লাই-ফাই ঃ প্ৰযুক্তিবিজ্ঞানৰ নতুন সংযোজন

লাই -ফাই

বৰ্তমান ৱাই-ফাই(Wifi)ৰ নাম নুশুনা বোধহয় কোনো নোলাব , কিন্তু লাই-ফাই (LiFi) নাম খুব কমেইহে শুনিছে চাগৈ, বিশেষকৈ আমাৰ ভাৰতবৰ্ষত ৷ ৱাই-ফাইৰ দৰে লাই-ফাই(LiFi)ও এক উচ্চ গতিৰ যোগাযোগ মাধ্যম, য’ত ৱায়াৰলেছ নেটৱৰ্কিং প্ৰযুক্তিবিদ্যাৰ সহায়ত LED বাল্বৰ পোহৰত তথ্য সৰবৰাহ কৰা হয়৷ যিদৰে ৱাই-ফাই(WiFi) সংযোগৰ বাহক হিচাপে ৰেডিঅ’ / মাইক্ৰ’ৱেভ তৰংগ ব্যৱহাৰ কৰে, ঠিক তেনেদৰে লাই-ফাই(LiFi) সংযোগ ব্যৱস্থাত LED বাল্বৰ পোহৰ তৰংগক সংযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে ৷ এই পোহৰভিত্তিক সংযোগ ব্যৱস্থা পোন প্ৰথমে বিকশিত কৰিছিল এডিনবৰা বিশ্ববিদ্যালয়ৰ ” ম’বাইল সংযোগৰ চেয়াৰ অধ্যাপক” প্ৰফেছৰ হেৰাল্ড হাছে (Professor Harald Hass)৷ তেওঁ পোনপ্ৰথমে ২০১১ চনত টেড গ্লবেল বক্তৃতা(Ted global talk) ত এই লাই -ফাই শব্দটো ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ সুবিধা উল্লেখ কৰিছিল ৷ তেওঁৰ সহযোগী হিচাপে আছিল ড° মুস্তাফা আফগানী (Dr Mustafa Afgani) ৷

লাই-ফাই প্ৰযুক্তিৰে ডেটা সৰবৰাহ

লাই-ফাই (lifi) ৰ সুবিধাসমূহ ঃ

লাই-ফাইত পোহৰ তৰংগক মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয় কিন্তু ৱাই-ফাইত ৰেডিঅ’ তৰংগ সংযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ হয়৷ ৰেডিঅ’ তৰংগৰ তুলনাত পোহৰ তৰংগৰ কম্পনাংক বেছি বাবে তথ্য কঢ়িওৱা ক্ষমতা বা সামৰ্থ্য বেছি , প্ৰায় ১০ জিবি প্ৰতিদিনে৷ ৱাই-ফাইতকৈ লাই-ফাইৰ ক্ষমতা ১০০গুণ বেছি ৷ইয়াক হস্পিতাল, ঘৰ, অফিচ, ৰেল, মটৰ গাড়ী আদি সকলো স্থানত ব্যৱহাৰ কৰিব পৰা যায় ৷ ই কম খৰচী আৰু কম শক্তি ব্যয় কৰে ৷ এটা LED বাল্বৰ লগত সংযোগ কৰি ইয়াক ব্যৱহাৰ কৰিব পাৰি৷ সেয়ে হস্পিতালৰ কৰিডৰ, জিৰণি কোঠা, ৰোগীৰ কোঠা, গাড়ীৰ ভিতৰত, ঘৰৰ ভিতৰত সকলো ঠাইতে ব্যৱহাৰ কৰাত সুবিধা হয় ৷ ৰেডিঅ’ তৰংগ ব্যৱহাৰ কৰি যিহেতু ৱাই-ফাই ব্যৱস্থা চলোৱা হয় , ইয়াৰ ব্যৱহাৰত বিদ্যুত- চুম্বকীয় তৰংগ নিৰ্গত হয় যি স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে ৷লাই-ফাই ব্যৱস্থাত এই সমস্যা নাথাকে ৷

লাই-ফাইৰ ম’বাইল সংযোগ

যিহেতু পোহৰ বেৰ বা দেৱাল পাৰ হৈ যাব নোৱাৰে বাবে ই অধিক গোপনীয়তা আৰু সুৰক্ষা সৰবৰাহ কৰিব পাৰে ৷

সীমাবদ্ধতা

ইয়াত যিহেতু পোহৰক মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয় , পোহৰ অস্বচ্ছ পদাৰ্থৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে বাবে বেৰ বা কোঠাৰ বাহিৰলৈ ইয়াৰ নেটৱৰ্কে ঢুকি নাপায়৷ অৰ্থাৎ ইয়াৰ পৰিসৰ কেৱল কোঠাৰ ভিতৰত বা পোহৰ পৰি থকা অংশতেই সীমাবদ্ধ ৷ ই কেৱল ১০ মিটাৰ দূৰত্বলৈকে সংযোগ কৰিব পাৰে কিন্তু ৱাই -ফাইত ৩০ মিটাৰলৈকে পাৰে ৷

ভাৰতত লাই-ফাই(Lifi)

ভাৰতৰ দৰে দেশত 3G,4G বা ৱাই-ফাই সুবিধাই সকলো ঠাইত সুলভ নহয় ৷ তথাপিও প্ৰযুক্তিৰ আগ্ৰাসনে ইয়াক আমাৰ দেশতো কিছু কিছু মেট্ৰ’ চহৰত উপলব্ধ কৰাইছে ৷ যিসমূহ ঠাইত 5G ৰ বাবে সুবিধাজনক নহয় তাত এই প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে৷ ২০১৭ চনৰ অক্টোবৰ মাহত Li-Fi -XC পদ্ধতিটো ব্যৱহাৰ কৰিবৰ বাবে মুকলি কৰি দিয়া হৈছে ৷ ইয়াক কম্পিউটাৰ, লেপটপ আৰু ম’বাইলত ব্যৱহাৰ কৰাৰ অনুমতি ভাৰত চৰকাৰৰ টেলিকম নিয়ন্ত্ৰণ বিভাগে দিছে ৷

উন্নত দেশবোৰত ব্যৱহাৰ কৰাৰ দৰে অদূৰ ভৱিষ্যতে ভাৰততো যে এই ব্যৱস্থাৰ দ্ৰুত প্ৰসাৰ ঘটিব সেয়া নিশ্চিত ৷

Published by jyotsnasonowal

ফিনিক্স পখীৰ দৰে

4 thoughts on “লাই-ফাই ঃ প্ৰযুক্তিবিজ্ঞানৰ নতুন সংযোজন

  1. এই লিখনিৰ জৰিয়তে নজনা কথা এটি জানিব পাৰিলো, ভাল লাগিল।

    Liked by 1 person

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: