বিজ্ঞান সম্বন্ধীয়

তাৰকাৰাজ্যৰ কথা

স্বৰ্গৰ অধিপতি দেৱৰাজ ইন্দ্ৰ ৷ ইন্দ্ৰৰ বাহন বিখ্যাত হস্তী ঐৰাৱত৷ এই ঐৰাৱতৰ পিঠিত উঠিয়েই ইন্দ্ৰই সসাগৰা পৃথিৱী ভ্ৰমি ফুৰে ৷ যিফালেই যায় গোটেই পথ পোহৰাই যায় ৷ অহা যোৱা কৰি কৰি যি বাটৰ সৃষ্টি হ’ল , সেয়াই হাতীপটি ৷ আইতা -ককাৰ মুখৰ এই হাতীপটিৰ কাহিনীয়ে শিশুসকলক বিস্মিত কৰি তোলাৰ লগতে আকাশৰ ৰহস্যৰ প্ৰতি কৌতূহলী কৰি তোলে ৷ এনেকুৱা বহু সাধুকথাৰ কাহিনীয়ে আমাৰ শিশুসকলৰ লগতে ডাঙৰসকলকো বিশাল আকাশৰ প্ৰতি আগ্ৰহী কৰে ৷

কিন্তু এই মনোৰম কাহিনীৰ অন্তৰালত থকা হাতীপটিনো প্ৰকৃততে কি ? ই কিহেৰে গঠিত ? প্ৰকৃততে হাতীপটি হৈছে বিশ্বব্ৰহ্মাণ্ডৰ অসংখ্য তাৰকাৰাজ্যসমূহৰ ভিতৰত এখন তাৰকাৰাজ্য , য’ত আমাৰ সূৰ্য্যটোও এটা তৰা ৷এই তাৰকাৰাজ্যত আন আন তৰাৰ লগত সূৰ্য্যটোৱেও ইয়াৰ গ্ৰহ- উপগ্ৰহসমূহৰ সৈতে বাস কৰে ৷ তাৰকাৰাজ্যসমূহ হৈছে বিলিয়নসংখ্যক তৰা , গেছ আৰু ধূলিৰে ভৰা ডাৱৰৰ দ্বাৰা গঠিত ৷ এই তাৰকাৰাজ্যসমূহৰ কেন্দ্ৰত এটা বৃহৎ কৃষ্ণ গহ্বৰ (Black Hole) থাকে , যাৰ চাৰিওফালে তৰা আৰু হাইড্ৰ’জেন গেছৰ ডাৱৰসমূহ ঘূৰি থাকে ৷ একো একোখন তাৰকাৰাজ্যত অসংখ্য তৰা আৰু ইয়াৰ গ্ৰহ – উপগ্ৰহৰ লগতে আন আন নভোমণ্ডলীয় বস্তুসমূহ থূপখাই থাকে ৷ মহাকাশৰ হাইড্ৰ’জেন গেছবোৰে নতুন নতুন তৰাৰ সৃষ্টি কৰি থাকে যেতিয়ালৈকে তাৰকাৰাজ্যখনৰ গেছবোৰ শেষ হৈ নাযায় ৷ বৰ্তমানৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে এই কথা নিশ্চিত কৰিছে যে বিশ্বব্ৰহ্মাণ্ডত অসংখ্য তাৰকাৰাজ্যসমূহৰ সকলোৰে একে সময়তে সৃষ্টি হোৱা নাছিল ৷ কিছু তাৰকাৰাজ্য বয়সীয়া যিসমূহৰ তৰা গঠন কৰিবপৰা গেছবোৰ প্ৰায় নোহোৱা হৈ গৈছে ৷

আমাৰ হাতীপটি তাৰকাৰাজ্যখনৰ প্ৰায় এশ বিলিয়ন তৰা আৰু গেছেৰে ভৰপূৰ ৷ এতিয়াও এই গেছসমূহৰ দ্বাৰা হাজাৰ হাজাৰ তৰাৰ সৃষ্টি হৈয়েই আছে ৷ কাৰণ হাতীপটিৰ বয়স তুলনামূলকভাৱে আন তাৰকাৰাজ্যতকৈ কম ৷ আগতে ভবা হৈছিল যে হাতীপটিৰ কেন্দ্ৰভাগত বহুসংখ্যক পুৰণি তৰা আছে ৷ কিন্তু গৱেষকসকলে VISTA দূৰবীণৰ সহায়ত ২০১০ চনৰপৰা ২০১৪ চনলৈ সংগ্ৰহ কৰা তথ্য অনুসৰি প্ৰমাণ কৰিছে যে কেন্দ্ৰভাগত ডেকা বা কম বয়সীয়া তৰাসমূহৰহে অৱস্থান ৷ এই তৰাসমূহৰ বয়স ১০০ নিযুত বছৰতকৈ কম ৷

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা (NASA)ৰ “হাবল” (Hubble) মহাকাশযানৰ সহায়ত জ্যোৰ্তিবিজ্ঞানী আৰু মহাকাশ গৱেষকসকলে বিভিন্ন আকৃতিৰ তাৰকাৰাজ্যৰ আৱিষ্কাৰ কৰিছে ৷আৱিষ্কাৰ হোৱা তাৰকাৰাজ্যসমূহৰ ভিতৰত দুই তৃতীয়াংশই সৰ্পিলাকৃৃতিৰ (Spiral Galaxy), তাৰ ভিতৰত আমাৰ হাতীপটিও অন্যতম ৷ কেন্দ্ৰৰ মহাকাৰ্ষনিক বলৰ প্ৰভাৱত তৰাসমূহ , অন্যান্য পদাৰ্থসমূহ নিজ নিজ কক্ষপথত বিচৰণ কৰি থাকে ৷ অন্য কিছুমান তাৰকাৰাজ্য উপবৃত্তাকাৰ( Elliptical) আৰু আন কিছুমান অনিয়মিত(Irregular) আকৃতিৰ ৷ যেনে – ঘূৰণীয়া(Ring), বা দীঘলীয়া(Tooth pick) , আকৃতিৰ তাৰকাৰাজ্য ৷ নাছাৰ “হাবল” মহাকাশযানে এই তাৰকাৰাজ্যসমূহৰ গঠনৰ পাৰ্থক্য ধৰা পেলাইছে ৷

১৯৩৬ চনত জ্যোৰ্তিবিজ্ঞানী Edwine Hubble এ উপবৃত্তীয় তাৰকাৰাজ্য প্ৰথমে আৱিষ্কাৰ কৰিছিল৷ এই তাৰকাৰাজ্য উপবৃত্তাকাৰ আৰু দেখাত সৰ্পিলাকৃৃতিৰ তাৰকাৰাজ্যৰপৰা পৃথক ৷ ইয়াৰ তৰাসমূহৰ কক্ষপথসমূহ তুলনামূলক ভাৱে বেছি দীঘলীয়া ৷ এই তাৰকাৰাজ্য প্ৰায় গোলাকাৰৰ পৰা ক্ৰমান্বয়ে চেপেটা আকাৰৰ আৰু প্ৰায় ১০ মিলিয়নৰপৰা ১০০ মিলিয়ন তৰা থাকে ৷ এই তাৰকাৰাজ্যৰ তৰাসমূহ তুলনামূলক ভাৱে বেছি বয়সীয়া , কম ভৰৰ আৰু খুব কমেইহে নতুন তৰাৰ সৃষ্টি হয় ৷

অনিয়মিত তাৰকাৰাজ্য হৈছে যিবোৰৰ কোনো নিয়মিত আকৃতি নাথাকে ৷ যিদৰে সৰ্পিলাকৃতি আৰু উপবৃত্তীয় তাৰকাৰাজ্যসমূহৰ আছে। “হাবল” মহাকাশযানৰপৰা ধৰা পেলোৱা তথ্যসমূহৰ আধাৰত এই তাৰকাৰাজ্যসমূহক কোনো নিয়মিত তাৰকাৰাজ্যৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰি আৰু প্ৰায় অসংগঠিত ৰূপত দেখা যায় ৷ কিছুমান অনিয়মিত তাৰকাৰাজ্য এসময়ত সৰ্পিলাকৃৃতি বা উপবৃত্তীয় তাৰকাৰাজ্যই আছিল কিন্তু অতি মহাকৰ্ষণিক বলৰ প্ৰভাৱত সংঘৰ্ষ হৈ গঠন সলনি হ’ল ৷ এনেকুৱা কিছুমান তাৰকাৰাজ্য আছে যিবোৰৰ একেবাৰে কম বা কোনো দৃশ্যমান তৰা দেখা নাযায় ৷ এনে তাৰকাৰাজ্যসমূহক কৃষ্ণকায় তাৰকাৰাজ্য (Dark Galaxy) বুলি কোৱা হয় ৷ যি দুই এক তৰা কাৎচিত দেখা যায় সেইবোৰ কেৱল গেছৰে পৰিপূৰ্ণ ৷ যদিও বিজ্ঞানীসকলে এই কৃষ্ণকায় তাৰকাৰাজ্যৰ সম্ভাৱনা গণ্য কৰিছে কিন্তু এতিয়ালৈকে নিশ্চিত উদাহৰণ দিব পৰা নাই ৷ প্ৰকৃততে তাৰকাসদৃশ ধুম্ৰ গেছেৰে পৰিপূৰ্ণ এই গঠনবোৰক নিশ্চিতভাৱে তাৰকাৰাজ্য বুলিব নোৱাৰি ৷ বৰ্তমানেও এই বিষয়ে গৱেষণা চলি আছে ৷ ২০১৬ চনৰ ২৫ আগষ্টত আৱিষ্কাৰ হোৱা Dragon Fly 44 তাৰকাৰাজ্যখনক যিখনৰ ভৰ আমাৰ হাতীপটিৰ সমানেই , কিন্তু কোনো তৰা বা তৰাসদৃশ গঠন নাই , বিজ্ঞানীসকলে ইয়াক কৃষ্ণকায় তাৰকাৰাজ্যৰ উদাহৰণ বুলি ক’ব খোজে ৷

