অসমীয়া সমাজত তামোল-পাণৰ স্থান অতি গুৰুত্বপূৰ্ণ ৷তামোল-পাণ অসমীয়া সমাজ তথা ধৰ্মমূলক বিভিন্ন কাম-কাজত অপৰিহাৰ্য অংগ৷ যুগৰ পৰিৱৰ্তন হ’ল, মানুহ আধুনিক হ’ল কিন্তু তামোল-পাণৰ ব্যৱহাৰ কম বা সলনি নহ’ল ৷ আগৰ দৰে সেলেঙি বোৱাই তামোল-পাণ খোৱাৰ দৃশ্য প্ৰায় বিলুপ্ত হৈ গ’লেও তামোল খোৱা মানুহৰ সংখ্যা পিছে কম হোৱা নাই ৷ তামোলৰ বৈজ্ঞানিক নাম হৈছে Areca catesu ৷এই Areca শব্দটো কানাড়া ভাষাৰ “অড়িকে” শব্দৰপৰা আহিছে ৷ তামোল শব্দটোও মালায়লম ভাষাৰ “ৱেটিল্লা”শব্দৰপৰা অহা ৷ সেয়েহে গৱেষকসকলে তামোল খোৱাৰ প্ৰথাটো দাক্ষিণাত্যৰপৰা অহা বুলি ধাৰণা কৰিছে ৷
অতীজৰেপৰা তামোলৰ ব্যৱহাৰ আমাৰ অসমীয়া সমাজত প্ৰচলিত হৈ আহিছে ৷ বিভিন্ন প্ৰাচীন সাহিত্যত তামোল খোৱাৰ উল্লেখ আছে ৷ পালি সাহিত্যতো তামোলৰ ব্যৱহাৰৰ উল্লেখ পোৱা যায় ৷ কাম শাস্ত্ৰটো দাঁত ঘঁহি মুখ ধোৱাৰ পাছত তামোল-পাণ খাই মুখৰ নিশ্বাস সুগন্ধি কৰাৰ নিৰ্দেশ আছে ৷
আমাৰ অসমীয়া সমাজত ঘৰলৈ আলহী অতিথি আহিলে প্ৰথমেই তামোল-পাণেৰে অভ্যৰ্থনা জনোৱাৰ নিয়ম ৷ তদুপৰি অন্যান্য ধৰ্মীয় সকাম-নিকাম, পূজা-পাৰ্বন আদিতো তামোল-পাণ নহ’লে নচলে ৷ অসমীয়া সমাজত ল’ৰা , তিৰোতা, ডেকা, বুঢ়া বুলি তামোল খোৱাত কোনো বাধা নাই ৷ সকলোৱে তামোল খাব পাৰে ৷আহোম ৰজাৰ দিনতো ৰজাক তামোল-পাণ যোগাবলৈ তামূলী বিষয়া ৰাখিছিল ৷ বৈষ্ণৱ সত্ৰসমূহতো গুৱাকটা বাব আছে ৷ ইয়াৰপৰা বুজিব পাৰি অসমীয়া সমাজত তামোল-পাণৰ গুৰুত্ব কিমান ৷তামোল-পাণেৰেে ভৰা বাৰীৰে সৈতে এখন ঘৰ প্ৰতিজন অসমীয়াৰ চিনাকী প্ৰতিচ্ছবি ৷ ই গাঁঁৱলীয়া সমাজৰ দাপোন স্বৰূপ ৷ প্ৰায় প্ৰত্যেক ঘৰতেই পাণ তামোলৰ সৰুকৈ হ’লেও এখন বাৰী থাকেই ৷ অসমীয়া সমাজত এষাৰ কথা প্ৰচলিত আছে যে,” আগফালৰ শুৱনি কাকিনি তামোল, পাছফালৰ শুৱনি পাণ ” ৷
অসমীয়া জনজীৱনৰ ওপৰত অনেক প্ৰবাদ ৰাখি যোৱা ডাকেও তামোলৰ খেতি কেনেকৈ কৰিব লাগে কৈ গৈছে-
“সাতত সেৰেঙা, পাঁচত ঘন,
ছয়ত তামোল হয় নদন বদন ৷”
লোক-সাহিত্যৰ এক অমূল্য সম্পদস্বৰূপ অসমীয়া প্ৰবচন বা যোজনা – পটন্তৰসমূহটো তামোল-পাণৰ উল্লেখ মন কৰিবলগীয়া ৷ যেনে-
“শুন ,কানকটা শুন
এখন তামোলক কোৰা বান্ধি আনিলো ,
সাঙী বান্ধি আনিলো চূণ৷”
তামোল -পাণৰ ব্যৱহাৰৰ বিষয়ে আমাৰ বাপটি সাহোন বিহুনামবোৰতো পোৱা যায় ৷ বিহুতলীত অচিনাকি বিহুৱা – নাচনীয়ে তামোলখন খোৱাৰ চলেৰেই চা-চিনাকী হয়৷
“কিনো তামোলখনি দিলা মোৰ মইনা
অতি চেনেহেৰে খালোঁ,
সেইনো তামোলখনি খাবৰে পৰা
তোমাৰ সতে চিনাকী হ’লো ৷”
বিহুৱতী নাচনীয়ে চেনেহৰ বিহুৱালৈ কঁকালৰ হাঁচতিত থুৰিয়া তামোলখনি বান্ধি নিয়ে আৰু নাচৰ চলেৰেই চেনাইৰ হাতত গুজি দিয়ে৷
” থুৰিয়াই থুৰিয়াই তামোল কাটি দিছিলা,
তাৰ মাজত দিছিলা লং”৷
বা,
“ৰঙাকৈ গামোচা ৰঙাশেলে দিয়া
তুমি তামোল কাটি থোৱা ,
লাহৰী হাতেৰে থুৰিয়াই থুৰিয়াই
আমাকো এখন দিয়া৷ “
গোৱাৰ চলতে সোধে ,
” তামোলটি কাটিলো দুখন কৰিলো
ৰংপুৰ বজাৰৰ পাণ ,
পথাৰে পথাৰে বিচাৰি ফুৰিলো
ক’তে দাই আছিলা ধান ৷”
সুন্দৰ লিখিছা
LikeLiked by 1 person
ধন্যবাদ কবিতা
LikeLike
ভাল লাগিল পঢ়ি
LikeLiked by 1 person
ধন্যবাদ
LikeLiked by 1 person