দুবছৰমান আগত মুম্বাইত ফুৰিবলৈ যাওঁতে বাছখনৰ গাইড ল’ৰাজনে নিৰৱিছিন্নভাৱে বাছৰ গতিৰ সৈতে বৰ্ণনা কৰি যাওঁতে এঠাইত এখন ডাঙৰ পাৰ্কৰ মুখৰ আগেদি যাওঁতে কৈ গৈছিল যে পাৰ্কখনত পাৰ্চী লোকৰ মৃতদেহবোৰ ওখ খুটাত বান্ধি থয় শগুন , চিলনী আদিয়ে খাবলৈ৷ যদিও পাৰ্ক বুলি কৈছিল এইখন পাৰ্কতকৈ বহুত ডাঙৰ আছিল আৰু চহৰৰপৰা একাষৰীয়াকৈ আছিল ৷ এই কথাখিনি এইবাবেই মনত ৰ’ল যে ল’ৰাজনে উদাহৰণ হিচাপে বিখ্যাত ব্যক্তি কেইগৰাকীমানৰ নাম উল্লেখ কৰিছিল ৷তেওঁলোক হ’ল চিনেমা জগতৰ বিখ্যাত বোমান ইৰাণী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী, অভিনেত্ৰী অৰুণা ইৰাণী ৷ কিমান দূৰ সঁচা নেজানো পিছে ! কিন্তু এই কথাখিনি মনত ৰৈ গৈছিল আৰু প্ৰথাটোৰ বিষয়ে জনাৰ আগ্ৰহ হৈছিল৷ ইয়াত এক চমু আভাসহে দিব বিচৰা হৈছে ৷
টাৱাৰ অৱ ছাইলেন্স বা নিৰৱতাৰ স্তম্ভ
নিৰৱতাৰ স্তম্ভ বা টাৱাৰ অৱ ছাইলেন্সৰ প্ৰকৃত পুৰণি নাম ডাক্মা(Dakhma) ৷ ইয়াৰ অৰ্থ হৈছে এক ঘূৰণীয়া ওখ স্তম্ভ য’ত পাৰ্চী সম্প্ৰদায় লোকৰ মৃতদেহ সূৰ্য্যৰ পোহৰত উন্মুক্ত কৰি শগুণ , চিলনী, কাউৰী আদি মাংসভোজী চৰাইৰ খাদ্য হোৱাকৈ ৰাখে ৷

পাৰ্চীসকলৰ মূল বাসভূমি ইৰাণ ৷ তেওঁলোকে মৃতদেহ কবৰ দিয়ে ৷ কিন্তু পাৰ্চী ধৰ্মগুৰু জ’ৰ’ষ্টাৰে পোন প্ৰথমবাৰৰ বাবে আফগানিস্থানৰ বাল্খ(Balkh) নামৰ ঠাইত নিজৰ মৃতদেহ এটা স্তম্ভৰ ওপৰত বান্ধি মাংসভোজী চৰাইৰ বাবে উৎসৰ্গা কৰিছিল৷ কাৰণ তেওঁলোকৰ ধৰ্মমতে জুই ,মাটি পবিত্ৰ বস্তু আৰু সেয়ে কবৰ দিয়া বা দাহ কৰা অনুচিত ৷ যিসকল পাৰ্চীয়ে জ’ৰ’ষ্টাৰৰ অনুগামী আছিল তেওঁলোকে এই প্ৰথামতে চলিবলৈ ল’লে ৷
ডাক্মা ব্যৱস্থাৰ প্ৰথম উল্লেখ পোৱা যায় খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ হিৰ’ডটাছ নামৰ লিখকজনৰ “হিৰ’ডটাছৰ বুৰঞ্জী” কিতাপখনত ৷ বিভিন্ন ঠাইত ডাক্মাবোৰৰ নাম বিভিন্ন , যেনে – ডাক্মাগ( Dakhmag) যাৰ অৰ্থ মৃতকৰ ঠাই , ডেমে (Deme)বা ডেমা (Dema) ৷ নৱম-দশম শতিকাত এই ডাক্মাবোৰক ডাগডাহ (dagdah) বুলিও জনা গৈছিল৷ এই নামটো ভাৰত , ইৰাণ আৰু পাকিস্তানতো ব্যৱহাৰ কৰিছিল ৷ পিছলৈ ভাৰতৰ ডাক্মাবোৰক “ডংগেৰৱালী “(dongerwali) বুলি জনা গৈছিল কাৰণ এই নামৰ পাহাৰৰ ওপৰত স্তম্ভটো সজা হৈছিল৷
বৰ্তমান প্ৰচলিত ” টাৱাৰ অৱ ছাইলেন্স ” নামটো নামাকৰণ কৰিছিল ১৯ শতিকাতে , বৃটিছ চৰকাৰৰ এজন উচ্চপৰ্যায়ৰ বিষয়া ৰবাৰ্ট মৰ্ফি(Robert Murphy)য়ে ৷

ভাৰতৰ পাৰ্চীসকল
জ’ৰ’ষ্টাৰৰ অনুগামী পাৰ্চীসকলৰ ভাৰতলৈ প্ৰব্ৰজন ঘটিছিল ইৰাণত ইছলাম ধৰ্মৰ বিবাদৰ সময়ত ৷ তেওঁলোকে ভাৰততো এই ডাক্মা প্ৰথাৰে মৃতদেহ সংস্কাৰ কৰিছিল ৷ তেওঁলোকে সাধাৰণতে মানুহৰ বাসস্থানৰপৰা দূৰত আৰু পাহাৰ বা তেনেকুৱা ওখ ঠাইত স্তম্ভ সাজিছিল৷ স্তম্ভৰ ওপৰখিনিত মৃতদেহ শোৱাই ৰাখিব পৰাকৈ সাজিছিল যাতে শগুণ , চিলনীয়ে খাব পাৰে ৷ থাকি যোৱা হাড়বোৰ ৰ’দ বতাহত কম দিনৰ ভিতৰতেই পচি যায় আৰু এইবোৰ পিছত সাগৰৰ পানী বা মাটিৰ লগত মিহলি হয় ৷ ভাৰতৰ গুজৰাট, মহাৰাষ্ট্ৰৰ মুম্বাই, মালাবাৰ হিল, বেংগালুৰু , ৰাজস্থান আদি ঠাইত ডাক্মা বা ” টাৱাৰ অৱ ছাইলেন্স” আছে ৷

২১ শতিকাৰ আৰম্ভণিতে ভাৰতত শগুণক বিলুপ্তপ্ৰায় প্ৰাণীৰ অন্তৰ্ভুক্ত কৰা হয় ৷ যিহেতু শগুণেই মৃতদেহ ভক্ষণকাৰী চৰাইৰ ভিতৰত মুখ্য , সেয়ে শগুণ কমি যোৱাত পাৰ্চীসকলে কবৰ দিয়া নিয়ম আৰম্ভ কৰিলে ৷ ডাক্মা প্ৰথাৰে মৃতদেহ সৎকাৰ কৰা উচিত নে কবৰ দিয়া উচিত এই বিষয় লৈ এতিয়াও বিতৰ্ক চলি আছে ৷ যি কি নহওক এই মৃত্যুৰ পিছত মানুহ যিদৰে নিৰৱ হৈ যায় পৃথিৱীৰ সকলো সম্পৰ্ক ছেদ কৰি সেই ফালৰপৰা ই সঁচাকৈ নিৰৱতাৰ স্তম্ভ ৷

বিঃদ্ৰঃ ফটো – ইন্টাৰনেটৰপৰা সংগ্ৰহ
নজনা কথা এটি জানিব পাই খুবেই ভাল লাগিল।
LikeLiked by 1 person
ধন্যবাদ
LikeLike
এনেকুৱা ধৰণৰ জ্ঞানৰ কথা জানিবলৈ পাই উপকৃত হৈছো।
আৰু যিসকলে পঢ়িব তেওঁলোক ও মোৰ লগত একমত হব বুলি বিশ্বাস।
LikeLiked by 1 person
ধন্যবাদ
LikeLike
জ্যোৎস্না _ নিৰৱতাৰ স্তম্ভৰ বিষয়ে জানি ভাল লাগিল _কিন্তু বোমান ইৰানী, অৰুণা ইৰানী আৰু স্মৃতি ইৰানী এওঁলোক জীয়াই থকা নাই জানো!
LikeLiked by 1 person
হয় বাইদেউ, ল’ৰাজনে কৈছিল এওঁলোক যিমানেই ডাঙৰ মানুহ নহওক কিয় তেওঁলোককো মৃত্যুৰ পিছত এনেদৰেই সৎকাৰ কৰা হ’ব৷
LikeLike