আনহাতে দেৱযানী নামৰ তাৰকাৰাজ্যখনক এণ্ড্ৰমেডা তাৰকাৰাজ্য বা NGC224 আদি নামেৰেও জনা যায় ৷ ই এটা সৰ্পিলাকৃতিৰ তাৰকাৰাজ্য, পৃথিৱীৰ পৰা প্ৰায় ৭৮০ কি.মি. আলোকবৰ্ষ দূৰত্বত আৰু আমাৰ হাতীপটিৰ আটাইতকৈ ওচৰৰ তাৰকাৰাজ্য ৷ ২০০৬ চনত Spitzer Space Telescope ৰ সহায়ত আৱিষ্কাৰ কৰিলে যে প্ৰায় এক বিলিয়ন তৰাৰে এই দেৱযানী তাৰকাৰাজ্য গঠিত ৷ হাতীপটিতকৈ দুগুণ বেছি তৰাৰে পৰিপূৰ্ণ এই তাৰকাৰাজ্যৰ ভৰ সূৰ্য্যৰ ভৰৰ প্ৰায় 1.2×10^12গুণ ৷

এই বিশাল বিশ্বব্ৰহ্মাণ্ডত বাওনা তাৰকাৰাজ্য(Dwarf Galaxy) বুলিও তাৰকাৰাজ্য আছে ৷ প্ৰায়১০০ মিলিয়ন তৰাৰপৰা ১০ বিলিয়ন তৰাৰে গঠিত ই এখন সৰু তাৰকাৰাজ্য আৰু তুলনামূলক ভাৱে হাতীপটিতকৈ আকৃতিত সৰু ৷ এই তাৰকাৰাজ্যসমূহ অত্যন্ত ডাঙৰ তাৰকাৰাজ্যপৰা আন্তঃনাক্ষত্ৰিক সংঘৰ্ষৰ প্ৰভাৱত উফৰি আহি সৃষ্টি হোৱা বুলি ধাৰণা কৰা হৈছে ৷

২০০৬ চনত আন্তঃজাৰ্তিক জ্যোৰ্তিবিজ্ঞান সংস্থাৰ জ্যোৰ্তিবিজ্ঞানীৰ এটা দলে হাতীপটিৰ কাষতেবিশ্বব্ৰহ্মাণ্ডত থকা তাৰকাৰাজ্যসমূহৰ বৃহত্তম পুঞ্জবোৰৰ এটা আৱিষ্কাৰ কৰিছে ৷ ইয়াক মহাকাশৰ আন তৰা আৰু ধূলিৰে আৱৰি থকাৰ বাবে আগেয়ে দেখা নগৈছিল ৷ এই তাৰকাৰাজ্যৰ নাম ৰখা হৈছে “ভেলা ছুপাৰক্লাষ্টাৰ” ৷

বিশ্বব্ৰহ্মাণ্ডখন ইমানেই বিশাল যে ইয়াৰ কোনো সীমা নাই ৷ তাৰকাৰাজ্যসমূহৰ লগতে ধূমকেতু, উল্কা, ছুপাৰনভা , কৃষ্ণগহ্বৰ ইত্যাদি অসংখ্য বিস্ময়কৰ পদাৰ্থৰে ভৰপূৰ ব্ৰহ্মাণ্ডখন অলেখ ৰহস্যৰে ভৰা ৷ ৰাতিৰ আকাশৰ যিমানেই মনোৰম সৌন্দৰ্য , অগণন তৰাৰে সৈতে সিমানেই বিস্ময়কৰ ৷ প্ৰত্যেকদিনেই বিজ্ঞানীসকলে সত্য উদঘাটন কৰাৰ চেষ্টা কৰি আহিছে আৰু নিতৌ ন ন তথ্য আৱিষ্কাৰ হৈয়ে আছে ৷ আশা কৰা হৈছে খুব সোনকালেই আমাৰ পৃথিৱীৰ দৰে এক গ্ৰহ আৱিষ্কাৰ হ’ব য’ত জীৱৰ উপস্থিতি থাকিব ৷

Published by jyotsnasonowal

ফিনিক্স পখীৰ দৰে

4 thoughts on “বিজ্ঞান সম্বন্ধীয়

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: