মুগা শিল্প আৰু সোণোৱাল কছাৰীৰ জনবিশ্বাস

প্ৰাগ ঐতিহাসিক যুগৰেপৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত মুগা আৰু এড়ী শিল্পৰ প্ৰচলন হৈ আহিছে ৷হিন্দু ধৰ্মগ্ৰন্থ মহাভাৰত, কৌটিল্যৰ অৰ্থশাস্ত্ৰ, চীনা পৰিব্ৰাজক ফাহিয়ানৰ ভ্ৰমণ কাহিনীটো অসমৰ মুগা শিল্পৰ বিষয়ে উল্লেখ আছে ৷ অসমৰ ভূমিপুত্ৰ বড়ো, কাৰ্বি, মিছিং, কছাৰী, গাৰো আদি লোকসকলে অতীজৰেপৰা মুগা শিল্পৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আহিছে৷ প্ৰবাদ আছে সম্ভৱত ১৮০ খ্ৰীষ্টাব্দত কিৰাত বংশীয় ৰজাৰ সৈন্য-বাহিনীয়ে মুগা সূতাৰে বোৱা সাজপাৰ পৰিধান কৰিছিল ৷ বৰ্তমানৰ অসমেই তাহানিৰ কিৰাতৰ দেশ বুলি জনাজাত আছিল৷ ইয়াৰপৰা জনা যায় যে পলু পোহা প্ৰথা অৰ্থাৎ মুগা বা এড়ী শিল্প অসমত বুৰঞ্জীয়ে ঢুকি পোৱাৰ আগৰপৰাই আছিল ৷

এই মুগা শিল্পৰ লগত অতীজৰেপৰাই সোণোৱাল কছাৰীসকল জড়িত হৈ আহিছে ৷ ই এক অতি প্ৰাচীন কালৰেপৰাই সোণোৱাল কছাৰীসকলৰ জীৱন যাত্ৰাৰ অংগ হিচাপে পৰিগণিত হৈ আহিছে যদিও বৰ্তমান ইয়াৰ প্ৰচলন কমি আহিছে ৷ অতীজৰেপৰা সোণোৱাল কছাৰী তিৰোতাসকলে এড়ী মুগা পলু পুহি তাৰ সূতা কাটি কাপোৰ ব’ব জানিছিল৷ এই মুগা কাপোৰ অতি আদৰৰ আছিল আৰু নিজৰ কন্যাৰ বিয়া দিওঁতে লগত মুগাৰ কাপোৰো দি পঠাইছিল ৷

মুগা পলু পুহিবলৈ প্ৰয়োজন হোৱা বিভিন্ন সা-সঁজুলিসমূহ সোণোৱাল কছাৰী লোকসকলে ঘৰতেই সাজি লৈছিল৷ ই যথেষ্ট কষ্টকৰ আৰু ধৈৰ্য্যশীল কাম আছিল৷ বিভিন্ন সঁজুলিসমূহৰ ভিতৰত খৰিকা, কুৰল(বাঁহেৰে নিৰ্মিত এক ঘূৰণীয়া সঁজুলি), গুইলা, ত্ৰিভুজাকৃৃতিৰ হেঁদালি, পকাধৰা সঁজা , ঝালি ইত্যাদিয়েই প্ৰধান ৷ ইয়াৰোপৰি সূতা কাটিবৰ বাবে কাঠৰ শাল যাক ভাওৰী বোলা হয় , নিজেই তৈয়াৰ কৰি লৈছিল৷ উল্লেখযোগ্য যে প্ৰায়বোৰ সঁজুলিয়েই বাঁহেৰে নিৰ্মিত আৰু সোণোৱাল কছাৰীসকল এইক্ষেত্ৰত যথেষ্ট আগৰণুৱা আছিল৷

যোৰহাট, শিৱসাগৰ, গোলাঘাট, ধেমাজী, লখিমপুৰ জিলাৰ সোণোৱাল কছাৰীসকলে বৰ্তমানেও মুগা উৎপাদনত কম-বেছি পৰিমাণে অৰিহণা যোগাই অহাৰ লগতে হস্তশিল্পৰ এক অপূৰ্ব নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷

এই মুগা শিল্পৰ লগত সোণোৱাল কছাৰীসকলৰ মাজত কিছুমান লোক-সাহিত্য অৰ্থাৎ প্ৰবাদৰূপে প্ৰচলন আছে৷ মন্ত্ৰ সাহিত্যৰ প্ৰবাদ অনুসৰি শিৱ- পাৰ্বতী দুয়ো কৈলাসত বাস কৰিছিল ৷ এদিন কিবা কথাত লাগি দুয়োৰে মাজত কাজিয়া লাগিল আৰু শিৱই পাৰ্বতীক কটু কথা শুনালে ৷ শিৱৰ এই কটু কথা শুনি পাৰ্বতীয়ে কান্দি কান্দি চকুলো টুকি আহি থাকোতে চকুৰ পানীৰ পৰাই মুগাৰ জন্ম হ’ল ৷ এই মুগা কাক দিম কাক নিদিম ভাবি থাকোতেই সেই বাটেদি এজন বুঢ়া কছাৰী মানুহ আহি থকা দেখা পাই তেওঁৰ হাততে মুগাখিনি দি দিলে ৷ বুঢ়াই মুগাখিনি নি বাৰীৰ গছত মেলি দিলে ৷ মেৰু পৰ্বতপৰা বেত আৰু বাৰীৰ জাতিবাঁহ আনি ধনু সাজিলে ৷ সাতখন পাতালৰ মাটি আনি বাটলু গুটি সাজি সেই ধনু আৰু বাটলুগুটি লৈ চৰাই-চিৰিকটি ৰখে ৷ এনেদৰে অনেক দিন মুগা ৰখি বুঢ়াৰ আমনি লাগিলত এদিন শিৱ পাৰ্বতীৰ আগত গৈ সুধিলত তেওঁলোকে বুঢ়াক বৰ দি ক’লে যে, মুগাবোৰ সৰু সৰু হ’ব আৰু অলপ অলপ পাত খাব ৷ যিয়ে মুগাৰ এই উৎপত্তিৰ কাহিনী ক’ব তাৰ হাতেৰেই মুুগা বৃদ্ধি হ’ব৷ এই কাহিনী মন্ত্ৰ আকাৰে মন্ত্ৰপুথিত প্ৰচলিত ৷

তদুপৰি সোণোৱাল কছাৰীৰ জনবিশ্বাস মতে এড়ী বা মুগা পলু হ’ল দেওলগা জীৱ ৷গতিকে এই পলু পুহিলে বহুতো নিয়ম পালন কৰিব লাগে আৰু সাৱধানতা অৱলম্বন কৰিব লাগে৷ সোণোৱাল কছাৰীসকলে ভাৱে যে কিছুমান মানুহৰ কু -দৃষ্টি (মুখলগা) পৰিলে মুগা নষ্ট হয় ৷ সেয়ে সকলোকে মুগা চাবলৈ দিয়া নহয় ৷ এনেদৰে কু – দৃষ্টি পৰিলে বুলি ভাবিলে মন্ত্ৰপুত পানী আনি ছটিয়াই দিলে ভাল হৈ যায় বুলি বিশ্বাস কৰে ৷ দেওলগা বুলি জ্ঞান কৰে বাবে কাৰোবাৰ ঘৰত সন্তান জন্ম হ’লে বা মৃৃ্ত্যুু ঘটিলে এই পলু পুহিব নাপায় বুলি জনবিশ্বাস আছে ৷ বিশেষকৈ মৃত্যুৰ ক্ষেত্ৰত এবছৰলৈ মৃতকৰ ঘৰত এই পলু পুহিব নেপায় ৷ যদিহে পলু পুহি থকাৰ সময়ত ঘৰৰ কাৰোবাৰ মৃত্যু হয় তেন্তে সেই পলুবোৰ ক’ৰবাত পেলাই দিয়ে নাইবা আন বংশৰ মানুহক দি দিয়ে ৷

মুগাৰ চোমনিত প্ৰথম খৰিকা অঁৰা দিনা চোমনিত ভোগ দি পূজা আগবঢ়ায় ৷ কিছুমানে মুগা পোহোতে আহুকাল হোৱা যেন দেখিলে চোমনিত সবাহো পাতে ৷ এনেদৰে সবাহ পাতিলে পলু পোহোতে হোৱা বিপদ বিঘিণিৰ পৰা পৰিত্ৰাণ পায় বুলি বিশ্বাস কৰে ৷

এই জনবিশ্বাস আৰু পৰম্পৰাই অসমীয়া লোক-সাহিত্যৰ আন এক বৈশিষ্ট্য বহন কৰি আহিছে আৰু অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰি আহিছে ৷

Published by jyotsnasonowal

ফিনিক্স পখীৰ দৰে

3 thoughts on “মুগা শিল্প আৰু সোণোৱাল কছাৰীৰ জনবিশ্বাস

  1. বহুত সুন্দৰ লিখনি…এই লিখনিৰ দ্বাৰা নবপ্ৰজন্মই বহুত নজনা কথা জানিব পাৰিব।

    Liked by 1 person

  2. তোমাৰ লিখবোৰ পঢ়িলে সচাই লাজেই লাগে তোমাৰ ওচৰত। এক বিশাল অধ্যয়ন যে আছে তোমাৰ লিখনিত প্রকাশ পায়। hats off

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: