খাৰি বাউলি

ভাৰতৰ তথা এছিয়াৰ ভিতৰত সৰ্ববৃহৎ সুগন্ধি মছলা আৰু ভেষজ উদ্ভিদৰ বজাৰখনেই হৈছে খাৰিবাউলি ৷এই বজাৰখনত সকলো প্ৰকাৰৰ সুগন্ধি উদ্ভিদ, মছলা, বাদাম, ভেষজ উদ্ভিদ আৰু বিভিন্ন শস্য আদিৰ আমদানি আৰু ৰপ্তানি হয় ৷ দেশৰ বিভিন্ন অঞ্চলৰপৰা এই সামগ্ৰীসমূহ আনিি ইয়াৰ বজাৰৰ যোগেদি বিভিন্ন প্ৰান্তলৈ তথা বিদেশলৈ ৰপ্তানি কৰা হয় ৷

দিল্লীৰ বিখ্যাত লালকিল্লাৰ ওচৰত খাৰিবাউলি পথত এই বজাৰখন অৱস্থিত ৷ ইয়াৰ পশ্চিমে চান্দনী চ’কত থকা ফটেহপুৰ মছজিদৰ ওচৰত লগ লাগিছে ৷১৭ শতিকাৰপৰাই দেশ-বিদেশৰ ব্যৱসায়ীৰ লগত সংযোগ স্হাপন কৰি আহিছে ৷ ১৬৫০খ্ৰীষ্টাব্দত মোগল সম্ৰাট ছাহজাহানৰ পত্নী ফটেহপুৰী বেগমে এই বজাৰৰ কাষত ফটেহপুৰ মছজিদ নিৰ্মাণ কৰাইছিল ৷ ‘খাৰি ৰ অৰ্থ হৈছে লুণীয়া আৰু বাউলিৰ অৰ্থ হৈছে পুখুৰী(step well) অৰ্থাৎ লুণীয়া পুখুৰী ৷ এই পুখুৰীৰ পানী জন্তুবোৰক পানী খুওৱা আৰু গা ধোৱাৰ বাবে ব্যৱহাৰ কৰিছিল ৷ এই পুখুৰীবোৰ খাজ কাটি কাটি নিৰ্মাণ কৰা হৈছিল ৷

পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত দেশৰ বিভিন্ন প্ৰান্তৰপৰা ব্যৱসায়সূত্ৰে খাৰি বাউলিলৈ আগমন ঘটে আৰু ইয়াক এক গুৰুত্বপূৰ্ণ ব্যৱসায়িক কেন্দ্ৰলৈ পৰিণত কৰে ৷ বৰ্তমান খাৰিবাউলি এছিয়াৰ ভিতৰত আটাইতকৈ বৃহৎ মছলা আৰু ভেষজ উদ্ভিদৰ বজাৰ হিচাপে পৰিচিত ৷ দেশৰ বিভিন্ন অঞ্চলৰপৰা যেনে- জন্মুু -কাশ্মীৰ , ৰাজস্হান , মধ্যপ্ৰদেশ, উত্তৰাখণ্ড , হাৰিয়ানা, কেৰেলা আদি ৰাজ্যসমূহৰ পৰা এই বজাৰলৈ বিভিন্ন ধৰণৰ মছলা, ঔষধি উদ্ভিদ, তৈলবীজ আদি কেঁচামাল হিচাপে আমদানি কৰে ৷ উল্লেখযোগ্য যে এই বৃহৎ পাইকাৰী ব্যৱসায়ী আৰু উৎপাদক খেতিয়কসকলৰ মাজত এক শ্ৰেণীৰ মধ্যভোগী দালালে নিজৰ ব্যৱসায় চলাই গৈছে ৷ ইয়াৰপৰাই আন্তঃৰাষ্ট্ৰীয় মছলা আৰু ভেষজ ঔষধৰ বজাৰখনৰো পৰিসৰ বহল হৈ গৈ আছে ৷ কিন্তু বিদেশলৈ এই সামগ্ৰীসমূহ পোনপটীয়াকৈ পঠোৱা নহয় , নিষ্কাশন কৰিহে পঠোৱা হয় ৷

খাৰি বাউলিৰ দৰে এখন বজাৰ থকাৰ পাছতো অসমৰ দৰে ভেষজ ঔষধিৰ চহকী ৰাজ্যই ইয়াৰ সুবিধা গ্ৰহণ কৰিব পৰা নাই ৷ কাৰণ অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনত ভেষজ উদ্ভিদৰ ব্যৱহাৰ তেনেই সীমিত বাবে এক সু-সংগঠিত বজাৰ গঢ়ি উঠা নাই ৷ বৰ্তমান এই ক্ষেত্ৰত কিছু পৰিমাণে বিভিন্ন প্ৰতিষ্ঠান আগবাঢ়ি আহিছে যদিও সেয়া নগন্য বুলিব পাৰি৷ ইয়াৰ বাবে চৰকাৰ তথা জনসাধাৰণ নিজেই আগবাঢ়ি আহিব লাগিব ৷

Published by jyotsnasonowal

ফিনিক্স পখীৰ দৰে

2 thoughts on “খাৰি বাউলি

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: