সোণোৱাল কছাৰী কৃষ্টি-সংস্কৃতি ৰক্ষাত যুৱ প্ৰজন্মৰ ভূমিকা

অতীজৰেপৰা সোণোৱালসকল কৃষ্টি-সংস্কৃতি, লোক-কলা , লোকশিল্প, ঐতিহ্য, ভাষা-সাহিত্যৰপৰা ঐশ্বৰ্যশালী জনগোষ্ঠী হিচাপে নিজৰ পৰিচয় দি আহিছে৷ কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগেই যেন এই ঐতিহ্য, সংস্কৃতি, কৃষ্টি, পৰম্পৰা ম্লান পৰি আহিছে৷ আগৰ দিনৰ জ্যেষ্ঠসকলে যিদৰে পৰম্পৰা, সংস্কৃতি মানি চলিছিল , নতুনচামৰ মাজত সেয়া পৰিলক্ষিত হোৱা নাই ৷ আগৰ জ্যেষ্ঠসকলে যেনেদৰে নিজৰ বংশ, খেল, পৰিয়াল আদিৰ পৰিচয় দি আহিছে , কিন্তু বৰ্তমান প্ৰজন্মৰ বেছিভাগেই সেই পৰম্পৰা বা নিজৰ বংশ , খেল আদিৰ বিষয়ে অজ্ঞ যেন লাগে৷ বিশেষকৈ বিভিন্ন ঠাইত সিঁচৰিত হৈ থকাসকলৰ মাজত বেছিকৈ দেখা যায়৷

বিভিন্ন ঘটনাৰ পাকচক্ৰত পৰি বা জীৱিকাৰ তাড়নাত পৰি জনগোষ্ঠীৰ মানুহবোৰ সময়ে সময়ে বেলেগ বেলেগ ঠাইলৈ প্ৰব্ৰজন হোৱাৰ বাবে অতীজৰেপৰা পালন কৰি অহা পৰম্পৰা , সংস্কৃতি সলনি হৈ পৰিছে৷কিছুমান পৰম্পৰা বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱত প্ৰায় নোহোৱা হোৱাৰ উপক্ৰম হৈছে৷ অতীজৰ হাইদাং গীত, হুঁচৰি গীত, বহুৱা নাচ,বাইথ’ পূজা,সৰগদেউ পূজা , আইনাম, লখিমী সবাহ আদি যিদৰে প্ৰসাৰ হ’ব লাগিছিল সেইদৰে হোৱা নাই৷ বৈষ্ণৱ ধৰ্মৰ ৰীতি-নীতি মানি চলা অঞ্চলসমূহত এই পৰম্পৰা সমূহ মানি নচলাৰ বাবে নতুন প্ৰজন্মই এইবোৰৰপৰা বঞ্চিত হৈ ৰৈছে৷ বৰ্তমান পৰিস্থিতিত নিজৰ জাতিগত সত্বাৰ পৰিচয় বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে৷ ইমানবোৰ সাংস্কৃতিক উপাদানেৰে পৰিবেষ্টিত হৈও আজি সোণোৱাল জনজাতি অৱহেলিত হৈ পিছপৰি ৰৈছে ৷ আজিৰ যুৱচামে এইক্ষেত্ৰত স্ব-ইচ্ছাৰে আগভাগ লৈ নিজৰ সংস্কৃতি , পৰম্পৰা বিশ্ববাসীৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰিব লাগে৷ যিসকল বিজ্ঞ জ্যেষ্ঠ লোক আছে তেওঁলোকে নতুনচামক শিকাই আগুৱাই যোৱাত আগভাগ লোৱা উচিত ৷ অসমীয়া জাতিসত্ত্বাৰ মাজত নিজৰ স্বকীয়তা বজাই ৰাখিবলৈ হ’লে বৰ্তমান প্ৰজন্মই নিজৰ সাহিত্য- সংস্কৃতি , পৰম্পৰা খামুচি ধৰি জাতিটোক আগুৱাই নিব লাগিব ৷ সুখৰ বিষয় যে এচাম যুৱ প্ৰজন্মই বৰ্তমান নিজৰ সমাজ – সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে আগুৱাই আহি বিশ্ব দৰবাৰত চিনাকি দিবলৈৈ যৎপৰোনাস্তি চেষ্টা কৰিছে৷ তাৰ বাবে আমি সকলো এক হৈ আগবাঢ়িব লাগিব ৷ তেতিয়াহে ভৱিষ্যতৰ বুকুত আমিবোৰ জিলিকি থাকিম ৷

Published by jyotsnasonowal

ফিনিক্স পখীৰ দৰে

One thought on “সোণোৱাল কছাৰী কৃষ্টি-সংস্কৃতি ৰক্ষাত যুৱ প্ৰজন্মৰ ভূমিকা

  1. একমত। নিজৰ সংস্কৃতি জীৱিত কৰি ৰখাৰ দায়িত্ব প্রতিজন নৱপ্ৰজন্মৰে দায়িত্ব।

    Liked by 1 person

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: