছমৰীয়াসকল ৰৈ থাকে ৷ যিবোৰে লক্ষ্যস্থানত উপস্থিত হয় সিহঁতে পিছৰ প্ৰজন্মৰ বাবে প্ৰজনন ঘটায় আৰু মৃত্যু হয় ৷

মাছৰ প্ৰব্ৰজনৰ বাবেও প্ৰতিবছৰে “বিশ্ব মাছ প্ৰব্ৰজন দিৱস” হিচাপে পালন কৰা হয় ৷ ইয়াৰ বাবে কোনো নিৰ্দিষ্ট দিন নাই ৷ প্ৰতিবছৰে এটা দিন ধাৰ্য কৰি দিয়া হয় এই দিৱসৰ বাবে৷ ২০১৯ চনত ২১ নৱেম্বৰত এই দিৱস পতা হৈছিল আৰু এইবছৰ অৰ্থাৎ ২০২০ চনত ১৯ মে’ তাৰিখে ধাৰ্য কৰা হৈছে ৷

ফৰিঙৰ প্ৰব্ৰজন

যদিও ফৰিংবোৰ সৰু সন্ধীপদী প্ৰাণী , খাদ্যৰ সন্ধানত ইহঁতেও শ শ কিলোমিটাৰ অতিক্ৰম কৰে ৷ অৱ্শ্যে ফৰিঙৰ প্ৰব্ৰজন মনোমোহা ক’ব খুজিলেও আচলতে ই দূৰ্ভীক্ষৰ আগজাননী বুলিহে ক’ব খোজে ৷ কাৰণ হাজাৰ হাজাৰ ফৰিঙে যেতিয়া আহাৰৰ সন্ধানত প্ৰব্ৰজন কৰে , ই যাত্ৰাপথৰ সকলো শস্য খাই তহিলং কৰি যায় ৷ আমাৰ ইয়াত আমি কাকতি ফৰিঙৰ লগত ৰিজাব পাৰো ৷ এইবোৰে দিনৰ ভাগতহে যাত্ৰা কৰে কাৰণ সূৰ্য্যৰ তাপত শৰীৰৰ উষ্ণতা বঢ়াইহে যাব পাৰে ৷ ইহঁতে প্ৰায় এহেজাৰ ফুট পৰ্য্যন্ত উৰিব পাৰে ৷ উৰি যাওঁতে ইহঁতে আকাশ চানি ধৰে বাবে দেখাত এচপৰা ক’লা ডাৱৰৰ দৰে লাগে ৷

ৰঙা কেকোঁৰাৰ প্ৰব্ৰজন

প্ৰতিবছৰে অক্টোবৰ – নবেম্বৰ মাহত ঘন অৰণ্যৰপৰা খ্ৰীষ্টমাছ দ্বীপৰ উপকূল অভিমুখে মিলিয়ন সংখ্যক ৰঙা কেকোঁৰাৰ প্ৰব্ৰজন ঘটে ৷ দুটা পৰ্যায়ত এই প্ৰব্ৰজন ঘটে , প্ৰথমতে মতা ৰঙা কেকোঁৰাবোৰ যায় আৰু পাছে পাছে মাইকী ৰঙা কেকোঁৰাবোৰ ৷ দ্বীপটোৰ বাসিন্দাসকলে এই প্ৰব্ৰজনৰ সময়ত ৰাস্তা ঘাট সাময়িকভাৱে বন্ধ কৰি পাৰ হৈ যোৱাত সহায় কৰে৷ সমগ্ৰ দ্বীপটোৰ পাৰ দেখাত ৰঙা ফুল ছটিয়াই থোৱা যেন লাগে আৰু পোৱালিবোৰ গোটেই শিলবোৰত থুপখাই ৰঙা দলিচা পাৰি থোৱা যেন লাগে ৷ পোৱালিবোৰ ৫ মিলিমিটাৰ মান হোৱাৰ লগে লগে পুনৰ অৰণ্যলৈ উভতি যায় ৷ কেকোঁৰাবোৰ আহোঁতে ৫ দিন লাগে যদিও পোৱালিবোৰক প্ৰায় ৯-১০ দিন সময় লাগে অৰণ্য পাবলৈ ৷


জিঞাৰ প্ৰব্ৰজন

ফৰিঙতকৈও সৰু আৰু পাতল এই জিঞা ৷ এজাক বতাহতে থাউনি ধৰিব নোৱাৰা এই কণমানি পতংগবিধো অবিশ্বাস্য দূৰত্ব অতিক্ৰমি প্ৰব্ৰজন কৰে ৷ প্ৰব্ৰজন কৰা পতংগৰ ভিতৰত আটাইতকৈ বেছি দূৰত্ব অতিক্ৰম কৰা পতংগৰ মাজৰ ইয়ো এবিধ ৷ ফৰিঙৰ সমান দূৰলৈ নগ’লেও ই প্ৰায় ১৪০০০পৰা ১৮০০০ কিলোমিটাৰ পৰ্য্যন্ত দূৰত্ব অতিক্ৰম কৰে ৷ এই জিঞাবোৰ ভাৰতৰপৰা মালদ্বীপ, চিচিলি , মোজাম্বিক,উগাণ্ডা আদি দেশলৈ প্ৰব্ৰজন কৰে ৷ অৱশ্যে মনাৰ্ক পখিলাৰ দৰে ইহঁতো নিজৰ জীৱন কালত লক্ষ্যস্থান নাপায়গৈ ৷ প্ৰব্ৰজন চক্ৰটো সম্পূৰ্ণ হ’বলৈ প্ৰায় চাৰিটা প্ৰজন্ম লাগে ৷

ভেকুলীৰ প্ৰব্ৰজন
সাধাৰণতে ভেকুলী এটাই ৫০মিটাৰপৰা ৫কিলোমিটাৰ পৰ্য্যন্ত প্ৰজননৰ বাবে প্ৰব্ৰজন কৰিব পাৰে ৷ যদিও এই দূৰত্ব কম যেন লাগিছে , ভেকুলী এটাৰ বাবে ই যথেষ্ট কষ্টকৰ৷ ইহঁতে চৰাই , জীৱ – জন্তু, বা পতংগৰ দৰে যাব নোৱাৰে৷ আনহাতে বেছি বেগেৰেও যাব নোৱাৰে ৷ ইহঁতে ৰাস্তা, দীঘল দীঘল ঘাঁহ, নলা আদি পাৰ হৈ যাব লগা হয়৷ প্ৰজননৰ বাবে প্ৰতিবছৰে একে ঠাইলৈকে প্ৰব্ৰজন কৰে ৷ এই দূৰত্ব অতিক্ৰম কৰিবলৈ ইহঁতক কেইবামাহো প্ৰয়োজন হয় ৷ বহুসংখ্যক ভেকুলীৰ যাত্ৰাপথতে মৃত্যু হয় , কিছুমানক আন চৰাই বা বেলেগ প্ৰাণীয়ে ভক্ষণ কৰে ৷
জীৱৰ জীৱন চক্ৰ পূৰণ কৰিবলৈ, প্ৰকৃতিত নিজৰ অস্তিত্ব জীয়াই ৰাখিবলৈ খাদ্য আৰু বাসস্থানৰ বাবে জীৱসমূহে এনেদৰেই প্ৰব্ৰজন কৰাটো প্ৰয়োজন হৈ পৰে ৷

বহুত দিন নীৰৱতাৰ অন্তত a very unique information।
এই খিনি লিখিবলৈ কিমান অধ্যয়নৰ প্ৰয়োজন হৈছে, বুজিব পৰা গৈছে।
Lock down বুলি মোৰ দৰে বহু ব্যক্তি boring feel কৰি সময় কটাইছে।
তোমাক শলাগ লৈছো।
LikeLiked by 1 person
ধন্যবাদ জনালো
LikeLike
অতি সুন্দৰ তথ্য ককাইদেউ ভাবিলে আচৰিত লাগে।
LikeLiked by 1 person
ধন্যবাদ
LikeLike
কৰণাৰ আতংকৰ মাজতে এনে ধৰণৰ মূল্যৱান লিখনী পঢিবলৈ পায় ভাল লাগিল।
LikeLiked by 1 person
ধন্যবাদ
LikeLike
I like it.keep it up .My good wish always with u.
LikeLiked by 1 person
Thank you sir
LikeLike